--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বেহনাজ গিলে শেহতীয়াকৈ ইউটিউবত তেওঁৰ নতুন আড্ডা শ্ব’ আৰম্ভ কৰিছে, য’ত ৰাজকুমাৰ ৰাও আৰু আয়ুষ্মান খুৰানা এই দুজন অতিথি এই পৰ্যন্ত আহিছে। আয়ুষ্মানৰ সৈতে হোৱা এই খণ্ডটো শেহতীয়াকৈ লাইভ হৈছে, যাৰ এটা অংশ ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। এই শিতানত প্ৰথমবাৰৰ বাবে মৃত প্ৰেমিক সিদ্ধাৰ্থ শুক্লাক মনত পেলাই শ্বেহনাজে কেমেৰাৰ সন্মুখত কান্দিবলৈ ধৰিলে। শ্বেহনাজে লগতে কয় যে তেওঁ কিয় ৰাজহুৱাভাৱে সিদ্ধাৰ্থ শুক্লাৰ কথা ক'বলৈ ভয় কৰে আৰু কি বস্তুৱে তেওঁক তেনে কৰাত বাধা দিয়ে।
Shehnaaz Gill sings 'tu itna zaroori kaise hua' from Kabir Singh, emotional  fans miss Sidharth Shukla | WATCH | Celebrities News – India TV
সিদ্ধাৰ্থক স্মৰণ কৰি প্ৰথমবাৰৰ বাবে কান্দিলে শ্বেহনাজে!

কিছুদিন আগতে শ্বেহনাজৰ টক শ্ব’ৰ দ্বিতীয় খণ্ডটো ইউটিউবত লাইভ হৈছিল য’ত শ্বেহনাজে আয়ুষ্মান খুৰানাৰ সাক্ষাৎকাৰ লৈছিল। এই সাক্ষাৎকাৰৰ সময়ত এটা খণ্ডত শ্বেহনাজ আৰু আয়ুষ্মানে অভিনেতা-অভিনেত্ৰীসকলে নিজৰ আৱেগক কেনেকৈ নিয়ন্ত্ৰণত ৰাখে সেই বিষয়ে কথা পাতি আছিল। ইয়াত শ্বেহনাজে কৈছিল যে তেওঁৰ জীৱনতো অতি আৱেগিক কিবা এটা ঘটিছিল, কিন্তু তেওঁ সেই বিষয়ে কাকো নকয়, তেওঁ সকলো নিজৰ ভিতৰতে ৰাখে।
Big Boss Fame Actor Siddharth Shukla Support Shehnaaz Gill Days Before Death
এই কথা পাতি থাকোঁতে হঠাৎ শ্বেহনাজৰ চকু দুটা চকুলোৰে ভৰি পৰিল আৰু তেওঁৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। শ্বেহনাজে হঠাতে এনেদৰে কান্দি দিয়াত নিজে স্তম্ভিত হৈ পৰিছিল আৰু সোনকালে কেমেৰাত টিছু বিচাৰি শ্ব’টো আগুৱাই লৈ গৈছিল।

শ্বেহনাজ গিলে কিয় ৰাজহুৱা স্থানত সিদ্ধাৰ্থৰ কথা নকয়?

এই সাক্ষাৎকাৰত আয়ুষ্মানৰ সৈতে কথা পাতি থকা সময়ত শ্বাহনাজ গিলে কয় যে তেওঁ নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখে কাৰণ ছ’চিয়েল মিডিয়াৰ এই জগতখনত ট্ৰলিং কৰাটো অতি সাধাৰণ কথা। শ্বেহনাজে কয় যে সিদ্ধাৰ্থ শুক্লাৰ বিদায়ৰ পাছত তেওঁ কেতিয়াও ৰাজহুৱা স্থানত তেওঁৰ কথা কোৱা নাই কাৰণ মানুহে তেওঁক জাজ কৰে আৰু তাতোকৈ এখাপ আগবাঢ়ি কয় যে শ্বেহনাজে কেৱল সহানুভূতি বিচাৰিহে সিদ্ধাৰ্থৰ কথা কৈছে।

কিছুদিন পূৰ্বে আন এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত শ্বাহনাজে বঁটা প্ৰদান অনুষ্ঠানলৈ গৈছিল য’ত তেওঁক বঁটাও দিয়া হৈছিল। এই বঁটা গ্ৰহণ ভাষণত প্ৰথমবাৰৰ বাবে শ্বাহনাজে সিদ্ধাৰ্থৰ নাম লৈ ধন্যবাদ জনায়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু