--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ দ্বাদশ শ্ৰেণীত পঢ়ি থকা এগৰাকী কন্যা ছাত্ৰীক এচিড আক্ৰমণৰ এক অতি ভয়ংকৰ আৰু চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ৰাজধানীৰ দ্বাৰকা ম'ড় অঞ্চলত এই ঘটনাৰ বলি হোৱা যুৱতীগৰাকীৰ অৱস্থা সংকটজনক হৈয়ে আছে। এইগৰাকী ছাত্ৰক দিল্লীৰ ছফদাৰজং হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে অভিযুক্ত ল’ৰা আৰু ভুক্তভোগী ছোৱালীজনী ইজনে সিজনৰ চিনাকি আছিল।

ভুক্তভোগী ছাত্ৰীগৰাকী বিদ্যালয়লৈ যোৱাৰ সময়ত অভিযুক্তই সংঘটিত কৰে এচিড আক্ৰমণৰ কাণ্ড। দ্বাৰকা মেট্ৰ’ ষ্টেচনৰ সমীপত এটা ল’ৰাই ছোৱালীজনীৰ মুখত এচিড নিক্ষেপ কৰে। আজি পুৱা প্ৰায় ৯ বজাত পোহৰলৈ অহা এই এচিড আক্ৰমণৰ মাষ্টাৰমাইণ্ড কোন? এনে প্রশ্ন জানিবলৈ দিল্লী আৰক্ষীৰ তদন্ত অব্যাহত আছে৷

জানিব পৰা মতে ভুক্তভোগী ছোৱালীজনীক লগে লগে ছফদাৰজং হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি ল’ৰা আৰু ছোৱালীয়ে ইজনে সিজনক চিনি পায়। দিল্লীৰ কন্যাৰ ওপৰত এই এচিড আক্ৰমণৰ খবৰে সমগ্ৰ চহৰখনতে আলোড়নৰ সৃষ্টি কৰিলে।

ইফালে ছাত্ৰীগৰাকী অৱস্থা জানিবলৈ দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে চিকিৎসালয়ত উপস্থিত হৈছে। ইফালে খবৰ আহি আছে যে দ্বাৰকা এচিড আক্ৰমণৰ এই গোচৰত ঘটনাৰ সময়ত ছোৱালীজনী সৰু ভনীয়েকৰ লগত আছিল। ছাত্ৰীগৰাকীয়ে চিনাকি ২জনৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে। এজন ব্যক্তিক জিম্মাত লোৱা হৈছে।

দিল্লীত এচিড আক্ৰমণৰ খবৰ বনৰীয়া জুইৰ দৰে বিয়পি পৰিল। এচিড আক্ৰমণৰ খবৰ অহাৰ লগে লগে আৰক্ষী প্ৰশাসনৰ কৰ্মচাৰীসকলে দোল খাই উঠিল। ইফালে, দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে এই ঘটনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

তেওঁৰ টুইটত তেওঁ লিখিছে, ‘আমাৰ দলটোৱে ভুক্তভোগীক সহায় কৰিবলৈ চিকিৎসালয়ত উপস্থিত হৈছে। কন্যাগৰাকীক আমি আমি ন্যায় দিম। দিল্লীৰ মহিলা আয়োগে দেশত এচিড নিষিদ্ধ কৰাৰ বাবে বছৰ বছৰ ধৰি যুঁজ দি আহিছে। চৰকাৰবোৰ কেতিয়া সাৰ পাব?'









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক