--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ দ্বাদশ শ্ৰেণীত পঢ়ি থকা এগৰাকী কন্যা ছাত্ৰীক এচিড আক্ৰমণৰ এক অতি ভয়ংকৰ আৰু চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ৰাজধানীৰ দ্বাৰকা ম'ড় অঞ্চলত এই ঘটনাৰ বলি হোৱা যুৱতীগৰাকীৰ অৱস্থা সংকটজনক হৈয়ে আছে। এইগৰাকী ছাত্ৰক দিল্লীৰ ছফদাৰজং হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে অভিযুক্ত ল’ৰা আৰু ভুক্তভোগী ছোৱালীজনী ইজনে সিজনৰ চিনাকি আছিল।

ভুক্তভোগী ছাত্ৰীগৰাকী বিদ্যালয়লৈ যোৱাৰ সময়ত অভিযুক্তই সংঘটিত কৰে এচিড আক্ৰমণৰ কাণ্ড। দ্বাৰকা মেট্ৰ’ ষ্টেচনৰ সমীপত এটা ল’ৰাই ছোৱালীজনীৰ মুখত এচিড নিক্ষেপ কৰে। আজি পুৱা প্ৰায় ৯ বজাত পোহৰলৈ অহা এই এচিড আক্ৰমণৰ মাষ্টাৰমাইণ্ড কোন? এনে প্রশ্ন জানিবলৈ দিল্লী আৰক্ষীৰ তদন্ত অব্যাহত আছে৷

জানিব পৰা মতে ভুক্তভোগী ছোৱালীজনীক লগে লগে ছফদাৰজং হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি ল’ৰা আৰু ছোৱালীয়ে ইজনে সিজনক চিনি পায়। দিল্লীৰ কন্যাৰ ওপৰত এই এচিড আক্ৰমণৰ খবৰে সমগ্ৰ চহৰখনতে আলোড়নৰ সৃষ্টি কৰিলে।

ইফালে ছাত্ৰীগৰাকী অৱস্থা জানিবলৈ দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে চিকিৎসালয়ত উপস্থিত হৈছে। ইফালে খবৰ আহি আছে যে দ্বাৰকা এচিড আক্ৰমণৰ এই গোচৰত ঘটনাৰ সময়ত ছোৱালীজনী সৰু ভনীয়েকৰ লগত আছিল। ছাত্ৰীগৰাকীয়ে চিনাকি ২জনৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে। এজন ব্যক্তিক জিম্মাত লোৱা হৈছে।

দিল্লীত এচিড আক্ৰমণৰ খবৰ বনৰীয়া জুইৰ দৰে বিয়পি পৰিল। এচিড আক্ৰমণৰ খবৰ অহাৰ লগে লগে আৰক্ষী প্ৰশাসনৰ কৰ্মচাৰীসকলে দোল খাই উঠিল। ইফালে, দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে এই ঘটনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

তেওঁৰ টুইটত তেওঁ লিখিছে, ‘আমাৰ দলটোৱে ভুক্তভোগীক সহায় কৰিবলৈ চিকিৎসালয়ত উপস্থিত হৈছে। কন্যাগৰাকীক আমি আমি ন্যায় দিম। দিল্লীৰ মহিলা আয়োগে দেশত এচিড নিষিদ্ধ কৰাৰ বাবে বছৰ বছৰ ধৰি যুঁজ দি আহিছে। চৰকাৰবোৰ কেতিয়া সাৰ পাব?'









FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু