--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ জিকাৰ পাছতে লিঅ’নেল মেছিক কাটাৰৰ ৰজাই এখন বিশেষ বস্ত্ৰ পিন্ধাই সন্মান জনাইছিল। সেই বস্ত্ৰখনিক স্থানীয় ভাষাত 'বিস্ত’ নামেৰে জনা যায়। এই বিস্ত পৰিধান কৰিয়েই বিশ্বকাপৰ ট্ৰফী হাতত তুলিছিল মেছিয়ে।

বিস্তখনক লৈ বিতৰ্কও হৈছিল। এইবাৰ এজন আইনজীৱীয়ে মেছিয়ে পৰিধান কৰা বিস্তখন ক্ৰয় কৰিব বিচাৰিছে। আহমেদ আল বাৰোৱানী নামৰ আইনজীৱীগৰাকীয়ে টুইটাৰত এটা পোষ্টৰ দ্বাৰা জনাইছে তেওঁ ১০ লাখ ডলাৰত বিস্তখন ক্ৰয় কৰিব বিচাৰে। ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ হ’ব ৮ কোটি ২৬ লাখ টকা।

নিজৰ ব্যক্তিগত সংগ্ৰহালয়ত সজাই ৰাখিবলৈকে তেওঁ বিস্তখন ক্ৰয় কৰিব বিচাৰে। অৱশ্যে মেছিৰ তৰফৰ পৰা এতিয়ালৈকে ইয়াৰ কোনো প্ৰত্যুত্তৰ দিয়া হোৱা নাই।

উল্লেখ্য যে ৰাজা শ্বেখ তামিম বিন হামাদ আল থানিয়ে মেছিক পিন্ধোওৱা বিস্তখন আৰৱৰ দেশসমূহৰ এটা ঐতিহ্যবাহী অভিজাত পোছাক। ঊলেৰে তৈয়াৰী বিস্তখন পুৰুষসকলে পৰিধান কৰে। ফাৰ্চি ভাষাৰ পৰা বিস্ত শব্দটো আহিছে

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক