--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহি আছে কিলিয়ান এমবাপে বনাম আৰ্লিং হালাণ্ডৰ যুঁজ। মেছি-ৰোণাল্ডোৰ দীৰ্ঘদিনীয়া প্ৰতিদ্বন্দিতাৰ অন্তত এইবাৰ দেখা যাব পাৰে এমবাপে-হালাণ্ডৰ যুঁজ!

২০১৮ চনৰ ৰাছিয়া বিশ্বকাপ আৰু শেহতীয়া কাটাৰ বিশ্বকাপত দূৰ্দান্ত খেলা প্ৰদৰ্শন কৰা কিলিয়ান এমবাপেক ফুটবলৰ নতুন মহাতাৰকা হিচাপে আখ্যা দিয়া হৈছে। কোৱা হৈছে যে মেছি-ৰোণাল্ডোৰ পাছত এমবাপেই নতুন যুগৰ আৰম্ভণি ঘটাইছে।

কিন্তু এমবাপে শ্ৰেষ্ঠতাৰ ক্ষেত্ৰত যুঁজ দিব লগা হ’ব পাৰে হালাণ্ডৰ স’তে। শেহতীয়া বিশ্বকাপত হালাণ্ডক দেখা পোৱা নগ’ল। হালাণ্ড এগৰাকী নৰৱে’ৰ খেলুৱৈ। কিন্তু বিশ্বকাপৰ বাবে নৰৱে’ কুৱালিফাই নোহোৱা বাবে দেখা নগ’ল হালাণ্ডক।

ইংলিছ প্ৰিমিয়াৰ লীগৰ মানচেষ্টাৰ চিটিৰ হৈ খেলে ২২ বৰ্ষীয় হালাণ্ডে। শেহতীয়াকৈ তেওঁ ক্লাবটোৰ স’তে ১৫ কোটি ইউৰোত যুক্তিবদ্ধ হৈছে। ভাৰতীয় মূল্য অনুসৰি মানচেষ্টাৰ চিটিৰ পৰা হালাণ্ডে ১,২৫২ কোটি টকা লাভ কৰিছে।

ফুটবল অনুৰাগীসকলে লক্ষ্য কৰিছে যে দীৰ্ঘদেহী ষ্ট্ৰাইকাৰগৰাকী পেনাল্টি বক্সৰ ভিতৰত আৰু বাহিৰত অদম্য শৈলী প্ৰদৰ্শন কৰে। হালাণ্ডৰ ক্ষীপ্ৰতা, গতি আৰু দূৰ্দান্ত শ্বটত মোহিত অনুৰাগীসকল। সতীৰ্থক এছিষ্ট দিয়াতো পাকৈত হালাণ্ড।

ক্লাব ফুটবলত হালাণ্ডে অবিশ্বাস্য ৰেকৰ্ডো গঢ়িবলৈ সক্ষম হৈছে। মানচেষ্টাৰ চিটিৰ হৈ এইপৰ্যন্ত ১৭ খন মেচত হালাণ্ডে কৰিছে ২৩ টাকৈ গ’ল। ইয়াৰ পূৰ্বে তেওঁ খেলিছিল জাৰ্মানীৰ বৰুছিয়া ডৰ্টমুণ্ডৰ হৈ। ৪ বছৰীয়া চুক্তি আছিল ক্লাবটোৰ হৈ। বৰুছিয়া ডৰ্টমুণ্ডৰ হৈ খেলা প্ৰথমখন মেচতে হেট্ৰিক অৰ্জন কৰিছিল তেওঁ। ক্লাবটোৰ হৈ ৬৭ খন মেচত ৬২টাকৈ গ’ল কৰিছিল হালাণ্ডে।

উল্লেখ্য যে এতিয়ালৈকে তিনিবাৰহে বিশ্বকাপ খেলাৰ যোগ্যতা অৰ্জন কৰিছে স্কাণ্ডানেভিয়ান দেশ নৰৱে’ই। ১৯৩৪, ১৯৯৪ আৰু ১৯৯৮ চনৰ বিশ্বকাপ খেলিছি দেশখনে। ১৯৯৮ চনত প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ পৰ্যায়লৈকে উপনীত হ’ব পাৰিছিল নৰৱে’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক