--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহি আছে কিলিয়ান এমবাপে বনাম আৰ্লিং হালাণ্ডৰ যুঁজ। মেছি-ৰোণাল্ডোৰ দীৰ্ঘদিনীয়া প্ৰতিদ্বন্দিতাৰ অন্তত এইবাৰ দেখা যাব পাৰে এমবাপে-হালাণ্ডৰ যুঁজ!

২০১৮ চনৰ ৰাছিয়া বিশ্বকাপ আৰু শেহতীয়া কাটাৰ বিশ্বকাপত দূৰ্দান্ত খেলা প্ৰদৰ্শন কৰা কিলিয়ান এমবাপেক ফুটবলৰ নতুন মহাতাৰকা হিচাপে আখ্যা দিয়া হৈছে। কোৱা হৈছে যে মেছি-ৰোণাল্ডোৰ পাছত এমবাপেই নতুন যুগৰ আৰম্ভণি ঘটাইছে।

কিন্তু এমবাপে শ্ৰেষ্ঠতাৰ ক্ষেত্ৰত যুঁজ দিব লগা হ’ব পাৰে হালাণ্ডৰ স’তে। শেহতীয়া বিশ্বকাপত হালাণ্ডক দেখা পোৱা নগ’ল। হালাণ্ড এগৰাকী নৰৱে’ৰ খেলুৱৈ। কিন্তু বিশ্বকাপৰ বাবে নৰৱে’ কুৱালিফাই নোহোৱা বাবে দেখা নগ’ল হালাণ্ডক।

ইংলিছ প্ৰিমিয়াৰ লীগৰ মানচেষ্টাৰ চিটিৰ হৈ খেলে ২২ বৰ্ষীয় হালাণ্ডে। শেহতীয়াকৈ তেওঁ ক্লাবটোৰ স’তে ১৫ কোটি ইউৰোত যুক্তিবদ্ধ হৈছে। ভাৰতীয় মূল্য অনুসৰি মানচেষ্টাৰ চিটিৰ পৰা হালাণ্ডে ১,২৫২ কোটি টকা লাভ কৰিছে।

ফুটবল অনুৰাগীসকলে লক্ষ্য কৰিছে যে দীৰ্ঘদেহী ষ্ট্ৰাইকাৰগৰাকী পেনাল্টি বক্সৰ ভিতৰত আৰু বাহিৰত অদম্য শৈলী প্ৰদৰ্শন কৰে। হালাণ্ডৰ ক্ষীপ্ৰতা, গতি আৰু দূৰ্দান্ত শ্বটত মোহিত অনুৰাগীসকল। সতীৰ্থক এছিষ্ট দিয়াতো পাকৈত হালাণ্ড।

ক্লাব ফুটবলত হালাণ্ডে অবিশ্বাস্য ৰেকৰ্ডো গঢ়িবলৈ সক্ষম হৈছে। মানচেষ্টাৰ চিটিৰ হৈ এইপৰ্যন্ত ১৭ খন মেচত হালাণ্ডে কৰিছে ২৩ টাকৈ গ’ল। ইয়াৰ পূৰ্বে তেওঁ খেলিছিল জাৰ্মানীৰ বৰুছিয়া ডৰ্টমুণ্ডৰ হৈ। ৪ বছৰীয়া চুক্তি আছিল ক্লাবটোৰ হৈ। বৰুছিয়া ডৰ্টমুণ্ডৰ হৈ খেলা প্ৰথমখন মেচতে হেট্ৰিক অৰ্জন কৰিছিল তেওঁ। ক্লাবটোৰ হৈ ৬৭ খন মেচত ৬২টাকৈ গ’ল কৰিছিল হালাণ্ডে।

উল্লেখ্য যে এতিয়ালৈকে তিনিবাৰহে বিশ্বকাপ খেলাৰ যোগ্যতা অৰ্জন কৰিছে স্কাণ্ডানেভিয়ান দেশ নৰৱে’ই। ১৯৩৪, ১৯৯৪ আৰু ১৯৯৮ চনৰ বিশ্বকাপ খেলিছি দেশখনে। ১৯৯৮ চনত প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ পৰ্যায়লৈকে উপনীত হ’ব পাৰিছিল নৰৱে’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু