--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্পন্ন হ’ল আইপিএলৰ নিলাম পৰ্ব। কোটি কোটি টকাৰ নিলামত উঠিল কেইবাজনো তাৰকা ক্ৰিকেটাৰ। এইবাৰৰ আইপিএলৰ নিলামত মুঠ ৪০৫ জন ক্ৰিকেটাৰৰ নাম আছিল। তাৰমাজত ২৭৩ জন ভাৰতীয় আৰু ১৩২ জন বিদেশী ক্ৰিকেটাৰ আছিল। ইয়াৰ ভিতৰত মুঠ ৮০ জন ক্ৰিকেটাৰৰ নিলাম হৈ যায়। খৰচ হয় মুঠ ১৬৭ কোটি টকা।

রেকর্ড দামে পছন্দের ক্রিকেটারদের কিনে আগামী আইপিএলের জন্য দল সাজিয়ে নিয়েছে ফ্র্যাঞ্চাইজিগুলি। নিলাম শেষে কোন দলে কারা হলেন সবচেয়ে মূল্যবান? রইল ১০টি ফ্র্যাঞ্চাইজির সবচেয়ে দামি ৩ ক্রিকেটারের হদিস।

অভিলেখসংখ্যক দামত পচন্দৰ ক্ৰিকেটাৰসকলক ক্ৰয় কৰিলে ফ্ৰেঞ্চাইজিসমূহে। চাও আহক সৰ্বাধিক দৰ লাভ কৰা ক্ৰিকেটাৰসকলৰ বিষয়ে।

কলকাতা নাইট ৰাইডাৰ্ছৰ আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ল ৱেষ্ট ইণ্ডিজৰ আন্দ্ৰে ৰাছেল। তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে লাভ কৰিছে ১৬ কোটি টকা। ১২ কোটি টকা ২৫ লাখ টকাত ক্ৰয় কৰা হৈছে টীম ইণ্ডিয়াৰ বেটাৰ শ্ৰেয়ছ আয়াৰক। স্পীনাৰ বৰুণ চক্ৰৱৰ্তীক ক্ৰয় কৰা হৈছে ১২ কোটি টকাত।

চেন্নাই ছুপাৰ কিংছৰ আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰগণিত হৈছে ইংলেণ্ডৰ বেন ষ্টোকছ। তাৰকা অলৰাউণ্ডাৰগৰাকীক ১৬ কোটি ২৫ লাখ টকাত ক্ৰয় কৰা হৈছে। ৰবীন্দ্ৰ জাডেজাই লাভ কৰিছে ১৬ কোটি টকা। আনহাতে, দীপক চাহাৰে লাভ কৰিছে ১৪ কোটি টকা।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ বিৰাট কোহলীয়ে লাভ কৰিছে ১৫ কোটি টকা। গ্লেন মেক্সৱেলে ১১ কোটি টকা লাভ কৰাৰ বিপৰীতে হৰ্ষল পেটেলে লাভ কৰিছে ১০ কোটি টকা।

মুম্বাই ইণ্ডিয়ানছৰ আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়াৰ তৰুণ ক্ৰিকেটাৰ কেমেৰুণ গ্ৰীণ। তেওঁ লাভ কৰিছে ১৭ কোটি ৫০ লাখ টকা। অধিনায়ক ৰোহিত শৰ্মাই লাভ কৰিছে ১৬ কোটি টকা। আনহাতে, উইকেটৰক্ষক বেটাৰ ঈশান কিশানে লাভ কৰিছে ১৫ কোটি ২৫ লাখ টকা।

চানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আটাইতকৈ বেছি দৰ লাভ কৰিছে ইংলেণ্ডৰ হেৰী ব্ৰুকে। ব্ৰুকে লাভ কৰিছে ১৩ কোটি ২৫ লাখ টকা। ৱাশ্চিংটন সুন্দৰে ৮ কোটি ৭৫ লাখ টকা আৰু ৰাহুল ত্ৰিপাঠিয়ে লাভ কৰিছে ৮ কোটি টকা।

পাঞ্জাৱ কিংছ ইলেভেনত এইবাৰৰ আইপিএলৰ আটাইতকৈ দামী ক্ৰিকেটাৰগৰাকী আছে। তেওঁ হ’ল ইংলেণ্ডৰ অলৰাউণ্ডাৰ চাম কুৰাণ। ২৪ বছৰীয়া তাৰকাগৰাকীয়ে লাভ কৰিছে ১৮ কোটি ৫০ লাখ টকা। ইংলেণ্ডৰ লিয়াম লিভিংষ্টোনে লাভ কৰিছে ১১ কোটি ৫০ লাখ টকা। আনহাতে দক্ষিণ আফ্ৰিকাৰ ফাষ্ট বলাৰ কাগিছ’ ৰাবাডাই লাভ কৰিছে ৯ কোটি ২৫ লাখ টকা।


দিল্লী কেপিটেলছৰ এই বছৰৰ আটাইতকৈ দামী তাৰকা হিচাপে পৰিগণিত হৈছে ঋষভ পণ্ট। টীম ইণ্ডিয়াৰ তাৰকাগৰাকীয়ে লাভ কৰিছে ১৬ কোটি। অক্ষৰ পেটেলে ১২ কোটি আৰু পৃথ্বী শ্ব’ই লাভ কৰিছে ৮ কোটি টকা।

ৰাজস্থান ৰয়েলছৰ সঞ্জু চেমছনে লাভ কৰিছে ১৪ কোটি টকা। ইংলেণ্ডৰ জছ বাটলাৰে ১০ কোটি আৰু প্ৰসিদ্ধ কৃষ্ণই লাভ কৰিছে ১০ কোটি টকা।

লক্ষ্নৌ চুপাৰ জায়েণ্টছৰ কে এল ৰাহুলে লাভ কৰিছে ১৭ কোটি টকা। ৱেষ্ট ইণ্ডিজৰ উইকেট ৰক্ষক নিকোলাছ পুৰাণে ১৬ কোটি টকা লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ মাৰ্কুছ স্ট’ইনিছে লাভ কৰিছে ১০ কোটি টকা।

গুজৰাট টাইটানছৰ হাৰ্দিক পাণ্ডিয়াই লাভ কৰিছে ১৫ কোটি টকা। আফগান তাৰকা ৰছিদ খানে ১৫ কোটি আৰু ৰাহুল তেৱাটিয়াই লাভ কৰিছে ৯ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু