--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্পন্ন হ’ল আইপিএলৰ নিলাম পৰ্ব। কোটি কোটি টকাৰ নিলামত উঠিল কেইবাজনো তাৰকা ক্ৰিকেটাৰ। এইবাৰৰ আইপিএলৰ নিলামত মুঠ ৪০৫ জন ক্ৰিকেটাৰৰ নাম আছিল। তাৰমাজত ২৭৩ জন ভাৰতীয় আৰু ১৩২ জন বিদেশী ক্ৰিকেটাৰ আছিল। ইয়াৰ ভিতৰত মুঠ ৮০ জন ক্ৰিকেটাৰৰ নিলাম হৈ যায়। খৰচ হয় মুঠ ১৬৭ কোটি টকা।

রেকর্ড দামে পছন্দের ক্রিকেটারদের কিনে আগামী আইপিএলের জন্য দল সাজিয়ে নিয়েছে ফ্র্যাঞ্চাইজিগুলি। নিলাম শেষে কোন দলে কারা হলেন সবচেয়ে মূল্যবান? রইল ১০টি ফ্র্যাঞ্চাইজির সবচেয়ে দামি ৩ ক্রিকেটারের হদিস।

অভিলেখসংখ্যক দামত পচন্দৰ ক্ৰিকেটাৰসকলক ক্ৰয় কৰিলে ফ্ৰেঞ্চাইজিসমূহে। চাও আহক সৰ্বাধিক দৰ লাভ কৰা ক্ৰিকেটাৰসকলৰ বিষয়ে।

কলকাতা নাইট ৰাইডাৰ্ছৰ আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ল ৱেষ্ট ইণ্ডিজৰ আন্দ্ৰে ৰাছেল। তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে লাভ কৰিছে ১৬ কোটি টকা। ১২ কোটি টকা ২৫ লাখ টকাত ক্ৰয় কৰা হৈছে টীম ইণ্ডিয়াৰ বেটাৰ শ্ৰেয়ছ আয়াৰক। স্পীনাৰ বৰুণ চক্ৰৱৰ্তীক ক্ৰয় কৰা হৈছে ১২ কোটি টকাত।

চেন্নাই ছুপাৰ কিংছৰ আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰগণিত হৈছে ইংলেণ্ডৰ বেন ষ্টোকছ। তাৰকা অলৰাউণ্ডাৰগৰাকীক ১৬ কোটি ২৫ লাখ টকাত ক্ৰয় কৰা হৈছে। ৰবীন্দ্ৰ জাডেজাই লাভ কৰিছে ১৬ কোটি টকা। আনহাতে, দীপক চাহাৰে লাভ কৰিছে ১৪ কোটি টকা।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ বিৰাট কোহলীয়ে লাভ কৰিছে ১৫ কোটি টকা। গ্লেন মেক্সৱেলে ১১ কোটি টকা লাভ কৰাৰ বিপৰীতে হৰ্ষল পেটেলে লাভ কৰিছে ১০ কোটি টকা।

মুম্বাই ইণ্ডিয়ানছৰ আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়াৰ তৰুণ ক্ৰিকেটাৰ কেমেৰুণ গ্ৰীণ। তেওঁ লাভ কৰিছে ১৭ কোটি ৫০ লাখ টকা। অধিনায়ক ৰোহিত শৰ্মাই লাভ কৰিছে ১৬ কোটি টকা। আনহাতে, উইকেটৰক্ষক বেটাৰ ঈশান কিশানে লাভ কৰিছে ১৫ কোটি ২৫ লাখ টকা।

চানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আটাইতকৈ বেছি দৰ লাভ কৰিছে ইংলেণ্ডৰ হেৰী ব্ৰুকে। ব্ৰুকে লাভ কৰিছে ১৩ কোটি ২৫ লাখ টকা। ৱাশ্চিংটন সুন্দৰে ৮ কোটি ৭৫ লাখ টকা আৰু ৰাহুল ত্ৰিপাঠিয়ে লাভ কৰিছে ৮ কোটি টকা।

পাঞ্জাৱ কিংছ ইলেভেনত এইবাৰৰ আইপিএলৰ আটাইতকৈ দামী ক্ৰিকেটাৰগৰাকী আছে। তেওঁ হ’ল ইংলেণ্ডৰ অলৰাউণ্ডাৰ চাম কুৰাণ। ২৪ বছৰীয়া তাৰকাগৰাকীয়ে লাভ কৰিছে ১৮ কোটি ৫০ লাখ টকা। ইংলেণ্ডৰ লিয়াম লিভিংষ্টোনে লাভ কৰিছে ১১ কোটি ৫০ লাখ টকা। আনহাতে দক্ষিণ আফ্ৰিকাৰ ফাষ্ট বলাৰ কাগিছ’ ৰাবাডাই লাভ কৰিছে ৯ কোটি ২৫ লাখ টকা।


দিল্লী কেপিটেলছৰ এই বছৰৰ আটাইতকৈ দামী তাৰকা হিচাপে পৰিগণিত হৈছে ঋষভ পণ্ট। টীম ইণ্ডিয়াৰ তাৰকাগৰাকীয়ে লাভ কৰিছে ১৬ কোটি। অক্ষৰ পেটেলে ১২ কোটি আৰু পৃথ্বী শ্ব’ই লাভ কৰিছে ৮ কোটি টকা।

ৰাজস্থান ৰয়েলছৰ সঞ্জু চেমছনে লাভ কৰিছে ১৪ কোটি টকা। ইংলেণ্ডৰ জছ বাটলাৰে ১০ কোটি আৰু প্ৰসিদ্ধ কৃষ্ণই লাভ কৰিছে ১০ কোটি টকা।

লক্ষ্নৌ চুপাৰ জায়েণ্টছৰ কে এল ৰাহুলে লাভ কৰিছে ১৭ কোটি টকা। ৱেষ্ট ইণ্ডিজৰ উইকেট ৰক্ষক নিকোলাছ পুৰাণে ১৬ কোটি টকা লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ মাৰ্কুছ স্ট’ইনিছে লাভ কৰিছে ১০ কোটি টকা।

গুজৰাট টাইটানছৰ হাৰ্দিক পাণ্ডিয়াই লাভ কৰিছে ১৫ কোটি টকা। আফগান তাৰকা ৰছিদ খানে ১৫ কোটি আৰু ৰাহুল তেৱাটিয়াই লাভ কৰিছে ৯ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক