--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলৰ বিবাহৰ সময়ত অনুৰাগীৰ উন্মাদনা তুংগত উঠে। বিয়াৰ আগতেই আলোচনা আৰম্ভ হয়। মঙলবাৰে মায়ানগৰীৰ জনপ্ৰিয় দম্পতী সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানীয়ে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিয়াৰ বাবে জয়ছালমেৰৰ সূৰ্য্যগড় প্ৰাসাদ বাছি লৈছিল ছিদ-কিয়াৰাই। কিন্তু এই জাক-জমকতাৰে ভৰা বিয়াখনৰ বাবে দম্পতীহালে কিমান টকা খৰচ কৰিছে?

জানিব পৰা মতে, সিদ্ধাৰ্থৰ সম্পত্তিৰ পৰিমাণ ১০০ কোটি টকা। আনহাতে, কিয়াৰাৰ সম্পত্তিৰ পৰিমাণ ২৫ কোটি টকা।  সিদ্ধাৰ্থই বলিউডত ১১ বছৰ কটালে। ছবিৰ বাহিৰেও তেওঁৰ উপাৰ্জন বিভিন্ন বিজ্ঞাপনৰ চুক্তি আৰু ইনষ্টাগ্ৰামৰ পৰা হয়।

আনহাতে, কিয়াৰাৰ সম্পত্তিৰ পৰিমাণ ২৫ কোটি। তেওঁ এটা ধনী পৰিয়ালৰ কন্যা। গতিকে ৰাজকীয় বিবাহ তেওঁলোকৰ বাবে কোনো সমস্যা নহয়।

সূত্ৰৰ পৰা জানিব পৰা মতে, ছিড-কিয়াৰাই তেওঁলোকৰ বিবাহৰ স্বত্ব দেশৰ অন্যতম আগশাৰীৰ অ’টিটি প্লেটফৰ্মক বিপুল পৰিমাণৰ বিনিময়ত বিক্ৰী কৰিছে। ফলত বিয়াৰ খৰচৰ অধিকাংশই এই ধনৰ পৰাই আহিব। ছিদ-কিয়াৰাৰ বিয়াত খৰচ হৈছে ৬ৰ পৰা ৮ কোটি টকা!

সূত্ৰ অনুস,ৰি সূৰ্যগড় পেলেচ এদিনৰ বাবে বুকিং কৰিবলৈকে খৰচ হয় প্ৰায় ২ কোটি টকা। ছিদ-কিয়াৰাৰ বিয়াৰ অনুষ্ঠান ৩ দিন। সেয়ে তেওঁলোকে কেৱল হোটেলখনৰ বাবেই খৰচ কৰিছে ৬ কোটি টকা। বাকী ব্যৱস্থাৰ ভিতৰত অতিথি, নিৰাপত্তাৰক্ষী ইত্যাদিৰ বাবে নৱবিবাহিত দম্পতীয়ে আৰু ২ কোটি টকা খৰচ কৰিছে।

কিন্তু ইয়াতো প্ৰশ্ন উত্থাপন হৈছে। এই তিনিদিনীয়া বিয়াখনত ছিদ আৰু কিয়াৰাৰ মাজত কোনে কিমান টকা খৰচ কৰিছে? শুনা যায় যে বিয়াৰ বেছিভাগ খৰচ সিদ্ধাৰ্থই কৰিছে। কিয়াৰাই প্রথমে আপত্তি কৰিছিল যদিও সিদ্ধাৰ্থই আওকাণ কৰিলে। কিন্তু আন এটা সূত্ৰই কয় যে বিয়াৰ সকলো খৰচ দুয়োৰে সমানে ভগাই লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement