--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলৰ বিবাহৰ সময়ত অনুৰাগীৰ উন্মাদনা তুংগত উঠে। বিয়াৰ আগতেই আলোচনা আৰম্ভ হয়। মঙলবাৰে মায়ানগৰীৰ জনপ্ৰিয় দম্পতী সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানীয়ে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিয়াৰ বাবে জয়ছালমেৰৰ সূৰ্য্যগড় প্ৰাসাদ বাছি লৈছিল ছিদ-কিয়াৰাই। কিন্তু এই জাক-জমকতাৰে ভৰা বিয়াখনৰ বাবে দম্পতীহালে কিমান টকা খৰচ কৰিছে?

জানিব পৰা মতে, সিদ্ধাৰ্থৰ সম্পত্তিৰ পৰিমাণ ১০০ কোটি টকা। আনহাতে, কিয়াৰাৰ সম্পত্তিৰ পৰিমাণ ২৫ কোটি টকা।  সিদ্ধাৰ্থই বলিউডত ১১ বছৰ কটালে। ছবিৰ বাহিৰেও তেওঁৰ উপাৰ্জন বিভিন্ন বিজ্ঞাপনৰ চুক্তি আৰু ইনষ্টাগ্ৰামৰ পৰা হয়।

আনহাতে, কিয়াৰাৰ সম্পত্তিৰ পৰিমাণ ২৫ কোটি। তেওঁ এটা ধনী পৰিয়ালৰ কন্যা। গতিকে ৰাজকীয় বিবাহ তেওঁলোকৰ বাবে কোনো সমস্যা নহয়।

সূত্ৰৰ পৰা জানিব পৰা মতে, ছিড-কিয়াৰাই তেওঁলোকৰ বিবাহৰ স্বত্ব দেশৰ অন্যতম আগশাৰীৰ অ’টিটি প্লেটফৰ্মক বিপুল পৰিমাণৰ বিনিময়ত বিক্ৰী কৰিছে। ফলত বিয়াৰ খৰচৰ অধিকাংশই এই ধনৰ পৰাই আহিব। ছিদ-কিয়াৰাৰ বিয়াত খৰচ হৈছে ৬ৰ পৰা ৮ কোটি টকা!

সূত্ৰ অনুস,ৰি সূৰ্যগড় পেলেচ এদিনৰ বাবে বুকিং কৰিবলৈকে খৰচ হয় প্ৰায় ২ কোটি টকা। ছিদ-কিয়াৰাৰ বিয়াৰ অনুষ্ঠান ৩ দিন। সেয়ে তেওঁলোকে কেৱল হোটেলখনৰ বাবেই খৰচ কৰিছে ৬ কোটি টকা। বাকী ব্যৱস্থাৰ ভিতৰত অতিথি, নিৰাপত্তাৰক্ষী ইত্যাদিৰ বাবে নৱবিবাহিত দম্পতীয়ে আৰু ২ কোটি টকা খৰচ কৰিছে।

কিন্তু ইয়াতো প্ৰশ্ন উত্থাপন হৈছে। এই তিনিদিনীয়া বিয়াখনত ছিদ আৰু কিয়াৰাৰ মাজত কোনে কিমান টকা খৰচ কৰিছে? শুনা যায় যে বিয়াৰ বেছিভাগ খৰচ সিদ্ধাৰ্থই কৰিছে। কিয়াৰাই প্রথমে আপত্তি কৰিছিল যদিও সিদ্ধাৰ্থই আওকাণ কৰিলে। কিন্তু আন এটা সূত্ৰই কয় যে বিয়াৰ সকলো খৰচ দুয়োৰে সমানে ভগাই লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়