--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৩ ফেব্ৰুৱাৰীত দেশজুৰি শুভমুক্তি হ'ল ডক্তৰ বেজবৰুৱা-২ ছবিখন৷ অসমৰ লগতে দেশৰ কেইবাখনো চহৰত একেলগে শুভমুক্তি দিয়া হ’ল ডক্তৰ বেজবৰুৱা-২। ৩ ফেব্ৰৱাৰীত অসমৰ ১৪২ খন পৰ্দা আৰু দেশৰ আঠটা ছবিঘৰত মুক্তি লাভ কৰিলে এ.এম টেলিভিছনৰ বেনাৰত নিৰ্মিত ব্লকবাষ্টাৰ অসমীয়া ছবি 'ডক্তৰ বেজবৰুৱা ২'

ইফালে বৰ্তমান সকলো ছবিগৃহতে ‘ডক্তৰ বেজবৰুৱা-২’ উপভোগ কৰিবলৈ টিকট বিচাৰি দৰ্শকৰ মাজত উৎকণ্ঠা। ছবিখনৰ প্ৰতি অভূতপূৰ্ব সঁহাৰিয়ে ছবিপ্ৰেমীসকলক আনন্দিত কৰি তুলিছে৷ ডক্টৰ বেজবৰুৱা চাবলৈ ছবিগৃহত দৰ্শকৰ দীঘলীয়া শাৰী। টিকট নাপায়ো ঘূৰিছে বহু দৰ্শক। কিন্তু বৰ্তমানেও অসমৰ বহু ঠাইত চিনেমহলৰ অভাৱ। এনে পৰিস্থিতিত সেইসমূহ ঠাইৰ মানুহখিনিয়ে কেনেকৈ উপভোগ কৰিব ‘ডক্তৰ বেজবৰুৱা-২’? এইসকল লোকৰ বাবে আশাৰ বতৰা আনিছে ডক্তৰ বেজবৰুৱা-২’ ছবিখনৰ প্ৰযোজক ড॰ সঞ্জীৱ নাৰায়ণে। 

যি সকলে "ডক্তৰ বেজবৰুৱা ২” চাম বুলি ভাৱি আছে কিন্তু ছবিগৃহ দূৰত অৱস্থিত হোৱাৰ বাবে যোৱাৰ কোনো যাতায়ত ব্যৱস্থা নাই তেতিয়া হ'লে আপোনাকে ২০ জন মানুহ একগোট হৈ এটা গ্রুপ বনাই লৈ স্থানীয় প্ৰাগ নিউজৰ সাংবাদিকৰ সৈতে যোগাযোগ কৰক। সাংবাদিক গৰাকীয়ে বিনামূলীয়াকৈ বাছৰ ব্যৱস্থা কৰি দিব।‌ বাছখনে আপোনালোকক কাষৰ ছবিগৃহত লৈ যাব আৰু পুনৰ ছবিখন শেষ হোৱাৰ পিছত ছবিগৃহৰ পৰা ঘৰলৈ নমাই থৈ যাব।  যাতায়তৰ বাবে এক টকাও দিব নালাগে।

উল্লেখযোগ্য যে  বিপুল সঁহাৰি প্ৰতি লক্ষ্য ৰাখি  এনে সিদ্ধান্ত গ্ৰহণ কৰিছে ছবিখনৰ প্ৰযোজক ড॰ সঞ্জীৱ নাৰায়ণ আৰু সহযোগী প্ৰয়োজক ডাঃ অক্ষতা নাৰায়ণে।  কাৰণ বহু ঠাইত চিত্ৰগৃহৰ অভাৱৰ বাবে বঞ্চিত হৈ ৰৈছে দৰ্শক। "ডক্তৰ বেজবৰুৱা ২”চাবলৈ আগ্ৰহী দৰ্শকসকলে কমেও ২০ জনীয়া এটা দল গঠন কৰিলে তেওঁলোকক নিকটবৰ্তী চিত্ৰগৃহলৈ অহা-যোৱাৰ বাবে বিনামূলীয়া বাছ প্ৰদান কৰা হ'ব।

"ডক্তৰ বেজবৰুৱা ২”চিত্ৰনাট্যকাৰ ৰাজদ্বীপেও এটি ফেচবুক পোষ্টেৰে উক্ত তথ্য শ্বেয়াৰ কৰিবলৈ অসমবাসীক অনুৰোধ কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু