--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৩ ফেব্ৰুৱাৰীত দেশজুৰি শুভমুক্তি হ'ল ডক্তৰ বেজবৰুৱা-২ ছবিখন৷ অসমৰ লগতে দেশৰ কেইবাখনো চহৰত একেলগে শুভমুক্তি দিয়া হ’ল ডক্তৰ বেজবৰুৱা-২। ৩ ফেব্ৰৱাৰীত অসমৰ ১৪২ খন পৰ্দা আৰু দেশৰ আঠটা ছবিঘৰত মুক্তি লাভ কৰিলে এ.এম টেলিভিছনৰ বেনাৰত নিৰ্মিত ব্লকবাষ্টাৰ অসমীয়া ছবি 'ডক্তৰ বেজবৰুৱা ২'

ইফালে বৰ্তমান সকলো ছবিগৃহতে ‘ডক্তৰ বেজবৰুৱা-২’ উপভোগ কৰিবলৈ টিকট বিচাৰি দৰ্শকৰ মাজত উৎকণ্ঠা। ছবিখনৰ প্ৰতি অভূতপূৰ্ব সঁহাৰিয়ে ছবিপ্ৰেমীসকলক আনন্দিত কৰি তুলিছে৷ ডক্টৰ বেজবৰুৱা চাবলৈ ছবিগৃহত দৰ্শকৰ দীঘলীয়া শাৰী। টিকট নাপায়ো ঘূৰিছে বহু দৰ্শক। কিন্তু বৰ্তমানেও অসমৰ বহু ঠাইত চিনেমহলৰ অভাৱ। এনে পৰিস্থিতিত সেইসমূহ ঠাইৰ মানুহখিনিয়ে কেনেকৈ উপভোগ কৰিব ‘ডক্তৰ বেজবৰুৱা-২’? এইসকল লোকৰ বাবে আশাৰ বতৰা আনিছে ডক্তৰ বেজবৰুৱা-২’ ছবিখনৰ প্ৰযোজক ড॰ সঞ্জীৱ নাৰায়ণে। 

যি সকলে "ডক্তৰ বেজবৰুৱা ২” চাম বুলি ভাৱি আছে কিন্তু ছবিগৃহ দূৰত অৱস্থিত হোৱাৰ বাবে যোৱাৰ কোনো যাতায়ত ব্যৱস্থা নাই তেতিয়া হ'লে আপোনাকে ২০ জন মানুহ একগোট হৈ এটা গ্রুপ বনাই লৈ স্থানীয় প্ৰাগ নিউজৰ সাংবাদিকৰ সৈতে যোগাযোগ কৰক। সাংবাদিক গৰাকীয়ে বিনামূলীয়াকৈ বাছৰ ব্যৱস্থা কৰি দিব।‌ বাছখনে আপোনালোকক কাষৰ ছবিগৃহত লৈ যাব আৰু পুনৰ ছবিখন শেষ হোৱাৰ পিছত ছবিগৃহৰ পৰা ঘৰলৈ নমাই থৈ যাব।  যাতায়তৰ বাবে এক টকাও দিব নালাগে।

উল্লেখযোগ্য যে  বিপুল সঁহাৰি প্ৰতি লক্ষ্য ৰাখি  এনে সিদ্ধান্ত গ্ৰহণ কৰিছে ছবিখনৰ প্ৰযোজক ড॰ সঞ্জীৱ নাৰায়ণ আৰু সহযোগী প্ৰয়োজক ডাঃ অক্ষতা নাৰায়ণে।  কাৰণ বহু ঠাইত চিত্ৰগৃহৰ অভাৱৰ বাবে বঞ্চিত হৈ ৰৈছে দৰ্শক। "ডক্তৰ বেজবৰুৱা ২”চাবলৈ আগ্ৰহী দৰ্শকসকলে কমেও ২০ জনীয়া এটা দল গঠন কৰিলে তেওঁলোকক নিকটবৰ্তী চিত্ৰগৃহলৈ অহা-যোৱাৰ বাবে বিনামূলীয়া বাছ প্ৰদান কৰা হ'ব।

"ডক্তৰ বেজবৰুৱা ২”চিত্ৰনাট্যকাৰ ৰাজদ্বীপেও এটি ফেচবুক পোষ্টেৰে উক্ত তথ্য শ্বেয়াৰ কৰিবলৈ অসমবাসীক অনুৰোধ কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement