--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী অৰুণা ইৰাণী তেওঁৰ প্ৰেমৰ বাবে প্ৰায়ে চৰ্চাত আছিল। কেতিয়াবা বিবাহিত পুৰুষৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক, আন কেতিয়াবা বিবাহিত পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাকে ধৰি বহুবাৰ চৰ্চিত প্ৰেম কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। কিন্তু তেওঁ কেতিয়াও এইসমূহক লৈ মুখ মেলা নাছিল। কিন্তু শেহতীয়াকৈ এক সাক্ষাৎকাৰত অৰুণাই সকলো খোলা-মেলাকৈ নিজৰ অনুভৱ প্ৰকাশ কৰিছে।

এটা সাক্ষাৎকাৰত তেওঁ কয়- "বিবাহিত পুৰুষৰ যেতিয়া প্ৰেমৰ সম্পৰ্ক থাকে, তেতিয়া তেওঁৰ পত্নীয়ে সদায় আনগৰাকী মহিলাক দোষাৰোপ কৰে। যেন সেই মহিলাগৰাকীৰ বাবেই সি নিজৰ পৰিয়ালটো ভাঙি পেলাইছে!’’

অৰুণাৰ মতে পত্নীক সুখী কৰি ৰখাটো স্বামীৰ কৰ্তব্য। সেয়ে বাহিৰৰ যিকোনো মহিলাৰ সৈতে সম্পৰ্কৰ বিষয়ে স্বামীক পোনপটীয়াকৈ প্ৰশ্ন কৰা উচিত।

অৰুনাই এইদৰে বিবাহ বহিৰ্ভূত সম্পৰ্কক লৈ মন্তব্য কৰাক লৈ বলিউডত চৰ্চা চলিবলৈ আৰম্ভ কৰিছে। অৰুণাই প্ৰথম অভিনয় কৰিছিল ১৯৬১ চনত ‘গংগা যমুনা’ ​​ছবিত। হিন্দী, কানাড়া, গুজৰাটী আৰু মাৰাঠী ভাষাৰ ৫০০ৰো অধিক ছবিত অভিনয় কৰিছে।

কমেডিয়ান মেহমুদৰ সৈতে অৰুণাই বহু ছবিত কাম কৰিছে। পাছত প্ৰেমো হৈছিল। কৰ্মৰ যোগেদি অভিনেত্ৰীগৰাকীয়ে মেহমুদক লগ পাইছিল যদিও সেই বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হৈছিল।

কিন্তু মেহমুদ বিবাহিত আছিল। অৰুণা আৰু মেহমুদৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে বলিউডত চৰ্চা আৰম্ভ হয়। অৱশ্যে মেহমুদৰ সৈতে অৰুণাৰ সম্পৰ্ক বেছি দিন নাথাকিল।

মেহমুদৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত ১৯৯০ চনত পৰিচালক কুকু কোহলীক বিয়া কৰায় অৰুণাই। সেই সময়ত কুকুও বিবাহিত আছিল। কুকুৰ লগত বিবাহিত হ’লেও এই বিবাহৰ পৰা অৰুণাৰ কোনো সন্তান জন্ম নাছিল। বিয়াৰ পিছত অৰুণাই তোলনীয়া সন্তান গ্ৰহণ কৰিছিল।

শেহতীয়া সাক্ষাৎকাৰটোত অৰুনাই নিজৰ কেৰিয়াৰৰ বিষয়ে বহু কথা কৈছিল। তেওঁ কয় যে এটা সময়ত তেওঁ উদ্যোগটোত কোনো কাম নাপাইছিল। কিন্তু মেহমুদে তেওঁক সহায়ৰ হাত আগবঢ়াই দিছিল। মেহমুদে ‘বম্বে টু গোৱা’ ছবিখনত অৰুণাক অভিনয় কৰিবলৈ সুযোগ দিছিল।

অৰুণাৰ দাবী যে তেওঁৰ সফলতাৰ আঁৰত আছে মেহমুদ। তেওঁ অৰুণাৰ জীৱনলৈ এনে এক পৰিৱৰ্তন আনিছিল যে অভিনেত্ৰীগৰাকীয়ে অনুভৱ কৰিবলৈ ধৰিলে যে মেহমুদক তেওঁৰ জীৱনত ভগৱানে দূত হিচাপে পঠিয়াইছে।

অৰুণাই ক'লে, "মই কেতিয়া মেহমুদৰ প্ৰেমত পৰিছিলো মই বুজি পোৱা নাছিলো। মই জানিছিলোঁ যে তেওঁৰ বিয়া হৈছে। মইও বুজিলোঁ যে আমি কেতিয়াও বিয়া হ’ব নোৱাৰিম। গতিকে আমাৰ সম্পৰ্ক বহু দূৰলৈ যোৱা নাছিল। মোৰ জীৱনত তেওঁ বন্ধুতকৈও বেছি আছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক