--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী অৰুণা ইৰাণী তেওঁৰ প্ৰেমৰ বাবে প্ৰায়ে চৰ্চাত আছিল। কেতিয়াবা বিবাহিত পুৰুষৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক, আন কেতিয়াবা বিবাহিত পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাকে ধৰি বহুবাৰ চৰ্চিত প্ৰেম কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। কিন্তু তেওঁ কেতিয়াও এইসমূহক লৈ মুখ মেলা নাছিল। কিন্তু শেহতীয়াকৈ এক সাক্ষাৎকাৰত অৰুণাই সকলো খোলা-মেলাকৈ নিজৰ অনুভৱ প্ৰকাশ কৰিছে।

এটা সাক্ষাৎকাৰত তেওঁ কয়- "বিবাহিত পুৰুষৰ যেতিয়া প্ৰেমৰ সম্পৰ্ক থাকে, তেতিয়া তেওঁৰ পত্নীয়ে সদায় আনগৰাকী মহিলাক দোষাৰোপ কৰে। যেন সেই মহিলাগৰাকীৰ বাবেই সি নিজৰ পৰিয়ালটো ভাঙি পেলাইছে!’’

অৰুণাৰ মতে পত্নীক সুখী কৰি ৰখাটো স্বামীৰ কৰ্তব্য। সেয়ে বাহিৰৰ যিকোনো মহিলাৰ সৈতে সম্পৰ্কৰ বিষয়ে স্বামীক পোনপটীয়াকৈ প্ৰশ্ন কৰা উচিত।

অৰুনাই এইদৰে বিবাহ বহিৰ্ভূত সম্পৰ্কক লৈ মন্তব্য কৰাক লৈ বলিউডত চৰ্চা চলিবলৈ আৰম্ভ কৰিছে। অৰুণাই প্ৰথম অভিনয় কৰিছিল ১৯৬১ চনত ‘গংগা যমুনা’ ​​ছবিত। হিন্দী, কানাড়া, গুজৰাটী আৰু মাৰাঠী ভাষাৰ ৫০০ৰো অধিক ছবিত অভিনয় কৰিছে।

কমেডিয়ান মেহমুদৰ সৈতে অৰুণাই বহু ছবিত কাম কৰিছে। পাছত প্ৰেমো হৈছিল। কৰ্মৰ যোগেদি অভিনেত্ৰীগৰাকীয়ে মেহমুদক লগ পাইছিল যদিও সেই বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হৈছিল।

কিন্তু মেহমুদ বিবাহিত আছিল। অৰুণা আৰু মেহমুদৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে বলিউডত চৰ্চা আৰম্ভ হয়। অৱশ্যে মেহমুদৰ সৈতে অৰুণাৰ সম্পৰ্ক বেছি দিন নাথাকিল।

মেহমুদৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত ১৯৯০ চনত পৰিচালক কুকু কোহলীক বিয়া কৰায় অৰুণাই। সেই সময়ত কুকুও বিবাহিত আছিল। কুকুৰ লগত বিবাহিত হ’লেও এই বিবাহৰ পৰা অৰুণাৰ কোনো সন্তান জন্ম নাছিল। বিয়াৰ পিছত অৰুণাই তোলনীয়া সন্তান গ্ৰহণ কৰিছিল।

শেহতীয়া সাক্ষাৎকাৰটোত অৰুনাই নিজৰ কেৰিয়াৰৰ বিষয়ে বহু কথা কৈছিল। তেওঁ কয় যে এটা সময়ত তেওঁ উদ্যোগটোত কোনো কাম নাপাইছিল। কিন্তু মেহমুদে তেওঁক সহায়ৰ হাত আগবঢ়াই দিছিল। মেহমুদে ‘বম্বে টু গোৱা’ ছবিখনত অৰুণাক অভিনয় কৰিবলৈ সুযোগ দিছিল।

অৰুণাৰ দাবী যে তেওঁৰ সফলতাৰ আঁৰত আছে মেহমুদ। তেওঁ অৰুণাৰ জীৱনলৈ এনে এক পৰিৱৰ্তন আনিছিল যে অভিনেত্ৰীগৰাকীয়ে অনুভৱ কৰিবলৈ ধৰিলে যে মেহমুদক তেওঁৰ জীৱনত ভগৱানে দূত হিচাপে পঠিয়াইছে।

অৰুণাই ক'লে, "মই কেতিয়া মেহমুদৰ প্ৰেমত পৰিছিলো মই বুজি পোৱা নাছিলো। মই জানিছিলোঁ যে তেওঁৰ বিয়া হৈছে। মইও বুজিলোঁ যে আমি কেতিয়াও বিয়া হ’ব নোৱাৰিম। গতিকে আমাৰ সম্পৰ্ক বহু দূৰলৈ যোৱা নাছিল। মোৰ জীৱনত তেওঁ বন্ধুতকৈও বেছি আছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু