--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:বিধানসভা নিৰ্বাচনৰ চূড়ান্ত ফলাফলৰ বাবে সাজু হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ। ৮ অক্টোবৰ মঙলবাৰে পুৱাৰ পৰা আৰম্ভ হ'ব জম্মু আৰু কাশ্মীৰৰ ৯০ টা বিধানসভা সমষ্টিৰ ভোটগণনা। ২০১৯ চনত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছত কেন্দ্ৰীয় শাসিত অঞ্চলটোত প্ৰথম খন নিৰ্বাচিত চৰকাৰ গঠন হ’ব। একেটা দিনতে বিধানসভা নিৰ্বাচনৰ চূড়ান্ত ফলাফলৰ বাবে সাজু হৈছে হাৰিয়ানা ৰাজ্যও।

জম্মু আৰু কাশ্মিৰত মুখ্যত ৰাষ্ট্ৰীয় সন্মিলন আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ পৰিৱৰ্তে পিপলছ ডেম’ক্ৰেটিক পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ আন মাজত প্ৰতিদ্বন্দ্বিতা হ’ব৷

৯০ খন আসনৰ বাবে জম্মু আৰু কাশ্মীৰত তিনিটা পৰ্যায়ত ক্ৰমে প্ৰথমটো ১৮ ছেপ্টেম্বৰত, তাৰ পিছত ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায় আৰু ১ অক্টোবৰত তৃতীয় পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হৈছিল৷

প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত ইলতিজা মুফতি (পিডিপি)- বিজবেহাৰা-শ্ৰীগুফৱাৰা, ৱাহিদ পাৰা (পিডিপি)- পুলৱামা, মহম্মদ ইউছুফ তাৰিগামি (চিপিআইএম)-কুলগাম, খালিদ নাজিব সুহাৰৱাদী(এনচি)-ডোডা, চগুন পৰিহাৰ (বিজেপি)- কিষ্টৱাৰ আৰু বিকাৰ ৰছুল ৱানী (কংগ্ৰেছ)- বানিহাল।

দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত আছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় সন্মিলনৰ উপ-সভাপতি ওমৰ আব্দুল্লা, তেওঁ বুডগাম আৰু গাণ্ডাৰবাল দুয়োখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগঢ়াইছে। জম্মু-কাশ্মীৰৰ বিজেপিৰ মুৰব্বী ৰবিন্দৰ ৰাইনাই নৌশ্বেৰা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ৰাজ্যিক কংগ্ৰেছ কমিটীৰ সভাপতি তাৰিক হামিদ কাৰাই কেন্দ্ৰীয়-শালটেঙৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত আছে ৰমন ভল্লা -আৰ এছ পুৰা, উছমান মজিদ-বন্দীপোৰা, নাজিৰ আহমেদ খান -গুৰেজ, তাজ মহিউদ্দিন-উৰি, বাছাৰত বুখাৰী-ৱাগুৰা-ক্ৰেৰী, ইমৰাণ আনছাৰী-পট্টন, গুলাম হাছান মিৰ-গুলমাৰ্গ, ​​চৌধুৰী লাল সিং -বাছোহলী, ৰাজীৱ জছৰোতিয়া-যছৰোটা, মনোহৰ লাল শৰ্মা-বিলাৱাৰ, শাম লাল শৰ্মা আৰু অজয় ​​কুমাৰ সাধোত্ৰ-জম্মু উত্তৰ, মূলা ৰাম-মৰ্থ , চন্দ্ৰ প্ৰকাশ গংগা, আৰু মঞ্জিত সিং-বিজাপুৰ।

আনহাতে হাৰিয়ানাত ভাৰতীয় জনতা পাৰ্টি (বিজেপি), ভাৰতীয় জাতীয় কংগ্ৰেছ (আইএনচি), আম আদমী পাৰ্টি, ভাৰতীয় জাতীয় লোকদল (আইএনএলডি)ৰ সৈতে বহুজন সমাজ পাৰ্টিৰ মিত্ৰজোঁট, আৰু জননায়ক জনতা পাৰ্টি(জেজেপি) আজাদৰ সৈতে মিত্ৰজোঁচৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ’ব৷

এই বৰ্ষৰ নিৰ্বাচনত হাৰিয়ানাত মাত্ৰ ১,০৩১ জন প্ৰাৰ্থী আছিল৷ এই সকলৰ ভিতৰত মুখ্যমন্ত্ৰী ছাইনী-লাডৱা, বিৰোধী দলপতি ভূপিন্দৰ সিং হুদা, আইএনএলডিৰ অভয় সিং চৌটালা অন্যতম। হাৰিয়ানাৰ নিৰ্বাচনত ১০১ গৰাকী মহিলই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে আম্বলাৰ পৰা শক্তি ৰাণী শৰ্মা আৰু শৈলী চৌধুৰী।

জম্মু-কাশ্মিৰ আৰু হাৰিয়ানাত কোনে মাৰিব শেষ হাঁহি? জম্মু-কাশ্মিৰ জনসাৰণে কাক আদৰি লয় সেয়া লক্ষণীয় হ’ব৷ আনাহাতে হাৰিয়ানাত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰে নে বিজেপিৰ উৎখাত হ’ব সেয়া লক্ষণীয় হ’ব৷ যি হওক দেশৰ ৰাজনীতিত এক নতুন সমীকৰণ দেখিবলৈ  পোৱা যাব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু