--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনৰ বিয়লি বেলা নিঃসংগতাত ভোগা এগৰাকী ৮০ বছৰীয়া বৃদ্ধা৷ পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ মৰমৰ বাবে আতুৰ এগৰাকী  বৃদ্ধা৷ কিন্তু মৰমৰ সলনি তেওঁ পাইছে মাথো ককৰ্থনা, শাৰীৰিক অত্যাচাৰ৷  কেৰালাৰ ৮০ বছৰীয়া বৃদ্ধাগৰাকীক তেওঁৰ বোৱাৰীয়েকে চলোৱা নিৰ্মম শাৰীৰিক, মানসিক অত্যাচাৰৰ কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিছে৷  দক্ষিণ কেৰালাৰ বাসিন্দা ৮০ বছৰীয়া বৃদ্ধা  লিয়াম্মা থমাছক তেওঁৰ ৩৭ বছৰীয়া বোৱাৰীয়েক মঞ্জু থমাছে  চলোৱা অত্যাচাৰৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷  

 ভিডিঅ'টোৱে বহুতৰে হৃদয়  কঁপাই তুলিছে।  ভিডিঅ'টোত  বোৱাৰীয়েকে বৃদ্ধাগৰাকীক চকীৰ পৰা বগৰাই দি অত্যাচাৰ চলোৱা দেখা গৈছে৷  মানুহে ভাইৰেল ভিডিঅ' চাই বোৱাৰীয়েকৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিছে৷ একে সময়তে কেৰালা মহিলা আয়োগেও এই বিষয়ত গুৰুত্ব আৰোপ কৰিছে।  ছ'চিয়েল মিডিয়াত মানুহে বৃদ্ধাগৰাকীৰ প্ৰতি যথেষ্ট সমবেদনা প্ৰকাশ কৰিছে। 

সমাজত বৃদ্ধসকলৰ প্ৰতি উৎপীড়নৰ ঘটনা বাঢ়ি আহিছে। এই ধৰণৰ আচৰণ সামাজিক বিকাৰগ্ৰস্ততাৰে  লক্ষণ বুলি ক’ব পাৰি।  ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে  কেৰালা আৰক্ষীয়ে বোৱাৰীয়েকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে৷অভিযুক্ত মঞ্জু থমাছক ইতিমধ্য আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে৷  জানিব পৰা মতে  মঞ্জু থমাছে দীৰ্ঘদিন ধৰি তেওঁৰ শাহুৱেকক অত্যাচাৰ কৰি আহিছিল। অভিযুক্ত মঞ্জু থমাছ এগৰাকী চৰকাৰী বিদ্যালয়ৰ  শিক্ষয়িত্ৰী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক