--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনৰ বিয়লি বেলা নিঃসংগতাত ভোগা এগৰাকী ৮০ বছৰীয়া বৃদ্ধা৷ পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ মৰমৰ বাবে আতুৰ এগৰাকী  বৃদ্ধা৷ কিন্তু মৰমৰ সলনি তেওঁ পাইছে মাথো ককৰ্থনা, শাৰীৰিক অত্যাচাৰ৷  কেৰালাৰ ৮০ বছৰীয়া বৃদ্ধাগৰাকীক তেওঁৰ বোৱাৰীয়েকে চলোৱা নিৰ্মম শাৰীৰিক, মানসিক অত্যাচাৰৰ কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিছে৷  দক্ষিণ কেৰালাৰ বাসিন্দা ৮০ বছৰীয়া বৃদ্ধা  লিয়াম্মা থমাছক তেওঁৰ ৩৭ বছৰীয়া বোৱাৰীয়েক মঞ্জু থমাছে  চলোৱা অত্যাচাৰৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷  

 ভিডিঅ'টোৱে বহুতৰে হৃদয়  কঁপাই তুলিছে।  ভিডিঅ'টোত  বোৱাৰীয়েকে বৃদ্ধাগৰাকীক চকীৰ পৰা বগৰাই দি অত্যাচাৰ চলোৱা দেখা গৈছে৷  মানুহে ভাইৰেল ভিডিঅ' চাই বোৱাৰীয়েকৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিছে৷ একে সময়তে কেৰালা মহিলা আয়োগেও এই বিষয়ত গুৰুত্ব আৰোপ কৰিছে।  ছ'চিয়েল মিডিয়াত মানুহে বৃদ্ধাগৰাকীৰ প্ৰতি যথেষ্ট সমবেদনা প্ৰকাশ কৰিছে। 

সমাজত বৃদ্ধসকলৰ প্ৰতি উৎপীড়নৰ ঘটনা বাঢ়ি আহিছে। এই ধৰণৰ আচৰণ সামাজিক বিকাৰগ্ৰস্ততাৰে  লক্ষণ বুলি ক’ব পাৰি।  ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে  কেৰালা আৰক্ষীয়ে বোৱাৰীয়েকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে৷অভিযুক্ত মঞ্জু থমাছক ইতিমধ্য আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে৷  জানিব পৰা মতে  মঞ্জু থমাছে দীৰ্ঘদিন ধৰি তেওঁৰ শাহুৱেকক অত্যাচাৰ কৰি আহিছিল। অভিযুক্ত মঞ্জু থমাছ এগৰাকী চৰকাৰী বিদ্যালয়ৰ  শিক্ষয়িত্ৰী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক