--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ভয়াৱহ ৰূপত মূৰ দাঙি উঠিছে কোভিডে।ক'ভিড নামতেই শংকিত হয়‌ জনতা। হোৱাতোও স্বাভাৱিক কাৰণ ক’ৰনাই কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতে কোটি কোটি লোকৰ জীৱন শেষ কৰি থৈ গৈছে ৷ শেষ কৰি থৈ গ'ল একো একোখন ঘৰ। পিছে ৰ'ব এই বিপজ্জনক ভাইৰাছ এতিয়াও পৃথিৱীৰ পৰা আঁতৰি যোৱা নাই ৷ হয়, শেহতীয়াকৈ পোহৰলৈ আহিছে ইয়াৰ এক নতুন ভেৰিয়েন্ট ৷ 

আচলতে আজিকালি কোনেও জানিবই নিবিচাৰে কৰ'নাৰ বিষয়ে। ক'তো বিশেষ আলোচনাও নহয়, গতিকে বহুতৰে মনলৈ আহে এটা প্ৰশ্ন যে ক'ৰ'না সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে নেকি? উত্তৰটো হ’ল- নাই। হয়, শেষ হোৱা নাই মহাসংহাৰী ক'ভিড।  যদিও ক'ভিডৰ বিষয়ে চৰ্চা কমি আহিছে, কিছু সময়ৰ পাছত নতুন ভেৰিয়েন্টৰ উন্মেষ ঘটিছে। শেহতীয়াকৈ ক’ৰ’নাৰ এটা  চাব-ভেৰিয়েণ্ট JN-1এ আমেৰিকাত উত্তেজনাৰ সৃষ্টি কৰিছে, এতিয়া কেৰালাতো ধৰা পৰিছে এই নতুন ভেৰিয়েণ্ট। যোৱা ৮ ডিচেম্বৰত কেৰালাত JN.1 sub-form Covid-19ৰ এজন ৰোগী ধৰা পৰিছে। শনিবাৰে চৰকাৰী সূত্ৰই এই তথ্য প্ৰদান কৰে এই তথ্য।  ১৮ নৱেম্বৰত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনা আৰ টি-পিচিআৰত পৰীক্ষা কৰা হৈছিল, য’ত সংক্ৰমিত হোৱা দেখা গৈছিল। মহিলাগৰাকীৰ ইনফ্লুৱেঞ্জা সদৃশ ৰোগৰ মৃদু লক্ষণ আছিল আৰু তেওঁ ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছিল।

এফালে নতুন Covid ভেৰিয়েন্ট  আৰু আনফালে এই দেশে HV.1 ভেৰিয়েন্ট নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰি আছে। এতিয়া ভাৰতৰ জনসাধাৰণেও অলপ সাৱধান হোৱাটো প্ৰয়োজন। যদি আপুনি কেৰালাত থাকে তেন্তে ইয়াৰ আশংকা অলপ বেছি।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কেৰালাৰ স্বাস্থ্য ব্যৱস্থাৰ বাবে উদ্বেগ সৃষ্টি হৈছে কাৰণ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এই ৰোগ ধৰা পৰিছে। বিশেষজ্ঞসকলৰ মতে, এই নতুন ভেৰিয়েন্টৰ প্ৰভাৱ ৰাজ্যখনত ইতিমধ্যে বৃদ্ধি পোৱা ৰোগীৰ ওপৰত পৰিব পাৰে। ইফালে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ  ক’ভিড টাস্ক ফ’ৰ্চৰ সহ-সভাপতি ডাঃ ৰাজীব জয়দেৱনে কয় যে শেহতীয়াকৈ ভাৰতত বিশেষকৈ কেৰালাত ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে জেএন.১ এটা কাৰক হ’ব পাৰে।

Corona ৰ নতুন ভেৰিয়েন্ট JN.1 বিশ্বৰ বহু দেশত দ্ৰুতগতিত বিয়পি পৰিছে। ছিংগাপুৰত এই ভেৰিয়েন্টৰ বাবে মানুহক পুনৰ মাস্ক পিন্ধিবলৈ কোৱা হৈছে। খবৰ অনুসৰি ছিংগাপুৰত এসপ্তাহৰ ভিতৰতে কৰ’না সংক্ৰমণৰ সংখ্যা ৭৫ শতাংশ বৃদ্ধি পাইছে।এই সংক্ৰমণৰ অধিকাংশই জেএন.১ ভেৰিয়েণ্টৰ।

দৰাচলতে ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৯৩৮ জন হৈছেগৈ, ইয়াৰে কেৰালাত সৰ্বাধিক ৰোগীৰ সংখ্যা হৈছে ৭৬৮ জন। এই নতুন ভিন্নতা ইউৰোপত প্ৰথমবাৰৰ বাবে ২০২৩ চনৰ আগষ্ট মাহত ধৰা পৰিছিল।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু