--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ কাৰ্লাইল চহৰত বাস কৰা ২০ বছৰীয়া জেম্স নামৰ এজন যুৱকৰ ভাগ্য সলনি হয়, যেতিয়া তেওঁ শুনিবলৈ পায় যে লটাৰীত ৮০ কোটি টকা জিকিছে। এই বৃহৎ বিজয়ে স্থানীয় বাসিন্দাসকলৰ লগতে সকলোকে আচৰিত কৰি তোলে। কিন্তু সকলোতকৈ আশ্চৰ্যজনক কথা হ’ল—ইমান টকা লাভ কৰাৰ পিছতো জেম্সে তেওঁৰ দৈনন্দিন জীৱন আৰু কৰ্তব্যৰ পৰা একো পৰিবর্তন আনিব পৰা নাছিল।

জেম্সৰ এই সৌভাগ্যৰ যাত্ৰা আৰম্ভ হৈছিল বৰদিনৰ সময়ত, যেতিয়া তেওঁ ১২ হাজাৰ টকাৰ এক সৰু লটাৰী জিকিছিল। সেই ধনৰে তেওঁ পুনৰ অন্য এখন বৃহৎ লটাৰীৰ টিকট ক্ৰয় কৰে, আৰু অতি কম সময়ৰ ভিতৰতে তেওঁ ভাগ্যৰ এক অভূতপূৰ্ব মোড় দেখিবলৈ পায়।এই খেলৰ ফলাফলৰ ঘোষণাৰ দিনা, তেওঁ নিজৰ প্ৰেমিকাৰ ঘৰৰ পৰা দেউতাকৰ ঘৰলৈ গৈ পৰিয়ালৰ লগত একেলগে লটাৰীৰ নম্বৰ পৰীক্ষা কৰে। নাম ঘোষণা হোৱাৰ লগে লগে তেওঁ আনন্দত হাঁহিবলৈ ধৰিলে। তেওঁৰ বাবে এইটো যেন সপোনৰ দৰে অনুভৱ হৈছিল।

কিন্তু, সকলোৰে ধাৰণাৰ বিপৰীতে, জেম্সৰ জীৱনশৈলীত কোনো সলনি নহ'ল। লটাৰীৰ ফলাফল ঘোষণাৰ পিছদিনাই, তেওঁ প্ৰত্যেকদিনাৰ দৰে চহৰৰ নলা-নর্দমা পৰিষ্কাৰৰ কামত ওলাই যায়। ইমান ধনী হোৱাৰ পিছতো, তেওঁ নিজৰ কৰ্তব্য অব্যাহত ৰাখিব বিচাৰিছিলে। তেওঁ কৈছিল যে "মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে মই ৮০ কোটি টকাৰ মালিক হৈ পৰিছো,"  লগতে তেওঁ এইটোও স্পষ্ট কৰি কয় যে ধন আহিল বুলিয়েই তেওঁ নিজৰ কাম এৰি দিব নোৱাৰে।

তেওঁৰ মতে, "টকা পোৱাৰ অৰ্থ এইটো নহয় যে মই কাম এৰি দিম। কাম কৰাটোৱেই মোৰ জীৱনৰ এক অংশ।" জেম্সৰ এই নম্ৰতা আৰু কৰ্তব্যনিষ্ঠাই স্থানীয় ৰাইজৰ লগতে সমগ্ৰ বিশ্বৰ মানুহৰ মন জয় কৰে। ইমান ধন লাভ কৰাৰ পিছতো সাধাৰণ ভাৱে জীৱন-যাপন কৰি যাবলৈ তেওঁৰ মনোবল আৰু সংকল্পই প্ৰমাণ কৰি দেখুৱালে যে ধনে সকলো নহয়, কামৰ প্ৰতি নিষ্ঠা আৰু নম্ৰতাই মানুহজনক মহৎ কৰি তুলিছিল।

জেম্সৰ এই নম্ৰতা আৰু কৰ্তব্যনিষ্ঠাই বহুতৰ বাবে এক প্ৰেৰণাৰ সৃষ্টি কৰিছে। তেওঁ প্ৰমাণ কৰি দেখুৱালে যে ধন অহাৰ সলনি মানৱতাৰ মূল্যবোধ আৰু পৰিশ্ৰমেই মানুহজনক প্ৰকৃত সফল আৰু গৌৰৱান্বিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন