--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ কাৰ্লাইল চহৰত বাস কৰা ২০ বছৰীয়া জেম্স নামৰ এজন যুৱকৰ ভাগ্য সলনি হয়, যেতিয়া তেওঁ শুনিবলৈ পায় যে লটাৰীত ৮০ কোটি টকা জিকিছে। এই বৃহৎ বিজয়ে স্থানীয় বাসিন্দাসকলৰ লগতে সকলোকে আচৰিত কৰি তোলে। কিন্তু সকলোতকৈ আশ্চৰ্যজনক কথা হ’ল—ইমান টকা লাভ কৰাৰ পিছতো জেম্সে তেওঁৰ দৈনন্দিন জীৱন আৰু কৰ্তব্যৰ পৰা একো পৰিবর্তন আনিব পৰা নাছিল।

জেম্সৰ এই সৌভাগ্যৰ যাত্ৰা আৰম্ভ হৈছিল বৰদিনৰ সময়ত, যেতিয়া তেওঁ ১২ হাজাৰ টকাৰ এক সৰু লটাৰী জিকিছিল। সেই ধনৰে তেওঁ পুনৰ অন্য এখন বৃহৎ লটাৰীৰ টিকট ক্ৰয় কৰে, আৰু অতি কম সময়ৰ ভিতৰতে তেওঁ ভাগ্যৰ এক অভূতপূৰ্ব মোড় দেখিবলৈ পায়।এই খেলৰ ফলাফলৰ ঘোষণাৰ দিনা, তেওঁ নিজৰ প্ৰেমিকাৰ ঘৰৰ পৰা দেউতাকৰ ঘৰলৈ গৈ পৰিয়ালৰ লগত একেলগে লটাৰীৰ নম্বৰ পৰীক্ষা কৰে। নাম ঘোষণা হোৱাৰ লগে লগে তেওঁ আনন্দত হাঁহিবলৈ ধৰিলে। তেওঁৰ বাবে এইটো যেন সপোনৰ দৰে অনুভৱ হৈছিল।

কিন্তু, সকলোৰে ধাৰণাৰ বিপৰীতে, জেম্সৰ জীৱনশৈলীত কোনো সলনি নহ'ল। লটাৰীৰ ফলাফল ঘোষণাৰ পিছদিনাই, তেওঁ প্ৰত্যেকদিনাৰ দৰে চহৰৰ নলা-নর্দমা পৰিষ্কাৰৰ কামত ওলাই যায়। ইমান ধনী হোৱাৰ পিছতো, তেওঁ নিজৰ কৰ্তব্য অব্যাহত ৰাখিব বিচাৰিছিলে। তেওঁ কৈছিল যে "মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে মই ৮০ কোটি টকাৰ মালিক হৈ পৰিছো,"  লগতে তেওঁ এইটোও স্পষ্ট কৰি কয় যে ধন আহিল বুলিয়েই তেওঁ নিজৰ কাম এৰি দিব নোৱাৰে।

তেওঁৰ মতে, "টকা পোৱাৰ অৰ্থ এইটো নহয় যে মই কাম এৰি দিম। কাম কৰাটোৱেই মোৰ জীৱনৰ এক অংশ।" জেম্সৰ এই নম্ৰতা আৰু কৰ্তব্যনিষ্ঠাই স্থানীয় ৰাইজৰ লগতে সমগ্ৰ বিশ্বৰ মানুহৰ মন জয় কৰে। ইমান ধন লাভ কৰাৰ পিছতো সাধাৰণ ভাৱে জীৱন-যাপন কৰি যাবলৈ তেওঁৰ মনোবল আৰু সংকল্পই প্ৰমাণ কৰি দেখুৱালে যে ধনে সকলো নহয়, কামৰ প্ৰতি নিষ্ঠা আৰু নম্ৰতাই মানুহজনক মহৎ কৰি তুলিছিল।

জেম্সৰ এই নম্ৰতা আৰু কৰ্তব্যনিষ্ঠাই বহুতৰ বাবে এক প্ৰেৰণাৰ সৃষ্টি কৰিছে। তেওঁ প্ৰমাণ কৰি দেখুৱালে যে ধন অহাৰ সলনি মানৱতাৰ মূল্যবোধ আৰু পৰিশ্ৰমেই মানুহজনক প্ৰকৃত সফল আৰু গৌৰৱান্বিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement