--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিপদে লগ নেৰা হৈছে পুঁজিপতি অনিল আম্বানীক। এসময়ত দেশৰ ভিতৰতে অন্যতম ধৰ্নাঢ্য ব্যক্তি হিচাপে প্ৰতিষ্ঠিত অনিল আম্বানীৰ এতিয়া সেই খ্যাতি নাই। জেষ্ঠ ভাতৃ মুকেশ আম্বানীয়ে দোপতদোপে উন্নতি কৰি দেশৰ লগতে এছিয়াৰো আটাইতকৈ ধনৱন্ত ব্যক্তি হিচাপে পৰিগণিত হৈ পৰিলেও অনিল আম্বানী এতিয়া হৈ পৰিল তেনেই দেউলীয়া। ২০২০ চনৰ ফেব্ৰুৱাৰীত অনিল আম্বানীয়ে ব্ৰিটেইনৰ আদালতত নিজেই তেওঁ "দেউলিয়া" আৰু তেওঁৰ মুঠ সম্পত্তি "শূন্য" বুলি ঘোষণা কৰিছিল।

পিছে আম্বানীৰ এই ঘোষণা বাস্তৱত ফাঁকি প্ৰমাণিত হৈছে। আম্বানীৰ বিৰুদ্ধে উত্থাপিত হৈছে বিদেশত অঘোষিত বিশাল সম্পত্তি থকাৰ অভিযোগ। মুম্বাইৰ আয়কৰ অনুসন্ধান গোটে চলিত বৰ্ষৰ মাৰ্চত অনিল আম্বানীৰ বিৰুদ্ধে চূড়ান্ত নিৰ্দেশ জাৰি কৰিছিল। ব্লেক মানি এক্ট ২০১৫ ৰ অধীনত বিদেশত অজ্ঞাত সম্পত্তি আৰু বিনিয়োগৰ অভিযোগত এই নিৰ্দেশ জাৰি কৰা হৈছিল। ইয়াৰ পূৰ্বেও অনিল আম্বানীক ২০১৯ চনত ক'লা ধন আইনৰ অধীনত বিদেশত অজ্ঞাত সম্পত্তিৰ বাবে জাননী জাৰি কৰা হৈছিল।

আয়কৰ অনুসন্ধান গোটে জাৰী কৰা আদেশটোত বিদেশী সম্পত্তি আৰু বিদেশী গোট সৈতে সম্পৰ্কিত বেংক একাউণ্টৰ লেনদেনৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা হৈছে। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, এই লেনদেন সমূহৰ মুঠ মূল্য প্ৰায় ৮০০ কোটি টকা। এই সন্দৰ্ভত আম্বানীলৈ আয়কৰ অনুসন্ধান গোটে প্ৰশ্ন প্ৰেৰণ কৰিছিল যদিও উত্তৰ দিয়া নাছিল আম্বানীয়ে।

ব্লেক মানি এক্টৰ আদেশ অনুসৰি, অনিল আম্বানীৰ বাহামা আৰু ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত যথেষ্ট সম্পত্তি আছে। বাহামাত তেওঁ ২০০৬ চনত এটা ডায়মণ্ড ট্ৰাষ্ট স্থাপন কৰিছিল। এই ট্ৰাষ্ট ড্ৰীমৱৰ্ক হোল্ডিংছ ইনকৰ্পোৰেচনৰ অধীনত আৰম্ভ কৰা হৈছিল। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ, চমুকৈ CBDT-এ বৈদেশিক কৰ আৰু কৰ গৱেষণা বিভাগৰ জৰিয়তে বাহামাৰ যোগাযোগ কৰাৰ পিছত এই কোম্পানীটো ইউবিএছ বেংকৰ জুৰিখ শাখাৰ (চুইছ বেংক) সৈতে সংযুক্ত আছিল বুলি জানিব পৰা গৈছিল।

প্ৰতিবেদন অনুসৰি, অনিল আম্বানীয়ে ২০১০ চনত ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত আটলান্টিক ট্ৰেডিং লিমিটেড নামৰ আন এটা বিদেশী কোম্পানী স্থাপন কৰিছিল। বেংক অফ চাইপ্ৰাছত এই কোম্পানীটোৰ এটা একাউণ্ট পোৱা গৈছে। উল্লেখ্য যে, এই কোম্পানীটো কিছু দিন পূৰ্বে ফাদিল হোৱা পাণ্ডোৰা পেপাৰছৰ সৈতে জড়িত ১৮ টা কোম্পানীৰ ভিতৰত অন্যতম। 

২০১৫ চনত চুইছ লিক অনুসন্ধানৰ পিছত অনিল আম্বানী হংকং এণ্ড ছাংহাই বেংকিং ক’ৰপ’ৰেচন লিমিটেডৰ জেনেভা শাখাত একাউণ্ট থকা ১,১০০ জন ভাৰতীয়ৰ ভিতৰত এজন বুলি প্ৰকাশ কৰা হৈছিল। ২০০৬-০৭ বৰ্ষত এই বেংক একাউণ্টত তেওঁৰ বেলেন্স আছিল ২৬.৬ নিযুত ডলাৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ