--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ইডি- এ নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰ সন্দৰ্ভত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক ৮ জুনত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে।কংগ্ৰেছ নেতাকেইজনলৈ ইডি- ৰ চমনৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ছোনিয়া গান্ধীৰ বক্তব্যৰ এটা ভাইৰেল ক্লিপ। এই ক্লিপটোত ছোনিয়া গান্ধীয়ে “মই ইন্দিৰা গান্ধীৰ বোৱাৰী। মই কাকো ভয় নকৰোঁ" বুলি মন্তব্য কৰা শুনিবলৈ পোৱা গৈছে।

ছোনিয়া গান্ধীৰ এই মন্তব্যৰ ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছত সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ছোনিয়া গান্ধীয়ে এই মন্তব্যৰে অহংকাৰী আৰু দাম্ভিক আচৰণ প্ৰকাশ কৰিছে বুলি কটু সমালোচনা কৰে।  

আনহাতে একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এই ভিডিঅ' ক্লিপটো শ্বেয়াৰ কৰি ছোনিয়া গান্ধীক ব্যঙ্গাত্মক আক্ৰমণ কৰি লিখিছে, "যেতিয়া আৰক্ষীয়ে ৰাস্তাত চুৰি কৰা এজন চোৰক ধৰিবলৈ আহে, তেওঁ কয় যে মোৰ খুৰা এজন বিধায়ক বা মন্ত্ৰী। ঠিক তেনেদৰে যেতিয়া ইডিয়ে ছোনিয়াক চৰকাৰী কোষাগাৰৰ পৰা চুৰিৰ সন্দৰ্ভত জেৰাৰ বাবে মাতি পঠায়, ছোনিয়াই কয়, মই ইন্দিৰাৰ বোৱাৰী"।

ছোনিয়া গান্ধীৰ এই মন্তব্যৰ ভিডিঅ’টোৱে ব্যাপক হাৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত এই ভিডিঅ’টোৰ সত্যতা নিৰূপণৰ বাবে ফেক্ট চেকৰ ব্যৱস্থা কৰা হয়। সামাজিক মাধ্যমত এই ভিডিঅ’টো এতিয়াৰ ইডি চমনৰ পাছৰ বক্তব্য বুলি চৰ্চা চলিলেও ফেক্ট চেকৰ পিছত এই দাবী  ভুৱা বুলি প্ৰমাণিত হয়। ফেক্ট চেকৰ পিছত এই ভিডিঅ’টো ২০১৫ চনৰে বুলিও প্ৰমাণিত হৈছে। 

২০১৫ চনত দিল্লীৰ এখন আদালতে নেচনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধীক হাজিৰ হ'বলৈ নিৰ্দেশ দিয়াৰ পিছত ছোনিয়া গান্ধীয়ে আদালতৰ বাহিৰত সাংবাদিকৰ সন্মুখত এই বক্তব্য কৰিছিল।

গুগলত এই সন্দৰ্ভত বিস্তৃত তথ্যৰ সন্ধান চলোৱাৰ পিছত এইয়া নিশ্চিত কৰা হৈছে। ২০১৫ চনত দেশৰ আগশাৰীৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানত এই সন্দৰ্ভত প্ৰবন্ধ তথা বাতৰি প্ৰকাশিত হৈছিল। ২০১৫ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ ইউটিউব চেনেলত আপলোড কৰা এটা বাতৰিত ছোনিয়া গান্ধীৰ এই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল। 

এই ভিডিঅ'টো প্ৰায় একে সময়তে "দ্য হিন্দু"ৰ পৰ্টেলত প্ৰকাশ পোৱাৰ লগতে "এনডিটিভি" আৰু "দ্য টাইমছ অফ ইণ্ডিয়া"য়েও ছোনিয়া গান্ধীৰ মন্তব্যৰ ওপৰত বাতৰি প্ৰকাশ কৰিছিল।

এই প্ৰকাশিত প্ৰতিবেদন সমূহৰ দ্বাৰা প্ৰমাণিত হয় যে ২০১৫ চনত দিল্লীৰ এখন বিচাৰ আদালতে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ লগতে আন পাঁচজন লোকক নেচনেল হেৰাল্ড গোচৰত আদালতত হাজিৰ হ'বলৈ কোৱাৰ পিছত ছোনিয়া গান্ধীয়ে এইকথা কৈছিল। আদালতৰ বাহিৰত সাংবাদিকৰ সন্মুখীন হৈ ছোনিয়া গান্ধীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিহিংসাৰ অভিযোগ উত্থাপন কৰি কৈছিল যে "মই কিয় ভয় কৰিব লাগে? মই ইন্দিৰা গান্ধীৰ বোৱাৰী, মই কাকো ভয় নকৰোঁ।" 

গতিকে এয়া স্পষ্ট যে সামাজিক মাধ্যমত ভাইৰেল হোৱা ছোনিয়া গান্ধীৰ এই মন্তব্য শেহতীয়াকৈ ইডিৰ দ্বাৰা চমন লাভ কৰাৰ পিছৰ নহয়। এই ভাইৰেল ক্লিপটো সাত বছৰ পুৰণি। ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে তথা ছোনিয়া গান্ধীক হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে এই ভিডিঅ’টো এতিয়া পুনৰ ভাইৰেল কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ