--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতবৰ্ষৰ অৰ্থনৈতিক,সামাজিক অৱস্থাক লৈ মধ্যবিত্তসকলে প্ৰায়েই আপত্তি কৰা দেখা যায়। কিন্তু এইবাৰ দেশ ত্যগ কৰিলে ৮০০০ ধনী ভাৰতীয়ই৷ 
মহামাৰীৰ সময়ত বহুতো ধনী ভাৰতীয় ইউৰোপ, আমেৰিকা আৰু মধ্য প্ৰাচ্যৰ দেশলৈ প্ৰব্ৰজন কৰিছিল ৷ আৰু ২০২২চনত প্ৰায় ৮০০০হাই নেট ৱৰ্থ ইণ্ডিভিজুৱেলে  ভাৰত ত্যাগ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ এই তথ্য প্ৰকাশ কৰিছে  হেনলী গ্লোবেল চিটিজেনছ ৰিপ'ৰ্টে৷ 

প্ৰতিবেদনখনে এইটোও প্ৰকাশ কৰিছে  যে ২০১৯ চনৰ তুলনাত ২০২২ চনত এই সংখ্যা ১৪ শতাংশ বৃদ্ধি পাইছে ৷ 
অৱশ্যে, প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে ভাৰতে প্ৰতি বছৰে প্ৰব্ৰজনৰ বাবে হেৰুওৱাতকৈ বহু বেছি নতুন কোটিপতি সৃষ্টি হয়৷ 

দক্ষিণ আফ্ৰিকাস্থিত এক বিশ্বব্যাপী সম্পদ চোৰাংচোৱা প্ৰতিষ্ঠান নিউ ৱৰ্ল্ড ৱেলথৰ গৱেষণাৰ মুৰব্বী এণ্ড্ৰিউ এমোইলছে ও বিজনেছ ষ্টেণ্ডাৰ্ডক কয় যে, এই প্ৰব্ৰজনকাৰী সকল ভাৰতলৈ উভতি অহাৰো সম্ভাৱনা আছে৷ দেশত জীৱনধাৰণৰ মানদণ্ড উন্নত হোৱাৰ পিছত ধনী লোকসকল বৰ্ধিত সংখ্যাত ঘূৰি আহিব বুলি আশা কৰা হৈছে।

 ২০৩১ চনৰ ভিতৰত হয়তো ভাৰতৰ জনসংখ্যা ৮০ শতাংশ বৃদ্ধি পাব, যি ভাৰতক এই সময়ছোৱাত বিশ্বৰ দ্ৰুততম বিকাশশীল সম্পদ বজাৰৰ ভিতৰত এখন কৰি তুলিব। স্থানীয় বিত্তীয় সেৱা, স্বাস্থ্যসেৱা আৰু প্ৰযুক্তি খণ্ডত বিশেষকৈ শক্তিশালী বিকাশৰ দ্বাৰা  ইন্ধন যোগোৱা হ'ব৷ 

হেনলী গ্লোবেল চিটিজেনছ প্ৰতিবেদন মতে সংযুক্ত আৰৱ আমিৰাতে সৰ্বাধিক সংখ্যক কোটিপতি সংস্থাপিত হ’ব বুলি অনুমান কৰা হৈছে ৷আনহাতে অষ্ট্ৰেলিয়া তালিকাৰ দ্বিতীয় স্থানত আছে৷ তাৰ পিছত ছিংগাপুৰত ২০২২ চনত ২৮০০ কোটিপতিৰ  প্ৰব্ৰজন  হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে, ২০২১ চনৰ ডিচেম্বৰত গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে উল্লেখ কৰিছিল যে যোৱা সাত বছৰত মুঠ ৮,৮১,২৫৪ জন লোকে ২০২১ চনৰ ছেপ্টেম্বৰ লৈকে তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু