--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা টিআৰপি গোচৰ সন্দৰ্ভত শেহতীয়াকৈ ইডিয়ে অভিনামা দাখিল কৰিছে। অভিযোগনামাত ইডিয়ে স্পষ্টভাবে কৈছে যে টেলিভিছন ৰেটিং পইণ্ট (টিআৰপি)  ৰিপাব্লিক টিভিৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা হোৱা নাই। 

কেন্দ্ৰীয় সংস্থাটোৱে মুম্বাইৰ এখন বিশেষ আদালতত দাখিল কৰা অভিযোগনামাত ৰিপাব্লিক টিভিৰ গৰাকী এআৰজি আউটলিয়ৰ মিডিয়া বা ইয়াৰ কোনো সদস্যৰ নাম  উল্লেখ কৰা নাই। টিআৰপি কেলেংকাৰীত অৰ্ণৱ গোস্বামী আৰু কোম্পানীটোৰ আন চাৰিজনৰ নাম মুম্বাই আৰক্ষীৰ গোচৰত উল্লেখ কৰা হৈছিল। যাৰ ওপৰত ভিত্তি কৰি ইডিয়ে ধন সৰবৰাহৰ  পৃথক গোচৰ এটা তদন্ত কৰি আছিল।

 ইডিয়ে কৈছে যে সংস্থাটোৰ  তদন্ত মুম্বাই আৰক্ষীৰ দ্বাৰা পৰিচালিত তদন্তৰ  সৈতে "পৃথক" আছিল। ইডিয়ে দাবী কৰিছে যে টিআৰপি গোচৰ সন্দৰ্ভত  আৰক্ষীয়ে কৰা ফৰেনচিক প্ৰতিবেদন "উপৰুৱা" আৰু "সীমিত দিশৰ বিশ্লেষণৰ ওপৰত আধাৰিত" আছিল।  

বিএআৰচিয়ে ইয়াৰ অভিযোগনামাত  ১৬ জন লোকৰ নাম উল্লেখ কৰিছিল।মুম্বাই আৰক্ষীয়ে পৰম বীৰ সিঙৰ অধীনত বিজ্ঞাপন লাভৰ বাবে   টেলিভিছন চেনেল একাংশই ভুৱা  টিআৰপি ৰেটিং দেখুওৱাৰ গোচৰ ৰুজু কৰিছিল। আৰক্ষীয়ে দাবী কৰিছিল যে ৰিপাব্লিক টিভিয়েও টিআৰপিৰ নামত ভুৱা নথি দাখিল কৰিছিল।

চেনেল চাবলৈ পৰিয়ালবোৰক ধন পৰিশোধ কৰাৰ কথাও ইডিয়ে  অস্বীকাৰ কৰিছে। মুম্বাই আৰক্ষীয়ে এক্কুইজৰী ৰিস্ক কনচাল্টিং প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ ফৰেনচিক অডিট প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰি তদন্ত চলাই গৈছিল। 

ই.ডি.-য়ে আন এটা ফাৰ্মৰ পৰা অডিট কৰাইছে। চোকচি আৰু চোকচি নামৰ সংস্থাটোৱে দাবী কৰিছে যে মুম্বাই আৰক্ষীৰ দ্বাৰা প্ৰস্তুত কৰা ফৰেনচিক অডিট প্ৰতিবেদনত উত্থাপিত অভিযোগবোৰ "উপৰুৱা" আছিল।  








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু