--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা টিআৰপি গোচৰ সন্দৰ্ভত শেহতীয়াকৈ ইডিয়ে অভিনামা দাখিল কৰিছে। অভিযোগনামাত ইডিয়ে স্পষ্টভাবে কৈছে যে টেলিভিছন ৰেটিং পইণ্ট (টিআৰপি)  ৰিপাব্লিক টিভিৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা হোৱা নাই। 

কেন্দ্ৰীয় সংস্থাটোৱে মুম্বাইৰ এখন বিশেষ আদালতত দাখিল কৰা অভিযোগনামাত ৰিপাব্লিক টিভিৰ গৰাকী এআৰজি আউটলিয়ৰ মিডিয়া বা ইয়াৰ কোনো সদস্যৰ নাম  উল্লেখ কৰা নাই। টিআৰপি কেলেংকাৰীত অৰ্ণৱ গোস্বামী আৰু কোম্পানীটোৰ আন চাৰিজনৰ নাম মুম্বাই আৰক্ষীৰ গোচৰত উল্লেখ কৰা হৈছিল। যাৰ ওপৰত ভিত্তি কৰি ইডিয়ে ধন সৰবৰাহৰ  পৃথক গোচৰ এটা তদন্ত কৰি আছিল।

 ইডিয়ে কৈছে যে সংস্থাটোৰ  তদন্ত মুম্বাই আৰক্ষীৰ দ্বাৰা পৰিচালিত তদন্তৰ  সৈতে "পৃথক" আছিল। ইডিয়ে দাবী কৰিছে যে টিআৰপি গোচৰ সন্দৰ্ভত  আৰক্ষীয়ে কৰা ফৰেনচিক প্ৰতিবেদন "উপৰুৱা" আৰু "সীমিত দিশৰ বিশ্লেষণৰ ওপৰত আধাৰিত" আছিল।  

বিএআৰচিয়ে ইয়াৰ অভিযোগনামাত  ১৬ জন লোকৰ নাম উল্লেখ কৰিছিল।মুম্বাই আৰক্ষীয়ে পৰম বীৰ সিঙৰ অধীনত বিজ্ঞাপন লাভৰ বাবে   টেলিভিছন চেনেল একাংশই ভুৱা  টিআৰপি ৰেটিং দেখুওৱাৰ গোচৰ ৰুজু কৰিছিল। আৰক্ষীয়ে দাবী কৰিছিল যে ৰিপাব্লিক টিভিয়েও টিআৰপিৰ নামত ভুৱা নথি দাখিল কৰিছিল।

চেনেল চাবলৈ পৰিয়ালবোৰক ধন পৰিশোধ কৰাৰ কথাও ইডিয়ে  অস্বীকাৰ কৰিছে। মুম্বাই আৰক্ষীয়ে এক্কুইজৰী ৰিস্ক কনচাল্টিং প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ ফৰেনচিক অডিট প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰি তদন্ত চলাই গৈছিল। 

ই.ডি.-য়ে আন এটা ফাৰ্মৰ পৰা অডিট কৰাইছে। চোকচি আৰু চোকচি নামৰ সংস্থাটোৱে দাবী কৰিছে যে মুম্বাই আৰক্ষীৰ দ্বাৰা প্ৰস্তুত কৰা ফৰেনচিক অডিট প্ৰতিবেদনত উত্থাপিত অভিযোগবোৰ "উপৰুৱা" আছিল।  








FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement