--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইত ২৪ এপ্ৰিলত অনুষ্ঠিত ৮১ সংখ্যক দীননাথ মংগেশকাৰ স্মৃতি দিৱসত প্ৰখ্যাত কথক নৃত্যাংগনা মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিয়ে কথক নৃত্য পৰিৱেশন কৰি দৰ্শকক মোহাৱিষ্ট কৰে। 

দীননাথ মংগেশকাৰ স্মৃতি প্ৰতিষ্ঠান আৰু হৃদয়েশ আৰ্টছৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বিশিষ্ট সংগীতজ্ঞ হৰিহৰণ আৰু ৰাহুল দেশপাণ্ডেৱেও কণ্ঠ সংগীত পৰিৱেশন কৰে। মেঘৰঞ্জনী আৰু মৰমী মেধিৰ আকৰ্ষণীয় কথক নৃত্যৰ উপৰি বিশিষ্ট সংগীতজ্ঞ জয়প্ৰকাশ মেধিৰ কণ্ঠ সংগীত আৰু প্ৰাংশু চতুৰলালৰ তবলা বাদন আছিল অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। 

অসমৰ সৈতে ৬০ বছৰীয়া সম্পৰ্কেৰে বান্ধ খাই থকা মংগেশকাৰ পৰিয়ালে এই প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানলৈ অসমৰ শিল্পীক আমন্ত্ৰণ জনালে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সভাপতিত্ব কৰে হৃদয়নাথ মংগেশকাৰে। সন্মানীয় লতা-দীননাথ মংগেশকাৰ পুৰস্কাৰ প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰাৰ পাছত এইবাৰ এই পুৰস্কাৰ প্ৰদান কৰা হয় দেশৰ এগৰাকী বিশিষ্ট গায়িকা আশা ভোছলেক। 

দীননাথ মংগেশকাৰ বঁটাপ্ৰাপক অন্যান্য বিশিষ্ট ব্যক্তিসকল হ'ল সংগীতত পংকজ উদাছ, নাটকত প্ৰশান্ত ডামলে আৰু সমাজসেৱাত শ্ৰী সদ্‌গুৰু সেৱা সংঘ ট্ৰাষ্ট। তদুপৰি গ্ৰন্থালী প্ৰকাশন, প্ৰসাদ ওক আৰু বিদ্যা বালানক ক্ৰমে সাহিত্য, চিনেমা আৰু নাট আৰু চিনেমাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষ বঁটা প্ৰদান কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে