--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইত ২৪ এপ্ৰিলত অনুষ্ঠিত ৮১ সংখ্যক দীননাথ মংগেশকাৰ স্মৃতি দিৱসত প্ৰখ্যাত কথক নৃত্যাংগনা মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিয়ে কথক নৃত্য পৰিৱেশন কৰি দৰ্শকক মোহাৱিষ্ট কৰে। 

দীননাথ মংগেশকাৰ স্মৃতি প্ৰতিষ্ঠান আৰু হৃদয়েশ আৰ্টছৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বিশিষ্ট সংগীতজ্ঞ হৰিহৰণ আৰু ৰাহুল দেশপাণ্ডেৱেও কণ্ঠ সংগীত পৰিৱেশন কৰে। মেঘৰঞ্জনী আৰু মৰমী মেধিৰ আকৰ্ষণীয় কথক নৃত্যৰ উপৰি বিশিষ্ট সংগীতজ্ঞ জয়প্ৰকাশ মেধিৰ কণ্ঠ সংগীত আৰু প্ৰাংশু চতুৰলালৰ তবলা বাদন আছিল অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। 

অসমৰ সৈতে ৬০ বছৰীয়া সম্পৰ্কেৰে বান্ধ খাই থকা মংগেশকাৰ পৰিয়ালে এই প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানলৈ অসমৰ শিল্পীক আমন্ত্ৰণ জনালে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সভাপতিত্ব কৰে হৃদয়নাথ মংগেশকাৰে। সন্মানীয় লতা-দীননাথ মংগেশকাৰ পুৰস্কাৰ প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰাৰ পাছত এইবাৰ এই পুৰস্কাৰ প্ৰদান কৰা হয় দেশৰ এগৰাকী বিশিষ্ট গায়িকা আশা ভোছলেক। 

দীননাথ মংগেশকাৰ বঁটাপ্ৰাপক অন্যান্য বিশিষ্ট ব্যক্তিসকল হ'ল সংগীতত পংকজ উদাছ, নাটকত প্ৰশান্ত ডামলে আৰু সমাজসেৱাত শ্ৰী সদ্‌গুৰু সেৱা সংঘ ট্ৰাষ্ট। তদুপৰি গ্ৰন্থালী প্ৰকাশন, প্ৰসাদ ওক আৰু বিদ্যা বালানক ক্ৰমে সাহিত্য, চিনেমা আৰু নাট আৰু চিনেমাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষ বঁটা প্ৰদান কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?