--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ বান্দ্ৰা বেণ্ড ষ্টেণ্ডৰ সন্মুখত ওখ অট্টালিকা। প্ৰতিদিনে এই ঘৰৰ বাহিৰত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ। ঘৰৰ নাম 'মন্নত'। এই ঘৰতে শ্বাহৰুখ খান থাকে। এবাৰ তেওঁক চাবলৈ ইমানবোৰ মানুহ গোট খায়। অভিনেতাজনো ওলাই আহি বছৰৰ বিভিন্ন সময়ত দৰ্শন দিয়ে।

অৱশ্যে ''মন্নত’’ৰ ভিতৰৰ অংশত প্ৰৱেশ কৰিবলৈ সকলোৰে সুবিধা নাই। কিন্তু এগৰাকী উদীয়মান মডেলে শ্বাহৰুখৰ ঘৰৰ ভিতৰলৈ যাবলৈ সুযোগ লাভ কৰিলে। তেওঁৰ নাম- নৱপ্ৰীত কৌৰ।

'মন্নত’ৰ ভিতৰত তেওঁৰ কেনেধৰণৰ অভিজ্ঞতা হ’ল? সেই কথা ছ’চিয়েল মিডিয়াত আলোকপাত কৰিছে যুৱতীগৰাকীয়ে।

ইনষ্টাগ্ৰামত শ্বাহৰুখৰ সৈতে এখন চেল্ফী শ্বেয়াৰ এটা দীঘলীয়া পোষ্ট লিখে নৱপ্ৰীতে। মডেলগৰাকীয়ে কয় যে সেইদিনাৰ অভিজ্ঞতা এতিয়াও তেওঁৰ স্মৃতিত সতেজ হৈ আছে। একো পাহৰিব নোৱাৰে।

যদিও নৱপ্ৰীতে প্ৰথমে এই বৈঠকৰ বিষয়ে কাকো জনাব নালাগে বুলি ভাবিছিল। কিন্তু পিছত মন সলনি কৰিলে। সেই অভিজ্ঞতা তেওঁ শ্বেয়াৰ কৰিব বিচাৰিলে।

নৱপ্ৰীতে লিখে যে শ্বাহৰুখে নিজৰ হাতেৰে তেওঁক পিজ্জা বনাইও খুৱাইছিল। নৱপ্ৰীতৰ ভাষাত- "সকলো সপোন যেন লাগিছিল। বিশ্বাস কৰিব পৰা নাছিলোঁ। যদিও মই শ্বাহৰুখৰ সন্মুখত নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰি আছিলো। ৰাতি খোৱাতো দূৰৰে কথা, এনে লাগিছিল যে মনৰ উত্তেজনাতে পেট ভৰি গৈছিল।’’

নৱপ্ৰীতে ক’লে যে শ্বাহৰুখে নিজেই তেওঁক বাথৰুমলৈ যোৱাৰ বাট দেখুৱাইছিল। কেৱল সেয়াই নহয়, ৰাতি ঘৰলৈ উভতি আহোঁতে শ্বাহৰুখে নৱপ্ৰীতক গাড়ীৰে থৈ আহে। আনকি গাড়ীৰ দুৱাৰখনো খুলি দিছিল।

কেৱল শ্বাহৰুখেই নহয়, গৌৰী, আৰ্য, সুহানা, আব্ৰাম কেনেকুৱা সেই কথাও ক’লে নৱপ্ৰীতে। জনাল- "শ্বাহৰুখৰ পত্নী গৌৰী বৰ ভাল মানুহ। বাহিৰৰ পৰা আৰিয়ানক কঠিন দেখা যায় আৰু বৰ কোমল হৃদয়ৰ মানুহ।'' শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰামো  বন্ধুত্বসুলভ, কিন্তু সুহানা মনে মনে থাকে।

শ্বাহৰুখে নৱপ্ৰীতক কিয় বা কি কাৰণত নিমন্ত্ৰণ কৰিছিল সেই কথা স্পষ্ট নকৰিলে নৱপ্ৰীতে। নৱপ্ৰীতৰ এই পোষ্টটো  ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে