--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ বান্দ্ৰা বেণ্ড ষ্টেণ্ডৰ সন্মুখত ওখ অট্টালিকা। প্ৰতিদিনে এই ঘৰৰ বাহিৰত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ। ঘৰৰ নাম 'মন্নত'। এই ঘৰতে শ্বাহৰুখ খান থাকে। এবাৰ তেওঁক চাবলৈ ইমানবোৰ মানুহ গোট খায়। অভিনেতাজনো ওলাই আহি বছৰৰ বিভিন্ন সময়ত দৰ্শন দিয়ে।

অৱশ্যে ''মন্নত’’ৰ ভিতৰৰ অংশত প্ৰৱেশ কৰিবলৈ সকলোৰে সুবিধা নাই। কিন্তু এগৰাকী উদীয়মান মডেলে শ্বাহৰুখৰ ঘৰৰ ভিতৰলৈ যাবলৈ সুযোগ লাভ কৰিলে। তেওঁৰ নাম- নৱপ্ৰীত কৌৰ।

'মন্নত’ৰ ভিতৰত তেওঁৰ কেনেধৰণৰ অভিজ্ঞতা হ’ল? সেই কথা ছ’চিয়েল মিডিয়াত আলোকপাত কৰিছে যুৱতীগৰাকীয়ে।

ইনষ্টাগ্ৰামত শ্বাহৰুখৰ সৈতে এখন চেল্ফী শ্বেয়াৰ এটা দীঘলীয়া পোষ্ট লিখে নৱপ্ৰীতে। মডেলগৰাকীয়ে কয় যে সেইদিনাৰ অভিজ্ঞতা এতিয়াও তেওঁৰ স্মৃতিত সতেজ হৈ আছে। একো পাহৰিব নোৱাৰে।

যদিও নৱপ্ৰীতে প্ৰথমে এই বৈঠকৰ বিষয়ে কাকো জনাব নালাগে বুলি ভাবিছিল। কিন্তু পিছত মন সলনি কৰিলে। সেই অভিজ্ঞতা তেওঁ শ্বেয়াৰ কৰিব বিচাৰিলে।

নৱপ্ৰীতে লিখে যে শ্বাহৰুখে নিজৰ হাতেৰে তেওঁক পিজ্জা বনাইও খুৱাইছিল। নৱপ্ৰীতৰ ভাষাত- "সকলো সপোন যেন লাগিছিল। বিশ্বাস কৰিব পৰা নাছিলোঁ। যদিও মই শ্বাহৰুখৰ সন্মুখত নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰি আছিলো। ৰাতি খোৱাতো দূৰৰে কথা, এনে লাগিছিল যে মনৰ উত্তেজনাতে পেট ভৰি গৈছিল।’’

নৱপ্ৰীতে ক’লে যে শ্বাহৰুখে নিজেই তেওঁক বাথৰুমলৈ যোৱাৰ বাট দেখুৱাইছিল। কেৱল সেয়াই নহয়, ৰাতি ঘৰলৈ উভতি আহোঁতে শ্বাহৰুখে নৱপ্ৰীতক গাড়ীৰে থৈ আহে। আনকি গাড়ীৰ দুৱাৰখনো খুলি দিছিল।

কেৱল শ্বাহৰুখেই নহয়, গৌৰী, আৰ্য, সুহানা, আব্ৰাম কেনেকুৱা সেই কথাও ক’লে নৱপ্ৰীতে। জনাল- "শ্বাহৰুখৰ পত্নী গৌৰী বৰ ভাল মানুহ। বাহিৰৰ পৰা আৰিয়ানক কঠিন দেখা যায় আৰু বৰ কোমল হৃদয়ৰ মানুহ।'' শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰামো  বন্ধুত্বসুলভ, কিন্তু সুহানা মনে মনে থাকে।

শ্বাহৰুখে নৱপ্ৰীতক কিয় বা কি কাৰণত নিমন্ত্ৰণ কৰিছিল সেই কথা স্পষ্ট নকৰিলে নৱপ্ৰীতে। নৱপ্ৰীতৰ এই পোষ্টটো  ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?