--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ সেনাই এইবাৰ অসমৰ নিচেই কাষতে অৰুণাচলত ভাৰতীয় সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে৷ লাডাখত চীনৰ সেনাই কিছুবছৰ আগতে আক্ৰমণ চলাই ২০ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ উত্তেজনা শাম নৌকাটোতেই অৰুণাচলত চীনৰ সেনা আক্ৰমণে চিন্তাৰ উদ্ৰেক ঘটাইছে৷ 

শেহতীয়া  খবৰ অনুসৰি ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাং খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষতে ভাৰতীয় সেনাক আক্ৰমণ কৰে  ৰঙা চীনৰ সেনাই৷  লক্ষ্যণীয় কথাটো হ’ল এইবাৰো  সংঘৰ্ষত কেইবাজনো ভাৰতীয় সেনা  আহত হোৱাৰ বুলি জনা গৈছে৷ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে আহত সৈনিক কেইজনমানক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ   বাবে গুৱাহাটীলৈ  অনা হৈছে৷ তেওঁলোকৰ অৱস্থা এতিয়া কেনে সেই বিষয়ত বিষয়াজনে বিশেষ একো জনাবলৈ অস্বীকাৰ কৰে৷ 

দৰাচলতে ৯ ডিচেম্বৰত অৰুণাচলত কি ঘটিছিল? বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  টাৱাং চেক্টৰৰ সমীপৰে য়াংষ্টেত চীনা সৈন্যই অৱস্থান গ্ৰহণ কৰাৰ পিছতে সষ্ট হৈ পৰে ভাৰতীয় সেনা৷ ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিয়াৰ পূৰ্বেই চীনা সেনাই ভাৰীয় সেনা দলটোক আক্ৰমণ কৰে৷ এই আক্ৰমণত হতাহতৰ সংখ্যা সঠিককৈ জানিব পৰা হোৱা নাই যদিও ভাৰতীয় সেনাৰ কেইবাজনো জোৱান গুৰুতৰ ভাবে আহত হৈছেষ সেনাৰ চোৰাংচোৱা শাখাৰ এগৰাকী বিষয়াই ’ প্ৰাগ নিউজ ডিজিটেল’ক জনোৱা মতে কেইবাজনো আহত সেনা জোৱানক গুৱাহাটীলৈ উন্নত  চিকিৎসাৰ বাবেঅনা হৈছে৷

কেইদিন আগতেওঁ ৩০০ তকৈও অধিক চীনা সৈন্যই ১৭,০০০ ফুট উচ্চতাৰ  তাৱাঙৰ য়াংষ্টেত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু ভাৰতীয় সেনাই সেই চেষ্টা বিফল কৰিছিল। লক্ষ্যণীয়ভাৱে ভাৰতীয় সৈন্যই বিগত বৰ্ষৰ অক্টোবৰ মাহত একেটা অঞ্চলতে চীনা সৈন্যৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছিল।  সেই সময়ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত প্ৰায় ২০০ জন পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ সৈনিকক বাধা দিছিল ভাৰতীয় সেনাই। 

 টাৱাঙত ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘৰ্ষৰ বাতৰি বিয়পি পৰাৰ লগে লগে  প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছে কেন্দ্ৰক সীমান্ত সুৰক্ষাৰ বাবে  কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।" অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰত ভাৰত আৰু চীনৰ সৈনিকসকলৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছে। চৰকাৰে ইয়াৰ দোদুল্যমান মনোভাৱ এৰি চীনক কঠোৰ সুৰত বুজাই দিয়াৰ সময় আহি পৰিছে যে এনে কাৰ্য সহ্য কৰা নহ'ব," কংগ্ৰেছে কয়। 

 ইফালে, এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়ে অৰুণাচল প্ৰদেশত সংঘৰ্ষৰ বিষয়ে চৰকাৰে সংসদক কিয় অৱগত কৰা নাই বুলি প্ৰশ্ন কৰে।  ৱাইচিয়ে টুইটত কয়   "অৰুণাচল প্ৰদেশৰ পৰা অহা খবৰ উদ্বেগজনক । ভাৰত আৰু চীনা সৈন্যৰ মাজত  সংঘৰ্ষ  হৈছিল অথচ  চৰকাৰে দেশখনক কেইবাদিনো ধৰি বিষয়টো  গাপ দি ৰাখিছিল। এই ঘটনাকলৈ   সংসদত এক জৰুৰী আলোচনাৰ প্ৰয়োজন বুলিও তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু