--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ সেনাই এইবাৰ অসমৰ নিচেই কাষতে অৰুণাচলত ভাৰতীয় সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে৷ লাডাখত চীনৰ সেনাই কিছুবছৰ আগতে আক্ৰমণ চলাই ২০ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ উত্তেজনা শাম নৌকাটোতেই অৰুণাচলত চীনৰ সেনা আক্ৰমণে চিন্তাৰ উদ্ৰেক ঘটাইছে৷ 

শেহতীয়া  খবৰ অনুসৰি ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাং খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষতে ভাৰতীয় সেনাক আক্ৰমণ কৰে  ৰঙা চীনৰ সেনাই৷  লক্ষ্যণীয় কথাটো হ’ল এইবাৰো  সংঘৰ্ষত কেইবাজনো ভাৰতীয় সেনা  আহত হোৱাৰ বুলি জনা গৈছে৷ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে আহত সৈনিক কেইজনমানক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ   বাবে গুৱাহাটীলৈ  অনা হৈছে৷ তেওঁলোকৰ অৱস্থা এতিয়া কেনে সেই বিষয়ত বিষয়াজনে বিশেষ একো জনাবলৈ অস্বীকাৰ কৰে৷ 

দৰাচলতে ৯ ডিচেম্বৰত অৰুণাচলত কি ঘটিছিল? বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  টাৱাং চেক্টৰৰ সমীপৰে য়াংষ্টেত চীনা সৈন্যই অৱস্থান গ্ৰহণ কৰাৰ পিছতে সষ্ট হৈ পৰে ভাৰতীয় সেনা৷ ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিয়াৰ পূৰ্বেই চীনা সেনাই ভাৰীয় সেনা দলটোক আক্ৰমণ কৰে৷ এই আক্ৰমণত হতাহতৰ সংখ্যা সঠিককৈ জানিব পৰা হোৱা নাই যদিও ভাৰতীয় সেনাৰ কেইবাজনো জোৱান গুৰুতৰ ভাবে আহত হৈছেষ সেনাৰ চোৰাংচোৱা শাখাৰ এগৰাকী বিষয়াই ’ প্ৰাগ নিউজ ডিজিটেল’ক জনোৱা মতে কেইবাজনো আহত সেনা জোৱানক গুৱাহাটীলৈ উন্নত  চিকিৎসাৰ বাবেঅনা হৈছে৷

কেইদিন আগতেওঁ ৩০০ তকৈও অধিক চীনা সৈন্যই ১৭,০০০ ফুট উচ্চতাৰ  তাৱাঙৰ য়াংষ্টেত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু ভাৰতীয় সেনাই সেই চেষ্টা বিফল কৰিছিল। লক্ষ্যণীয়ভাৱে ভাৰতীয় সৈন্যই বিগত বৰ্ষৰ অক্টোবৰ মাহত একেটা অঞ্চলতে চীনা সৈন্যৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছিল।  সেই সময়ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত প্ৰায় ২০০ জন পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ সৈনিকক বাধা দিছিল ভাৰতীয় সেনাই। 

 টাৱাঙত ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘৰ্ষৰ বাতৰি বিয়পি পৰাৰ লগে লগে  প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছে কেন্দ্ৰক সীমান্ত সুৰক্ষাৰ বাবে  কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।" অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰত ভাৰত আৰু চীনৰ সৈনিকসকলৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছে। চৰকাৰে ইয়াৰ দোদুল্যমান মনোভাৱ এৰি চীনক কঠোৰ সুৰত বুজাই দিয়াৰ সময় আহি পৰিছে যে এনে কাৰ্য সহ্য কৰা নহ'ব," কংগ্ৰেছে কয়। 

 ইফালে, এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়ে অৰুণাচল প্ৰদেশত সংঘৰ্ষৰ বিষয়ে চৰকাৰে সংসদক কিয় অৱগত কৰা নাই বুলি প্ৰশ্ন কৰে।  ৱাইচিয়ে টুইটত কয়   "অৰুণাচল প্ৰদেশৰ পৰা অহা খবৰ উদ্বেগজনক । ভাৰত আৰু চীনা সৈন্যৰ মাজত  সংঘৰ্ষ  হৈছিল অথচ  চৰকাৰে দেশখনক কেইবাদিনো ধৰি বিষয়টো  গাপ দি ৰাখিছিল। এই ঘটনাকলৈ   সংসদত এক জৰুৰী আলোচনাৰ প্ৰয়োজন বুলিও তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক