--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জে এন ইউ- ৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদক আজি সাময়িক সকাহ প্ৰদান কৰিছে আদালতে। দিল্লীৰ আদালতে আজি নিজ ভগ্নীৰ বিয়াৰ বাবে খালিদক এসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

আদালতে আজি ওমৰ খালিদৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ২৩ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ এই জামিন প্ৰদান কৰে। অৱশ্যে খালিদে দুই সপ্তাহৰ বাবে জামিনৰ অনুৰোধ জনাইছিল যদিও আদালতে এসপ্তাহৰ বাবেহে দিয়ে।

উল্লেখ্য যে খালিদক ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা দিল্লীৰ হিংসাত্মক কাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি অভিযোগ কৰা হৈছিল আৰু এই গোচৰত তেওঁৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) আৰু ভাৰতীয় দণ্ডবিধিৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

নাগৰিকত্ব (সংশোধনী) আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত সংঘটিত এই হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত বুলি খালিদৰ ওপৰত অভিযোগ আৰোপ কৰি ২০২০ চনৰ ছেপ্টেম্বৰ মাহত দিল্লী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু