--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰতৰ কম্পিউটাৰৰ ওপৰত চকু পৰিছে  চীনৰ হেকাৰৰ! চীনৰ হেকাৰে ভাৰতীয় লোকে ব্যৱহাৰ কৰা কম্পিউটাৰৰ পৰা বহু গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰি নিবলৈ আৰম্ভ কৰিছে৷ এনে খবৰ ন্শ্চিত হোৱাৰ পিছতে সষ্টম হৈ পৰিছে ভাৰত চৰকাৰ৷ কেন্দ্ৰীয় মন্ত্ৰালয় আৰু পিএছইউৰ সকলো কৰ্মচাৰীয়ে এক মানক অপাৰেটিং প্ৰটোকল (এছ.ও.পি.) অনুসৰণ কৰিব লাগিব বুলি ভাৰত চৰকাৰে সতৰ্ক কৰি দিছে ।চৰকাৰে লগতে কৈছে যে  কিছুমান সাধাৰণ নিয়মো আছে যাক বাধ্যতামূলকভাৱে অনুসৰণ কৰিব লাগিব, যিবোৰ কামৰ ক্ষেত্ৰত অত্যাৱশ্যকীয়।

উল্লেখ্য চীনে বাৰে বাৰে ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছে। দেশ খনৰ এনে কেইবাটাও পদক্ষেপ ইতিমধ্যে ব্যাহত হৈছে। চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰালয়ত কাম কৰা লোকসকলক সতৰ্ক কৰি দিছে।কেন্দ্ৰীয় মন্ত্ৰালয়ৰ কৰ্মচাৰী আৰু ৰাজহুৱা খণ্ডৰ গোটসমূহৰ (পিএছইউ) সকলো কৰ্মচাৰীক এক মানক অপাৰেটিং প্ৰটোকল অনুসৰণ কৰিবলৈ কোৱা হৈছে। একে সময়তে, কিছুমান সাধাৰণ নিয়ম বাধ্যতামূলক ভাৱে অনুসৰণ কৰিব লাগিব উদাহৰণ স্বৰূপে, কামৰ শেষত সকলো সময়তে কম্পিউটাৰটো বন্ধ কৰা, কামৰ পিছত জিমেইলৰ পৰা লগ আউট কৰা বা যিকোনো গুৰুত্বপূৰ্ণ একাউণ্টৰ পাছৱৰ্ড সঘনাই সলনি কৰা। কৰ্মচাৰীসকলে যদি এই নিয়ম অনুসৰণ নকৰে তেন্তে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'ব লাগিব।

কেইদিনমান আগতে দিল্লীৰ এইমছত এটা ডাঙৰ চাইবাৰ আক্ৰমণ হৈছিল। পিছত জানিব পৰা গৈছিল যে  যে এজন কৰ্মচাৰীয়ে কাম কৰোঁতে এই সাধাৰণ নিয়মবোৰ অনুসৰণ নকৰাৰ বাবে ইমান ডাঙৰ বিপদৰ সৃষ্টি হৈছিল। বহুসময়ত কৰ্মচাৰীসকলে কামৰ পিছত কম্পিউটাৰটো অফ কৰে আৰু ঘৰলৈ যায়, কিন্তু হোৱাটছএপ বা জিমেইলত তেওঁলোকৰ একাউণ্টৰ পৰা লগ আউট নকৰে। কিছুমানে আনকি কামৰ শেষত কম্পিউটাৰটো অফ কৰিবলৈও  পাহৰি যায়। এইমছৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছিল। 

কেৱল এইমছেই নহয়, সাম্প্ৰতিক সময়ত, বেংকৰ পৰা বিদ্যুৎ বিভাগলৈকে বিভিন্ন স্থানত চাইবাৰ আক্ৰমণৰ চেষ্টা কৰা হৈছে। অৱশ্যে, সকলো ক্ষেত্ৰতে, দেশৰ চাইবাৰ বিশেষজ্ঞসকলে দুৰ্বৃত্তসকলৰ পৰিকল্পনা বিফল কৰিবলৈ সক্ষম হৈছে। চাইবাৰ বিশেষজ্ঞসকলে কৈছে যে এই আক্ৰমণবোৰৰ বেছিভাগেই চীনৰ পৰা হৈছিল। চীনা হেকাৰসকলে বাৰে বাৰে চাইবাৰ ৱৰ্ল্ডৰ  জৰিয়তে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে।  গৃহ মন্ত্ৰালয় আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ত এই সন্দৰ্ভত অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement