--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰতৰ কম্পিউটাৰৰ ওপৰত চকু পৰিছে  চীনৰ হেকাৰৰ! চীনৰ হেকাৰে ভাৰতীয় লোকে ব্যৱহাৰ কৰা কম্পিউটাৰৰ পৰা বহু গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰি নিবলৈ আৰম্ভ কৰিছে৷ এনে খবৰ ন্শ্চিত হোৱাৰ পিছতে সষ্টম হৈ পৰিছে ভাৰত চৰকাৰ৷ কেন্দ্ৰীয় মন্ত্ৰালয় আৰু পিএছইউৰ সকলো কৰ্মচাৰীয়ে এক মানক অপাৰেটিং প্ৰটোকল (এছ.ও.পি.) অনুসৰণ কৰিব লাগিব বুলি ভাৰত চৰকাৰে সতৰ্ক কৰি দিছে ।চৰকাৰে লগতে কৈছে যে  কিছুমান সাধাৰণ নিয়মো আছে যাক বাধ্যতামূলকভাৱে অনুসৰণ কৰিব লাগিব, যিবোৰ কামৰ ক্ষেত্ৰত অত্যাৱশ্যকীয়।

উল্লেখ্য চীনে বাৰে বাৰে ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছে। দেশ খনৰ এনে কেইবাটাও পদক্ষেপ ইতিমধ্যে ব্যাহত হৈছে। চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰালয়ত কাম কৰা লোকসকলক সতৰ্ক কৰি দিছে।কেন্দ্ৰীয় মন্ত্ৰালয়ৰ কৰ্মচাৰী আৰু ৰাজহুৱা খণ্ডৰ গোটসমূহৰ (পিএছইউ) সকলো কৰ্মচাৰীক এক মানক অপাৰেটিং প্ৰটোকল অনুসৰণ কৰিবলৈ কোৱা হৈছে। একে সময়তে, কিছুমান সাধাৰণ নিয়ম বাধ্যতামূলক ভাৱে অনুসৰণ কৰিব লাগিব উদাহৰণ স্বৰূপে, কামৰ শেষত সকলো সময়তে কম্পিউটাৰটো বন্ধ কৰা, কামৰ পিছত জিমেইলৰ পৰা লগ আউট কৰা বা যিকোনো গুৰুত্বপূৰ্ণ একাউণ্টৰ পাছৱৰ্ড সঘনাই সলনি কৰা। কৰ্মচাৰীসকলে যদি এই নিয়ম অনুসৰণ নকৰে তেন্তে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'ব লাগিব।

কেইদিনমান আগতে দিল্লীৰ এইমছত এটা ডাঙৰ চাইবাৰ আক্ৰমণ হৈছিল। পিছত জানিব পৰা গৈছিল যে  যে এজন কৰ্মচাৰীয়ে কাম কৰোঁতে এই সাধাৰণ নিয়মবোৰ অনুসৰণ নকৰাৰ বাবে ইমান ডাঙৰ বিপদৰ সৃষ্টি হৈছিল। বহুসময়ত কৰ্মচাৰীসকলে কামৰ পিছত কম্পিউটাৰটো অফ কৰে আৰু ঘৰলৈ যায়, কিন্তু হোৱাটছএপ বা জিমেইলত তেওঁলোকৰ একাউণ্টৰ পৰা লগ আউট নকৰে। কিছুমানে আনকি কামৰ শেষত কম্পিউটাৰটো অফ কৰিবলৈও  পাহৰি যায়। এইমছৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছিল। 

কেৱল এইমছেই নহয়, সাম্প্ৰতিক সময়ত, বেংকৰ পৰা বিদ্যুৎ বিভাগলৈকে বিভিন্ন স্থানত চাইবাৰ আক্ৰমণৰ চেষ্টা কৰা হৈছে। অৱশ্যে, সকলো ক্ষেত্ৰতে, দেশৰ চাইবাৰ বিশেষজ্ঞসকলে দুৰ্বৃত্তসকলৰ পৰিকল্পনা বিফল কৰিবলৈ সক্ষম হৈছে। চাইবাৰ বিশেষজ্ঞসকলে কৈছে যে এই আক্ৰমণবোৰৰ বেছিভাগেই চীনৰ পৰা হৈছিল। চীনা হেকাৰসকলে বাৰে বাৰে চাইবাৰ ৱৰ্ল্ডৰ  জৰিয়তে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে।  গৃহ মন্ত্ৰালয় আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ত এই সন্দৰ্ভত অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু