--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালা (কেৰালা)ত বেগিঙৰ বলি হ’ল এজন ছাত্ৰ। অভিযোগ অনুসৰি, ২৯ ঘণ্টা ধৰি নৃশংস নিৰ্যাতনৰ ফলত কেৰালাত এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ মৃত্যু হয়। ৱেইনাড জিলাৰ মেডিকেল কলেজ লাগোয়া হোষ্টেলৰ পৰা উদ্ধাৰ কৰে ছাত্ৰজনৰ মৃতদেহ। এই ঘটনাত বাওঁ ছাত্ৰ সংগঠনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতে ৰাজ্য চৰকাৰে ছাত্ৰজনৰ ‘ৰহস্যজনক মৃত্যু’ৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত সিদ্ধাৰ্থন জে এছ পশু চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি আছিল। যোৱা ১৮ ফেব্ৰুৱাৰীত হোষ্টেলৰ বাথৰুমৰ পৰা তেওঁৰ নিথৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। নৃশংস বেগিঙৰ বাবে সিদ্ধাৰ্থনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ অভিযোগ। বাওঁ ছাত্ৰ সংগঠন এছ এফ আইৰ সদস্য আৰু অন্যান্য সহপাঠীৰ বিৰুদ্ধে পৰিয়ালৰ সদস্যই অভিযোগ উত্থাপন কৰিছে।

প্ৰথমে কেৰালা আৰক্ষীয়ে ছাত্ৰজনৰ মৃত্যুৰ তদন্ত কৰি আছিল। তেওঁলোকৰ মতে, কলেজখনৰ ছিনিয়ৰ আৰু সহপাঠীসকলে ২৯ ঘণ্টা ধৰি অবিৰতভাৱে সিদ্ধাৰ্থনক অত্যাচাৰ চলাইছিল। ইয়াৰ পিছত হোষ্টেলত প্ৰৱেশ কৰি আত্মহত্যা কৰে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে আত্মহত্যাৰ সহযোগিতাৰ গোচৰ ৰুজু কৰে। সেই ফাইলটো চি বি আইৰ হাতত গতাই দিয়া হৈছে। উপ-পৰিদৰ্শক প্ৰশৱ পিভিয়ে কয় যে, “ছাত্ৰজনৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰা হৈছিল।” ১৬ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা ১৭ ফেব্ৰুৱাৰীৰ পুৱা ২ বজালৈ চলিছিল এই নৃশংস নিৰ্যাতন। হাত আৰু বেল্টেৰে কোব কৰা। ইয়াৰ পিছত ১৮ ফেব্ৰুৱাৰীৰ ১২:৩০ বজাৰ পৰা ১:৪৫ বজাৰ ভিতৰত ছাত্ৰজনে হোষ্টেলৰ বাথৰুমত ফাঁচী দি আত্মহত্যা কৰে।

তদন্তৰ দায়িত্ব লোৱাৰ পিছত চিবিআইয়ে প্ৰথমে ২০জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। এই ২০ জন লোক অপৰাধ সংঘটিত হোৱাৰ দিনা হোষ্টেলত আছিল। মন কৰিবলগীয়া যে বেগিঙত ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ সন্দৰ্ভত বাওঁ ছাত্ৰ সংগঠনৰ বিৰুদ্ধে উত্থাপিত অভিযোগত কেৰালাৰ বাওঁ চৰকাৰ অস্বস্তিত পৰিছিল। বিৰোধী ৰাজনৈতিক শিবিৰৰ আক্ৰমণৰ পিছত যোৱা ৯ মাৰ্চত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে চিবিআইৰ তদন্তৰ নিৰ্দেশ দিছিল। কেন্দ্ৰীয় সংস্থাটোৱে এনে তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু