--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাৰ্মানীৰ বায়াৰ্ন মিউনিখত যোগদান কৰিলে হেৰী কেনে। টটেনহাম হটস্পাৰৰ পৰা শুকুৰবাৰে বিদায় লয়  ইংৰাজী অধিনায়কগৰাকীয়ে। বেয়াৰ্নত যোগদানৰ পাছতে জাৰ্মানীলৈ যায় হেৰী। চাৰি বছৰৰ বাবে চুক্তিবদ্ধ হৈছে তেওঁ।

ভাৰতীয় মুদ্ৰাত (১০ কোটি ইউৰো) ৯১০ কোটি টকাত টটেনহাম এৰি হেৰী কেনে বেয়াৰ্নলৈ যায়। ইয়াৰ উপৰিও অতিৰিক্ত ৮২ কোটি টকা আদায় দিয়াৰ সম্ভাৱনা আছে। ২০০৪ চনত হেৰী কেনে ফুটবল শিকিবলৈ টটেনহামত যোগদান কৰে।

ক্লাব এৰি যোৱাৰ পিছত তেওঁ কয়- ''প্ৰায় ২০ বছৰ ধৰি যিটো ক্লাবৰ লগত আছো, সেই ক্লাব এৰি যোৱাটো সহজ নহয়। ১১ বছৰীয়া ল’ৰা এটাৰ পৰাই সেই ক্লাবে মোক ৩০ বছৰীয়া যুৱক কৰি তুলিছে।”

৩০ বছৰীয়া হেৰী কেনে ২০০৯ চনত টটেনহামৰ ছিনিয়ৰ দলত যোগদান কৰে। যোৱা ১৪ বছৰ ধৰি ইংৰাজী ক্লাবত যোগদান কৰি আহিছে। ইয়াৰ মাজতে লেটন অৰিয়েণ্ট (২০১১), মিলৱাল (২০১২), নৰ্উইক চিটি (২০১২–১৩) আৰু লেষ্টাৰ চিটি (২০১৩)লৈ ঋণত গৈছিল। ২০১৫ চনত ইংলেণ্ডৰ হৈ অভিষেক ঘটায় হেৰী কেনে। দেশৰ জাৰ্চি পিন্ধি তেওঁ ৮৪খন খেল খেলিছিল। তেওঁ দলটোক কাটাৰত অনুষ্ঠিত বিশ্বকাপলৈও নেতৃত্ব দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু