--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাৰ্মানীৰ বায়াৰ্ন মিউনিখত যোগদান কৰিলে হেৰী কেনে। টটেনহাম হটস্পাৰৰ পৰা শুকুৰবাৰে বিদায় লয়  ইংৰাজী অধিনায়কগৰাকীয়ে। বেয়াৰ্নত যোগদানৰ পাছতে জাৰ্মানীলৈ যায় হেৰী। চাৰি বছৰৰ বাবে চুক্তিবদ্ধ হৈছে তেওঁ।

ভাৰতীয় মুদ্ৰাত (১০ কোটি ইউৰো) ৯১০ কোটি টকাত টটেনহাম এৰি হেৰী কেনে বেয়াৰ্নলৈ যায়। ইয়াৰ উপৰিও অতিৰিক্ত ৮২ কোটি টকা আদায় দিয়াৰ সম্ভাৱনা আছে। ২০০৪ চনত হেৰী কেনে ফুটবল শিকিবলৈ টটেনহামত যোগদান কৰে।

ক্লাব এৰি যোৱাৰ পিছত তেওঁ কয়- ''প্ৰায় ২০ বছৰ ধৰি যিটো ক্লাবৰ লগত আছো, সেই ক্লাব এৰি যোৱাটো সহজ নহয়। ১১ বছৰীয়া ল’ৰা এটাৰ পৰাই সেই ক্লাবে মোক ৩০ বছৰীয়া যুৱক কৰি তুলিছে।”

৩০ বছৰীয়া হেৰী কেনে ২০০৯ চনত টটেনহামৰ ছিনিয়ৰ দলত যোগদান কৰে। যোৱা ১৪ বছৰ ধৰি ইংৰাজী ক্লাবত যোগদান কৰি আহিছে। ইয়াৰ মাজতে লেটন অৰিয়েণ্ট (২০১১), মিলৱাল (২০১২), নৰ্উইক চিটি (২০১২–১৩) আৰু লেষ্টাৰ চিটি (২০১৩)লৈ ঋণত গৈছিল। ২০১৫ চনত ইংলেণ্ডৰ হৈ অভিষেক ঘটায় হেৰী কেনে। দেশৰ জাৰ্চি পিন্ধি তেওঁ ৮৪খন খেল খেলিছিল। তেওঁ দলটোক কাটাৰত অনুষ্ঠিত বিশ্বকাপলৈও নেতৃত্ব দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক