--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ৯৮  খন দেশৰ অংশগ্ৰহণেৰে বাংগালুৰুত আৰম্ভ হৈছে এছিয়াৰ সৰ্ববৃহৎ বিমান প্ৰদৰ্শনী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত 'এৰো ইণ্ডিয়া ২০২৩' শীৰ্ষক প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰে৷  অনুষ্ঠানটো মুখ্যতঃ থলুৱা প্ৰযুক্তিৰে তৈয়াৰ কৰা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনৰ বাবে আয়োজন কৰা হৈছে ।

 'এৰো ইণ্ডিয়া ২০২৩' শীৰ্ষক অনুষ্ঠানটোত ভাৰতে দেশীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ আৰু যুঁজাৰু বিমান প্ৰদৰ্শন কৰা হ’ব৷  ভাৰতৰ  প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই অনুষ্ঠানৰ আয়োজন কৰিছে। এয়া  প্ৰদৰ্শনীখনৰ  চতুৰ্দশ সংস্কৰণ৷ 

এইবাৰৰ  'এৰো ইণ্ডিয়া ২০২৩' প্ৰদৰ্শনীৰ বিষয়বস্তু হৈছে 'বহু নিযুত  সম্ভাৱনা'। এই প্ৰদৰ্শনীত বিভিন্ন দেশৰ সৈতে ভাৰতৰ  প্ৰায় ৭৫ হাজাৰ কোটি টকাৰ ২৫১ খন বুজাবুজি চুক্তি স্বাক্ষৰ  হ'ব বুলি আশা কৰা হৈছে। ভাৰতে ইয়াৰ পূৰ্বেও  উন্নত বিশ্বৰ বিভিন্ন দেশৰ সৈতে  অস্ত্ৰ নিৰ্মাতাৰ  চুক্তি স্বাক্ষৰ কৰিছে। 

কেন্দ্ৰীয় চৰকাৰে ভাৰতত যুদ্ধাস্ত্ৰৰ  অংশ নিৰ্মাণ কৰিব বিচাৰে। সোমবাৰে এয়াৰ ইণ্ডিয়াই বোয়িং আৰু এয়াৰবাছৰ সৈতে বহু কোটিটকীয়া  চুক্তি কৰিছে৷ এয়াৰ ষ্টাফৰ মুৰব্বী  এয়াৰ মাৰ্শ্বাল ভি আৰ চৌধুৰীয়ে প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। 

এলিজাবেথ জোনছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধিদলটোক  নেতৃত্ব দিছিল। বাংগালুৰুত প্ৰদৰ্শনী উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "বাংগালুৰুৰ আকাশত নতুন ভাৰতৰ শক্তি দেখা পোৱা গৈছে। ভাৰতে আকৌ এবাৰ এটা নতুন উচ্চতাত উপনীত হৈছে।" উল্লেখ্য  কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন ২০২৩ চনতে অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ পূৰ্বে  মোদীয়ে ৰাজ্য  দেশৰ 'আত্মনিৰ্ভৰশীলতা' আৰু 'শক্তি'ৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু