--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ৯৮  খন দেশৰ অংশগ্ৰহণেৰে বাংগালুৰুত আৰম্ভ হৈছে এছিয়াৰ সৰ্ববৃহৎ বিমান প্ৰদৰ্শনী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত 'এৰো ইণ্ডিয়া ২০২৩' শীৰ্ষক প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰে৷  অনুষ্ঠানটো মুখ্যতঃ থলুৱা প্ৰযুক্তিৰে তৈয়াৰ কৰা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনৰ বাবে আয়োজন কৰা হৈছে ।

 'এৰো ইণ্ডিয়া ২০২৩' শীৰ্ষক অনুষ্ঠানটোত ভাৰতে দেশীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ আৰু যুঁজাৰু বিমান প্ৰদৰ্শন কৰা হ’ব৷  ভাৰতৰ  প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই অনুষ্ঠানৰ আয়োজন কৰিছে। এয়া  প্ৰদৰ্শনীখনৰ  চতুৰ্দশ সংস্কৰণ৷ 

এইবাৰৰ  'এৰো ইণ্ডিয়া ২০২৩' প্ৰদৰ্শনীৰ বিষয়বস্তু হৈছে 'বহু নিযুত  সম্ভাৱনা'। এই প্ৰদৰ্শনীত বিভিন্ন দেশৰ সৈতে ভাৰতৰ  প্ৰায় ৭৫ হাজাৰ কোটি টকাৰ ২৫১ খন বুজাবুজি চুক্তি স্বাক্ষৰ  হ'ব বুলি আশা কৰা হৈছে। ভাৰতে ইয়াৰ পূৰ্বেও  উন্নত বিশ্বৰ বিভিন্ন দেশৰ সৈতে  অস্ত্ৰ নিৰ্মাতাৰ  চুক্তি স্বাক্ষৰ কৰিছে। 

কেন্দ্ৰীয় চৰকাৰে ভাৰতত যুদ্ধাস্ত্ৰৰ  অংশ নিৰ্মাণ কৰিব বিচাৰে। সোমবাৰে এয়াৰ ইণ্ডিয়াই বোয়িং আৰু এয়াৰবাছৰ সৈতে বহু কোটিটকীয়া  চুক্তি কৰিছে৷ এয়াৰ ষ্টাফৰ মুৰব্বী  এয়াৰ মাৰ্শ্বাল ভি আৰ চৌধুৰীয়ে প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। 

এলিজাবেথ জোনছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধিদলটোক  নেতৃত্ব দিছিল। বাংগালুৰুত প্ৰদৰ্শনী উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "বাংগালুৰুৰ আকাশত নতুন ভাৰতৰ শক্তি দেখা পোৱা গৈছে। ভাৰতে আকৌ এবাৰ এটা নতুন উচ্চতাত উপনীত হৈছে।" উল্লেখ্য  কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন ২০২৩ চনতে অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ পূৰ্বে  মোদীয়ে ৰাজ্য  দেশৰ 'আত্মনিৰ্ভৰশীলতা' আৰু 'শক্তি'ৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক