--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক'ভিডে সকলোৰে মনত শংকা বৃদ্ধি কৰি আহিছে যদিও দেশত সংক্ৰমণ হ্ৰাসে গঢ়িছে নতুন ৰেকৰ্ড৷ ৯ মাহৰ পাছত ক'ভিড সংক্ৰমণৰ হাৰ যথেষ্ট হ্ৰাস পাইছে যোৱা ২৪ ঘন্টাত৷ সোমবাৰে ভাৰতত নতুনকৈ ধৰা পৰিছে ১০,১২৬ জন৷ ২৬৬ দিনৰ পাছত ধৰা পৰা এয়াই হৈছে সৰ্বনিম্ন ক'ভিড পজিটিভৰ সংখ্যা৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত মৃত্যু ঘটিছে ৩৩২জনৰ৷ ইয়াৰ পাছতে দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩,৪৩,৭৭,১১৩ জনলৈ আৰু মৃতকৰ সংখ্যা বৃদ্ধি ৪,৬১,৩৮৯জনলৈ৷ দেশত আৰোগ্যৰ হাৰ ৯৮.২৪ শতাংশ৷ যিটো হাৰ ২০২০ চনৰ মাৰ্চৰ ভিতৰতে সৰ্বাধিক৷ ১১,৯৮২জনে আৰোগ্য লাভ কৰিছে যোৱা ২৪ ঘন্টাত৷

উল্লেখ্য যে দেশজুৰি চলা ভেকচিন প্ৰদানত বৰ্তমানলৈকে ১০৯ কোটি লোকে লাভ কৰিছে ভেকচিন৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে যোৱা ২৪ ঘন্টাত ৫৯,০৮,৪৪০গৰাকীয়ে ভেকচিন লাভ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক