--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সোমবাৰে দিল্লীৰ ৰাষ্ট্রপতি ভৱনত প্ৰদান কৰা হয় পদ্মবঁটা৷ মুঠ ১১৯ গৰাকী বিশিষ্ট ভাৰতীয়লৈ এই সন্মান আগবঢ়ায় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে৷ পদ্ম বঁটা প্ৰদান অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে এগৰাকী বিশেষ ব্যক্তিয়ে৷ তেওঁ হৈছে পদ্মশ্ৰী সন্মান প্ৰাপ্ত হৰেকালা হাজাব্বাই। খালী ভৰিৰে আহি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ৬৮ বছৰীয়া হৰেকালাই গ্ৰহণ কৰিলে পদ্মশ্ৰী সন্মান। কৰ্ণাটকৰ মাংগালোৰ চহৰ নিবাসী হাজাব্বা সমাজৰ প্ৰকৃত নায়ক।

সাধাৰণ কমলা বেপাৰী হৈয়ো অসাধাৰণ হাজাব্বা। হাজাব্বাই কমলা বিক্ৰী কৰি দৈনিক উপাৰ্জন কৰে গড়ে ডেৰশ টকা। উপাৰ্জিত ধনৰ পৰাই তেওঁ ২০০০ চনত গঢ়ি তুলিছিল এখন বিদ্যালয়। হাজাব্বাই কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল। জন্মগাঁও নিউপাডাপুত বহুদিনলৈ নাছিল এখনো বিদ্য়ালয়। এবাৰ এজন গ্ৰাহকে কমলাৰ দাম ইংৰাজীতে সোধাত হাজাব্বাই ক'ব পৰা নাছিল।

ইংৰাজী নজনাৰ বাবে লাজ পোৱা হাজাব্বাই তেতিয়াই নিজৰ গাঁৱত এখন বিদ্য়ালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। বিদ্য়ালয় প্ৰতিষ্ঠাৰ বাবেই উপাৰ্জিত ধনৰ পৰা এটকা দুটকাকৈ জমা কৰিছিল ধন। এইদৰেই জন্ম হৈছিল হাজাব্বাৰ সপোনৰ বিদ্য়ালয়খনি। ২০০০ চনত নিজৰ মাটিত সঞ্চিত ধনেৰে স্থাপন কৰা হাজাব্বা বিদ্য়ালয় বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা ১৭৫ গৰাকী। সম্প্ৰতিদশমমান শ্ৰেনীলৈ উন্নীত হৈছে বিদ্যালয়খন। নিজৰ কষ্টোপাৰ্জিত ধনেৰে বিদ্যালয় নিৰ্মাণ কৰা এইজন অসাধাৰণ লোকলৈ সোমবাৰে ৰাষ্ট্রপতি ভৱনত প্ৰদান কৰা হয় দেশৰ চতুৰ্থ সৰ্বোচচ্ অসামৰিক সন্মান পদ্মশ্ৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে