--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সোমবাৰে দিল্লীৰ ৰাষ্ট্রপতি ভৱনত প্ৰদান কৰা হয় পদ্মবঁটা৷ মুঠ ১১৯ গৰাকী বিশিষ্ট ভাৰতীয়লৈ এই সন্মান আগবঢ়ায় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে৷ পদ্ম বঁটা প্ৰদান অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে এগৰাকী বিশেষ ব্যক্তিয়ে৷ তেওঁ হৈছে পদ্মশ্ৰী সন্মান প্ৰাপ্ত হৰেকালা হাজাব্বাই। খালী ভৰিৰে আহি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ৬৮ বছৰীয়া হৰেকালাই গ্ৰহণ কৰিলে পদ্মশ্ৰী সন্মান। কৰ্ণাটকৰ মাংগালোৰ চহৰ নিবাসী হাজাব্বা সমাজৰ প্ৰকৃত নায়ক।

সাধাৰণ কমলা বেপাৰী হৈয়ো অসাধাৰণ হাজাব্বা। হাজাব্বাই কমলা বিক্ৰী কৰি দৈনিক উপাৰ্জন কৰে গড়ে ডেৰশ টকা। উপাৰ্জিত ধনৰ পৰাই তেওঁ ২০০০ চনত গঢ়ি তুলিছিল এখন বিদ্যালয়। হাজাব্বাই কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল। জন্মগাঁও নিউপাডাপুত বহুদিনলৈ নাছিল এখনো বিদ্য়ালয়। এবাৰ এজন গ্ৰাহকে কমলাৰ দাম ইংৰাজীতে সোধাত হাজাব্বাই ক'ব পৰা নাছিল।

ইংৰাজী নজনাৰ বাবে লাজ পোৱা হাজাব্বাই তেতিয়াই নিজৰ গাঁৱত এখন বিদ্য়ালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। বিদ্য়ালয় প্ৰতিষ্ঠাৰ বাবেই উপাৰ্জিত ধনৰ পৰা এটকা দুটকাকৈ জমা কৰিছিল ধন। এইদৰেই জন্ম হৈছিল হাজাব্বাৰ সপোনৰ বিদ্য়ালয়খনি। ২০০০ চনত নিজৰ মাটিত সঞ্চিত ধনেৰে স্থাপন কৰা হাজাব্বা বিদ্য়ালয় বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা ১৭৫ গৰাকী। সম্প্ৰতিদশমমান শ্ৰেনীলৈ উন্নীত হৈছে বিদ্যালয়খন। নিজৰ কষ্টোপাৰ্জিত ধনেৰে বিদ্যালয় নিৰ্মাণ কৰা এইজন অসাধাৰণ লোকলৈ সোমবাৰে ৰাষ্ট্রপতি ভৱনত প্ৰদান কৰা হয় দেশৰ চতুৰ্থ সৰ্বোচচ্ অসামৰিক সন্মান পদ্মশ্ৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক