--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অন্য মহিলাৰ সৈতে প্ৰেমলীলা কৰাত ব্যস্ত আছিল এগৰাকী আৰক্ষী বিষয়া। পত্নীয়ে স্বামীৰ এই কুকাৰ্য ধৰা পেলোৱাৰ পাছত আৰক্ষীগৰাকী হ'ল নিলম্বিত। ঘটনাটো উত্তৰ প্ৰদেশ কানপুৰৰ। কানপুৰৰ গুয়ালটলী আৰক্ষী থানাৰ আৰক্ষী বিষয়া অৰুণ কুমাৰে এগৰাকী মহিলাৰ সৈতে হোটেলত সোমাই আছিল। আৰক্ষী বিষয়া অৰুণ কুমাৰৰ পত্নীয়ে এই কথা কেনেবাকৈ গম পায় ফাৰুখাবাদৰ পৰা আহি হোটেলখনত উপস্থিত হয়।

পত্নীয়ে হাটে-লোটে অন্য মহিলাৰ সৈতে ধৰা পেলায় আৰক্ষী স্বামীক। ইয়াৰ পাছতেই দুই স্বামী-স্ত্ৰীৰ মাজত লাগে মাৰপিট, হতাহতি। চৰ,গোৰ, ঘুচিয়াঘুচি চলে দুয়োৰে মাজত। সুযোগ বুজি অৰুণ কুমাৰৰ সৈতে অহা মহিলাগৰাকীয়ে পলায়ন কৰে। পত্নীয়ে হোটেলখনৰ পৰা ওলায়ে আৰক্ষী থানাৰ কাষ চাপে। থানাত আৰক্ষী স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পত্নীয়ে।

আৰু পঢ়কঃ স্বামীৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন পুনম পাণ্ডে; স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ

অৰুণ কুমাৰৰ পত্নীয়ে আৰক্ষীক জনায় যে সেই মহিলাগৰাকী তেওঁৰ স্বামীৰ গাৰ্লফ্ৰেণ্ড হয়। বহুদিনৰ পৰা স্বামীৰ ওপৰত তেওঁৰ সন্দেহ ওপজিছিল। এই ঘটনাৰ পাছতে আৰক্ষী বিষয়া অৰুণ কুমাৰক তৎক্ষণাৎ নিলম্বন কৰে গুয়ালটলী আৰক্ষী থানাই। উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৰ্তমান গোটেই ঘটনাটোৰ তদন্ত কৰি আছে। ঘটনাটোৱে লজ্জানত কৰি তুলিছে উত্তৰ প্ৰদেশ আৰক্ষীক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে