--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অন্য মহিলাৰ সৈতে প্ৰেমলীলা কৰাত ব্যস্ত আছিল এগৰাকী আৰক্ষী বিষয়া। পত্নীয়ে স্বামীৰ এই কুকাৰ্য ধৰা পেলোৱাৰ পাছত আৰক্ষীগৰাকী হ'ল নিলম্বিত। ঘটনাটো উত্তৰ প্ৰদেশ কানপুৰৰ। কানপুৰৰ গুয়ালটলী আৰক্ষী থানাৰ আৰক্ষী বিষয়া অৰুণ কুমাৰে এগৰাকী মহিলাৰ সৈতে হোটেলত সোমাই আছিল। আৰক্ষী বিষয়া অৰুণ কুমাৰৰ পত্নীয়ে এই কথা কেনেবাকৈ গম পায় ফাৰুখাবাদৰ পৰা আহি হোটেলখনত উপস্থিত হয়।

পত্নীয়ে হাটে-লোটে অন্য মহিলাৰ সৈতে ধৰা পেলায় আৰক্ষী স্বামীক। ইয়াৰ পাছতেই দুই স্বামী-স্ত্ৰীৰ মাজত লাগে মাৰপিট, হতাহতি। চৰ,গোৰ, ঘুচিয়াঘুচি চলে দুয়োৰে মাজত। সুযোগ বুজি অৰুণ কুমাৰৰ সৈতে অহা মহিলাগৰাকীয়ে পলায়ন কৰে। পত্নীয়ে হোটেলখনৰ পৰা ওলায়ে আৰক্ষী থানাৰ কাষ চাপে। থানাত আৰক্ষী স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পত্নীয়ে।

আৰু পঢ়কঃ স্বামীৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন পুনম পাণ্ডে; স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ

অৰুণ কুমাৰৰ পত্নীয়ে আৰক্ষীক জনায় যে সেই মহিলাগৰাকী তেওঁৰ স্বামীৰ গাৰ্লফ্ৰেণ্ড হয়। বহুদিনৰ পৰা স্বামীৰ ওপৰত তেওঁৰ সন্দেহ ওপজিছিল। এই ঘটনাৰ পাছতে আৰক্ষী বিষয়া অৰুণ কুমাৰক তৎক্ষণাৎ নিলম্বন কৰে গুয়ালটলী আৰক্ষী থানাই। উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৰ্তমান গোটেই ঘটনাটোৰ তদন্ত কৰি আছে। ঘটনাটোৱে লজ্জানত কৰি তুলিছে উত্তৰ প্ৰদেশ আৰক্ষীক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক