--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সময়ৰ সোঁতত বহু প্ৰতিষ্ঠান গঢ়ি উঠে, বহু নাম উজ্বলি উঠে; কিন্তু যিসকল ব্যক্তি নিজৰ জীৱন-দৰ্শনৰে এটা প্ৰজন্ম গঢ়ি তোলে, তেওঁলোকৰ কীৰ্তি বিশেষভাৱে স্মৰণীয়।

ডিজিটেল ডেস্কঃ নাৰীশক্তিৰ সাৰ্থক প্ৰকাশ কেতিয়াবা উচ্চ শব্দত হয়, আৰু কেতিয়াবা নিৰৱ সাধনাৰ মাজত হয় ইয়াৰ প্ৰতিফলন। এই আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ প্ৰাসঙ্গিকতাত শদিয়াৰ মাটিত উদ্ভাসিত হোৱা এনে এক নীৰৱ দীপ্তি হৈছে—যুগবালা বুঢ়াগোহাঁই।



সময়ৰ সোঁতত বহু প্ৰতিষ্ঠান গঢ়ি উঠে, বহু নাম উজ্বলি উঠে; কিন্তু যিসকল ব্যক্তি নিজৰ জীৱন-দৰ্শনৰে এটা প্ৰজন্ম গঢ়ি তোলে, তেওঁলোকৰ কীৰ্তি বিশেষভাৱে স্মৰণীয়। শদিয়াৰ শংকৰদেৱ শিশু নিকেতনৰ সৈতে যুগবালা বুঢ়াগোহাঁইৰ নাম একে সুত্ৰত গাঁথা। মাথোঁ ৮ জন শিক্ষাৰ্থীৰ সপোনক সাৰথী কৰি আৰম্ভ কৰা সেই সৰু প্ৰয়াস আজি প্ৰায় ৬০০ শিক্ষাৰ্থীৰে এক সুসংগঠিত শিক্ষাপীঠ। এই বাটত আছিল অসংখ্য বাধা, কিন্তু তাৰ ওপৰত আছিল দৃঢ় সংকল্প আৰু শিক্ষাৰ প্ৰতি এক অনড় বিশ্বাস।



বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা বহু শিক্ষাৰ্থীয়ে দেশৰ সন্মানীয় শিক্ষানুষ্ঠানত নিজৰ দক্ষতাৰ স্বাক্ষৰ ৰাখিছে। কিছুমানে National Institute of Technology Shillong-ত অধ্যয়ন কৰি অঞ্চলটোৰ নাম উজ্বল কৰিছে। আন কিছুমানে ইতিমধ্যে চৰকাৰী সেৱাৰ বিভিন্ন সন্মানীয় পদবীত অধিষ্ঠিত হৈ সমাজ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই সফলতাৰ ভিতৰত নিহিত আছে একগৰাকী শিক্ষানুৰাগীৰ নীৰৱ ত্যাগ, শৃংখলাবদ্ধ পৰিচালনা আৰু মূল্যবোধকেন্দ্ৰিক শিক্ষাদৰ্শ।


শংকৰদেৱ শিশু নিকেতন কেৱল ফলাফলৰ ক্ষেত্ৰতেই নহয়, শৃংখলা, শালীনতা আৰু নৈতিক শিক্ষাৰ বাবে বিশেষভাৱে পৰিচিত। ইয়াৰ শিক্ষাৰ্থীসকলৰ আচৰণ, দায়িত্ববোধ আৰু সংস্কাৰ—এই সকলোবোৰে বিদ্যালয়খনৰ অন্তৰ্নিহিত আদৰ্শক প্ৰতিফলিত কৰে। শিক্ষা মানে কেৱল পাঠ্যপুথিৰ জ্ঞান নহয়, বৰঞ্চ মানৱিক মূল্যবোধেৰে গঢ়ি তোলা এক সুস্থ সমাজ—এই দৃষ্টিভংগী যুগবালা বুঢ়াগোহাঁইৰ শিক্ষাজীৱনৰ মূল সুৰ।


শিক্ষাক্ষেত্ৰৰ বাহিৰেও তেওঁ ৰাজনৈতিক আৰু সামাজিক পৰিসৰতো সক্ৰিয় ভূমিকা পালন কৰিছে। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি প্ৰায় ১১ হাজাৰ ভোট লাভ কৰিছিল। যদিও জয় তেওঁৰ হাতত নাহিল, তথাপিও শদিয়া সমষ্টিত বিজেপি সংগঠনক সুদৃঢ়ভাৱে ধৰি ৰখাত তেওঁৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য বুলি বহু মহলে মত প্ৰকাশ কৰে। সংগঠনমুখী নেতৃত্ব আৰু দৃঢ় স্থিতিতেই তেওঁ অঞ্চলটোৰ ৰাজনৈতিক ক্ষেত্ৰত এক সুস্পষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল।


ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিভিন্ন দায়িত্বপূৰ্ণ পদবী অলংকৃত কৰা যুগবালা বুঢ়াগোহাঁই বৰ্তমান অসম প্ৰণাম আয়োগৰ ৰাজ্যিক আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। জ্যেষ্ঠ নাগৰিকৰ সন্মান আৰু অধিকাৰৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদানো বিশেষভাৱে প্ৰশংসিত।


এই মহিলা দিৱসত যুগবালা বুঢ়াগোহাঁইৰ জীৱনযাত্ৰাই এক গাম্ভীৰ্যপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে—নাৰীৰ শক্তি কোলাহলত নহয়, কৰ্মত; উচ্চাৰিত প্ৰতিশ্ৰুতিত নহয়, অবিচল সাধনাত। ৮ জন শিক্ষাৰ্থীৰে আৰম্ভ হোৱা সপোন আজি শতাধিক সফল জীৱনৰ ভিতৰত বিস্তাৰ লাভ কৰিছে।


সময়ৰ পৃষ্ঠাত হয়তো বহু নাম লিপিবদ্ধ হয়, কিন্তু যিসকল নাৰী নিজৰ নীৰৱ সাধনাৰে সমাজৰ ভিত মজবুত কৰে, তেওঁলোকেই প্ৰকৃত অৰ্থত যুগ-স্ৰষ্টা। শদিয়াৰ মাটিত যুগবালা বুঢ়াগোহাঁই সেইধৰণৰ এক প্ৰজ্ঞা, এক প্ৰেৰণা আৰু এক গৌৰৱৰ নাম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement