--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ঘটনাৰ সূত্ৰপাত ঘটে দুপৰীয়া কালাইন কলেজ ৰোডত। নিজৰ ট্ৰাক পাৰ্কিং কৰাৰ সময় স্থানীয় বাসিন্দা তথা পেছাত ট্ৰাকচালক জয়দীপ দাসৰ বাহনৰ সৈতে এখন হুণ্ডাই ভেন্যু গাড়ীৰ সামান্য সংঘৰ্ষ হয়।

ডিজিটেল ডেস্ক: সামান্য বাহন পাৰ্কিঙক কেন্দ্ৰ কৰি কাছাৰৰ কালাইনত তীব্ৰ উত্তেজনাৰ সৃষ্টি। তুচ্ছ বিবাদ মুহূর্ততে নৃশংস আক্ৰমণলৈ ৰূপ লয়। প্ৰথমে পথত এজন ট্ৰাকচালকক প্ৰহাৰ কৰা হয় আৰু পিছলৈ চিকিৎসালয়ত সোমাই তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত ধাৰ থকা অস্ত্ৰ আৰু লোহাৰ ৰডেৰে পুনৰ আক্ৰমণ চলোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 


ঘটনাৰ সূত্ৰপাত ঘটে দুপৰীয়া কালাইন কলেজ ৰোডত। নিজৰ ট্ৰাক পাৰ্কিং কৰাৰ সময় স্থানীয় বাসিন্দা তথা পেছাত ট্ৰাকচালক জয়দীপ দাসৰ বাহনৰ সৈতে এখন হুণ্ডাই ভেন্যু গাড়ীৰ সামান্য সংঘৰ্ষ হয়। প্ৰত্যক্ষদৰ্শীৰ দাবী অনুসৰি গাড়ীখনত বিশেষ ক্ষতি নোহোৱা স্বত্বেও চালকজন ক্ষুণ্ণ হৈ জয়দীপক ট্ৰাকৰ পৰা নমাই প্ৰচণ্ড প্ৰহাৰ কৰে। সম্পূৰ্ণ ঘটনাটো চিচিটিভি ফুটেজত ধৰা পৰে।


আহত জয়দীপক লৈ পৰিয়ালৰ সদস্যসকলে থানালৈ গৈছিল যদিও আৰক্ষীয়ে প্ৰথমে চিকিৎসাৰ পৰামৰ্শ দিয়ে। কিন্তু তাৰ পিছতেই পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লয়। অভিযোগ অনুসৰি, পূৰ্বৰ আক্রোশত অভিযুক্ত চালকজনে কেইজনমান যুবকক লগত লৈ চিকিৎসালয়ত উপস্থিত হৈ জয়দীপসহ তেওঁৰ পৰিয়ালৰ মুঠ পাঁচজন লোকৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলায়। অস্ত্ৰ আৰু লোহাৰ ৰডৰ আঘাতত তিনিজন গুৰুতৰভাৱে আহত হয়। এজন গুৰুতৰভাৱে আহতক উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ আৰু হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।


দিনতে চিকিৎসালয়ত সোমাই এই ধৰণৰ আক্ৰমণ সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। আৰক্ষীয়ে অভিযুক্তসকলক চিনাক্ত কৰি গোচৰ ৰুজু কৰিছে আৰু শীঘ্ৰে গ্ৰেপ্তাৰৰ আশ্বাস দিছে।


প্ৰত্যক্ষদৰ্শীৰ মতে, সামান্য পাৰ্কিং বিতৰ্কক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনেধৰণৰ হিংসা সমাজৰ সম্প্ৰীতিৰ বাবে অত্যন্ত উদ্বেগজনক আৰু নিন্দনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ