--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ঘটনাৰ সূত্ৰপাত ঘটে দুপৰীয়া কালাইন কলেজ ৰোডত। নিজৰ ট্ৰাক পাৰ্কিং কৰাৰ সময় স্থানীয় বাসিন্দা তথা পেছাত ট্ৰাকচালক জয়দীপ দাসৰ বাহনৰ সৈতে এখন হুণ্ডাই ভেন্যু গাড়ীৰ সামান্য সংঘৰ্ষ হয়।

ডিজিটেল ডেস্ক: সামান্য বাহন পাৰ্কিঙক কেন্দ্ৰ কৰি কাছাৰৰ কালাইনত তীব্ৰ উত্তেজনাৰ সৃষ্টি। তুচ্ছ বিবাদ মুহূর্ততে নৃশংস আক্ৰমণলৈ ৰূপ লয়। প্ৰথমে পথত এজন ট্ৰাকচালকক প্ৰহাৰ কৰা হয় আৰু পিছলৈ চিকিৎসালয়ত সোমাই তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত ধাৰ থকা অস্ত্ৰ আৰু লোহাৰ ৰডেৰে পুনৰ আক্ৰমণ চলোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 


ঘটনাৰ সূত্ৰপাত ঘটে দুপৰীয়া কালাইন কলেজ ৰোডত। নিজৰ ট্ৰাক পাৰ্কিং কৰাৰ সময় স্থানীয় বাসিন্দা তথা পেছাত ট্ৰাকচালক জয়দীপ দাসৰ বাহনৰ সৈতে এখন হুণ্ডাই ভেন্যু গাড়ীৰ সামান্য সংঘৰ্ষ হয়। প্ৰত্যক্ষদৰ্শীৰ দাবী অনুসৰি গাড়ীখনত বিশেষ ক্ষতি নোহোৱা স্বত্বেও চালকজন ক্ষুণ্ণ হৈ জয়দীপক ট্ৰাকৰ পৰা নমাই প্ৰচণ্ড প্ৰহাৰ কৰে। সম্পূৰ্ণ ঘটনাটো চিচিটিভি ফুটেজত ধৰা পৰে।


আহত জয়দীপক লৈ পৰিয়ালৰ সদস্যসকলে থানালৈ গৈছিল যদিও আৰক্ষীয়ে প্ৰথমে চিকিৎসাৰ পৰামৰ্শ দিয়ে। কিন্তু তাৰ পিছতেই পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লয়। অভিযোগ অনুসৰি, পূৰ্বৰ আক্রোশত অভিযুক্ত চালকজনে কেইজনমান যুবকক লগত লৈ চিকিৎসালয়ত উপস্থিত হৈ জয়দীপসহ তেওঁৰ পৰিয়ালৰ মুঠ পাঁচজন লোকৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলায়। অস্ত্ৰ আৰু লোহাৰ ৰডৰ আঘাতত তিনিজন গুৰুতৰভাৱে আহত হয়। এজন গুৰুতৰভাৱে আহতক উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ আৰু হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।


দিনতে চিকিৎসালয়ত সোমাই এই ধৰণৰ আক্ৰমণ সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। আৰক্ষীয়ে অভিযুক্তসকলক চিনাক্ত কৰি গোচৰ ৰুজু কৰিছে আৰু শীঘ্ৰে গ্ৰেপ্তাৰৰ আশ্বাস দিছে।


প্ৰত্যক্ষদৰ্শীৰ মতে, সামান্য পাৰ্কিং বিতৰ্কক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনেধৰণৰ হিংসা সমাজৰ সম্প্ৰীতিৰ বাবে অত্যন্ত উদ্বেগজনক আৰু নিন্দনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু