--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • সীমাৰ পৰিধি ভাঙি গুৰু সংস্কৃতিৰ জয়গান। আশ্ৰম সদৃশ সত্ৰৰ নিৰিবিলি পৰিবেশত চহকী সত্ৰীয়া সংস্কৃতি গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ।

ডিজিটেল ডেস্ক :ভাৰতৰ ১১খন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে একেলগে পৰিবেশন কৰিছে গুৰু দুজনাৰ কালজয়ী সৃষ্টি বৰগীত ,ঘোষা। পৰিবেশন কৰিছে সত্ৰীয়া নৃত্য আৰু ভাওনা। 


সীমাৰ পৰিধি ভাঙি গুৰু সংস্কৃতিৰ জয়গান। আশ্ৰম সদৃশ সত্ৰৰ নিৰিবিলি পৰিবেশত চহকী সত্ৰীয়া সংস্কৃতি গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে । মাজুলী ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত বিগত ১৫ টা দিনে সত্ৰীয়া নৃত্য, মাটি আখৰা, বৰগীত, ঘোষা,আৰু মুখাশিল্প, আৰু ভাওনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় NSD ত্ৰিপুৰা শাখাৰ ছাত্ৰ -ছাত্ৰীয়ে আধ্যাত্মিক পৰিবেশত থাকি অতি কম দিনৰ ভিতৰতে মহাপুৰুষ দুজনা গুৰুৰ সৃষ্টি ৰাজিৰ লগত পৰিচয় হোৱাৰ লগতে শিক্ষা গ্ৰহন কৰে।        


কাহানিও পৰিচয় নোহোৱা সত্ৰীয়া নৃত্য মাটি আখৰা আৰু অতি কঠিন ব্ৰজাৱলী ভাষাৰ লগত পৰিচয় হোৱাই নহয় অতি কম দিনৰ ভিতৰত শিক্ষা গ্ৰহণ কৰি নিখুঁত পৰিবেশন কৰে। ৩৩খন মাটি আখৰা,শংকৰদেৱৰ বিৰচিত বৰগীত, মাধৱদেৱৰ দুটিকৈ ঘোষা আৰু মাধৱদেৱৰ কালজয়ী সৃষ্টি অৰ্জুন ভঞ্জন নাটকৰ শিক্ষা গ্ৰহণ কৰি পৰিবেশন কৰে।  


দলটোত উত্তৰাখণ্ড,দিল্লী,উত্তৰ প্ৰদেশ, হাৰিয়ানা, পাজ্ঞাৱ,হিমাচল প্ৰদেশ,বিহাৰ, মধ্য প্ৰদেশ,ৰাজস্থানৰ লগতে অসমৰো ছাত্ৰ-ছাত্ৰী আছিল। দলটোৰ নেতৃত্ব প্ৰদান কৰে কেন্দ্ৰটোৰ সঞ্চালক বিপ্লৱ বৰকাকতীয়ে । অংকীয়া ভাওনাৰ প্ৰশিক্ষণ প্ৰদান কৰে সংগীত নাটক অকাডেমি বঁটা প্ৰাপক শিল্পী ভবেন বৰবায়নৰ লগতে নিৰঞ্জন শইকীয়া বৰবায়নে। মাটি আখৰা প্ৰশিক্ষণ প্ৰদান কৰে ড' যাদৱ বৰাই। 


বৰগীত ঘোষাৰ প্ৰশিক্ষণ প্ৰদান কৰে শিল্পী উপেন বৰা বৰগায়নৰ লগতে তীৰ্থ ভূঞা বৰগায়নে । ১৫ দিনীয়া প্ৰশিক্ষণৰ শেষত সোমবাৰে সন্ধিয়া উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত নাটৰ লগতে বৰগীত ঘোষা পৰিবেশন কৰে। 


অৰ্জুন ভঞ্জন নাটকখনিৰ বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে। উপস্থিত থাকে জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সকলৰ লগতে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বহুকেইজন অধ্যাপক আৰু বিশিষ্ট ব্যক্তি। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্র- ছাত্ৰী সকলে অতি কম দিনৰ ভিতৰত নিখুঁত অভিনয় আৰু ব্ৰজ্ৰাৱলী ভাষাৰ কঠিন সংলাপৰ দ্বাৰা পৰিবেশন কৰা ভাওনাই দৰ্শকক আপ্লুত কৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?