--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চহৰখনৰ এক ব্যস্ত পথৰ কাষৰ ফুটপাথত শাক-পাচলি বিক্ৰী কৰি থকা এজন যুৱকক এখন তীব্ৰবেগী বিলাসীবহুল গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই লৈ যায়।

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ৰাজধানী জয়পুৰ চহৰত পুনৰ এবাৰ তীব্ৰবেগী বাহনৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে এজন পথপথৰ বেপাৰীক ।


চহৰখনৰ এক ব্যস্ত পথৰ কাষৰ ফুটপাথত শাক-পাচলি বিক্ৰী কৰি থকা এজন যুৱকক এখন তীব্ৰবেগী বিলাসীবহুল গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই লৈ যায়। এই সমগ্ৰ মৰ্মান্তিক দৃশ্য ওচৰৰে এটা চিচিটিভি (CCTV) কেমেৰাত আৱদ্ধ হৈছে।


তথ্য অনুসৰি, ঘটনাটো জয়পুৰৰ এক জনবহুল অঞ্চলত সংঘটিত হৈছে। প্রতিদিনৰ দৰেই এজন যুৱকে পথৰ কাষৰ ফুটপাথত বহি শাক-পাচলি বিক্ৰী কৰি আছিল। তেনে সময়তে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী বাহনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পোনপটীয়াকৈ যুৱকজনক খুন্দা মাৰে। খুন্দাটো ইমানেই প্ৰচণ্ড আছিল যে যুৱকজন কেইবাফুট দূৰলৈ চিটিকি পৰে আৰু থিতাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।



উক্ত দুৰ্ঘটনাটোৰ চিচিটিভি ফুটেজ বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে যুৱকজনে নিজৰ গ্ৰাহকৰ বাবে শাক-পাচলি বিক্ৰী কৰাত ব্যস্ত আছিল। তেনে সময়তে কালৰূপী গাড়ীখনে পলকতে তেওঁক মহতিয়াই লৈ যায়। ওচৰতে থকা লোকসকলে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰিবলৈ যত্ন কৰে।


দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আঘাতপ্ৰাপ্ত যুৱকজনক ততাতৈয়াকৈ ওচৰৰে এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰিছে আৰু চালকজনৰ বিৰুদ্ধে এখন এজাহাৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।


এই ঘটনাই চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। একাংশ সচেতন নাগৰিকে অভিযোগ কৰিছে যে চহৰৰ ভিতৰত একাংশ চালকে অত্যাধিক বেগত গাড়ী চলোৱাৰ বাবে এনেধৰণৰ শোকাৱহ দুৰ্ঘটনা সততে সংঘটিত হৈ আহিছে। পথ সুৰক্ষাৰ নিয়ম উলংঘা কৰা চালকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু