--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চহৰখনৰ এক ব্যস্ত পথৰ কাষৰ ফুটপাথত শাক-পাচলি বিক্ৰী কৰি থকা এজন যুৱকক এখন তীব্ৰবেগী বিলাসীবহুল গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই লৈ যায়।

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ৰাজধানী জয়পুৰ চহৰত পুনৰ এবাৰ তীব্ৰবেগী বাহনৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে এজন পথপথৰ বেপাৰীক ।


চহৰখনৰ এক ব্যস্ত পথৰ কাষৰ ফুটপাথত শাক-পাচলি বিক্ৰী কৰি থকা এজন যুৱকক এখন তীব্ৰবেগী বিলাসীবহুল গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই লৈ যায়। এই সমগ্ৰ মৰ্মান্তিক দৃশ্য ওচৰৰে এটা চিচিটিভি (CCTV) কেমেৰাত আৱদ্ধ হৈছে।


তথ্য অনুসৰি, ঘটনাটো জয়পুৰৰ এক জনবহুল অঞ্চলত সংঘটিত হৈছে। প্রতিদিনৰ দৰেই এজন যুৱকে পথৰ কাষৰ ফুটপাথত বহি শাক-পাচলি বিক্ৰী কৰি আছিল। তেনে সময়তে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী বাহনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পোনপটীয়াকৈ যুৱকজনক খুন্দা মাৰে। খুন্দাটো ইমানেই প্ৰচণ্ড আছিল যে যুৱকজন কেইবাফুট দূৰলৈ চিটিকি পৰে আৰু থিতাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।



উক্ত দুৰ্ঘটনাটোৰ চিচিটিভি ফুটেজ বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে যুৱকজনে নিজৰ গ্ৰাহকৰ বাবে শাক-পাচলি বিক্ৰী কৰাত ব্যস্ত আছিল। তেনে সময়তে কালৰূপী গাড়ীখনে পলকতে তেওঁক মহতিয়াই লৈ যায়। ওচৰতে থকা লোকসকলে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰিবলৈ যত্ন কৰে।


দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আঘাতপ্ৰাপ্ত যুৱকজনক ততাতৈয়াকৈ ওচৰৰে এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰিছে আৰু চালকজনৰ বিৰুদ্ধে এখন এজাহাৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।


এই ঘটনাই চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। একাংশ সচেতন নাগৰিকে অভিযোগ কৰিছে যে চহৰৰ ভিতৰত একাংশ চালকে অত্যাধিক বেগত গাড়ী চলোৱাৰ বাবে এনেধৰণৰ শোকাৱহ দুৰ্ঘটনা সততে সংঘটিত হৈ আহিছে। পথ সুৰক্ষাৰ নিয়ম উলংঘা কৰা চালকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ