ডিজিটেল ডেস্কঃ তিতাবৰৰ কমাৰবন্ধা আলিৰ তেলিয়াপট্টি দিশৰ পৰা তিতাবৰ অভিমুখে তীব্ৰ গতিৰে আহি থকা AS 03 CC- 5701 নম্বৰৰ এপে এখনে একে দিশেৰে খোজ কাঢ়ি আহি থকা নামচুঙী অঞ্চলৰ চাপৰিচুক গাঁৱৰ প্ৰভাত বৰা নামৰ লোকজনক খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।
চুঙী আলিৰ ভগনীয়া গাঁৱৰ বাখৰ বড়া প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনা। গুৰুতৰ ভাবে আহত লোকজনক পৰিয়ালৰ লোকে আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ চিকিৎস্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে নিশা মৃত্যু হয় দুৰ্ঘটনাগ্ৰস্ত লোকজনৰ।
ইতিমধ্যে ঘটনা সংঘটিত কৰি তিতাবৰৰ আমগুৰিখাটৰ পংকজ কুমাৰ বৰা নামৰ নিচাসক্ত চালকজনে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় লোকৰ তৎপৰতাত আৰক্ষীয়ে আটক কৰাৰ লগতে ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে।