--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা POCSO আইনৰ ধাৰাৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল জঘন্য ঘটনা। দুই যুৱকৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা। নাৰেংগীৰ বীৰকুছিত নাবালিকা যুবতীক বলাৎকাৰ কৰি আৰক্ষীৰ জালত পৰিল দুই অভিযুক্ত যুৱক।


গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ এগৰাকী নাবালিকাক বিভিন্ন প্রলোভন দি বলাৎকাৰ কৰে গৌৰৱ বৰ্মন আৰু জিতুল ঠাকুৰীয়া নামৰ দুটা অভিযুক্তই।


অভিযুক্ত গৌৰৱ বৰ্মন আৰু জিতুল ঠাকুৰীয়াই নাবালিকা ১৭ বছৰীয়া ছোৱালীজনীৰ সৈতে দীৰ্ঘদিন ধৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল।


এই সন্দৰ্ভত ছোৱালীজনীয়ে সকলো কথা পিতৃ-মাতৃক বিৱৰি কয়। তেওঁ দুই যুৱকৰ মানসিক অত্যাচাৰত অতিষ্ঠ হৈ মাতৃক এই বিষয়ে অৱগত কৰে।


ঘটনা সন্দর্ভত ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালে নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি নুনমাটি আৰক্ষীয়ে অভিযুক্ত দুই যুৱকক গ্ৰেপ্তাৰ কৰে।


ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা POCSO আইনৰ ধাৰাৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।


উল্লেখযোগ্য যে, অভিযুক্ত গৌৰৱ বৰ্মন আৰু জিতুল ঠাকুৰীয়া ভুক্তভোগী নাবালিকাগৰাকীৰ সম্পৰ্কীয় ভাই-ককাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত প্রতি আঠ মিনিটত এটিকে শিশু নিখোঁজ, ৯ ডিচেম্বৰৰ ভিতৰত আৱশ্যকীয় কাৰ্যপন্থা ল'বলৈ কেন্দ্রক নির্দেশ উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত জঘন্য ঘটনা; দুই যুৱকৰ কামনাৰ বলি নাবালিকা
এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭ লাখ শ্রমিকৰ নাম কৰ্তন
মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান
জুবিন গাৰ্গৰ স্মৃতিত 'জুবিন' কালেকশ্যন মুকলি
দিল্লীৰ বিস্ফোৰণত সাঙোৰ খাইছে এগৰাকী মণিপুৰী যুৱতীৰ নাম
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন
ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত ভাৰতীয় জালনোটসহ এজন যুৱক আটক
১২ দিনত উপার্জন ২০ কোটি টকা, সফলতাৰ শিখৰত 'ৰৈ ৰৈ বিনালে'
জম্মু-কাশ্মীৰৰ ১৫০০ স্থানত তালাচী, পাঁচ শতাধিক লোকক আটক
দুৰ্নীতিগ্ৰস্থ ACS নূপুৰ বৰাৰ নতুন বিপদ ; পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে ACS বিষয়া গৰাকী
হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ বৃহৎ সফলতা; আৰক্ষীয়ে খেদি খেদি ধৰিলে মহানগৰীৰ পৰা লাখ লাখ টকাৰ বেটাৰী কঢ়িওৱা হাইজেক হোৱা ট্ৰাক
ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন