--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা POCSO আইনৰ ধাৰাৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল জঘন্য ঘটনা। দুই যুৱকৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা। নাৰেংগীৰ বীৰকুছিত নাবালিকা যুবতীক বলাৎকাৰ কৰি আৰক্ষীৰ জালত পৰিল দুই অভিযুক্ত যুৱক।


গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ এগৰাকী নাবালিকাক বিভিন্ন প্রলোভন দি বলাৎকাৰ কৰে গৌৰৱ বৰ্মন আৰু জিতুল ঠাকুৰীয়া নামৰ দুটা অভিযুক্তই।


অভিযুক্ত গৌৰৱ বৰ্মন আৰু জিতুল ঠাকুৰীয়াই নাবালিকা ১৭ বছৰীয়া ছোৱালীজনীৰ সৈতে দীৰ্ঘদিন ধৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল।


এই সন্দৰ্ভত ছোৱালীজনীয়ে সকলো কথা পিতৃ-মাতৃক বিৱৰি কয়। তেওঁ দুই যুৱকৰ মানসিক অত্যাচাৰত অতিষ্ঠ হৈ মাতৃক এই বিষয়ে অৱগত কৰে।


ঘটনা সন্দর্ভত ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালে নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি নুনমাটি আৰক্ষীয়ে অভিযুক্ত দুই যুৱকক গ্ৰেপ্তাৰ কৰে।


ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা POCSO আইনৰ ধাৰাৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।


উল্লেখযোগ্য যে, অভিযুক্ত গৌৰৱ বৰ্মন আৰু জিতুল ঠাকুৰীয়া ভুক্তভোগী নাবালিকাগৰাকীৰ সম্পৰ্কীয় ভাই-ককাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন