--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • এই সময়ছোৱাত ২৭ দিন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত বজ্ৰ পৰাৰ ফলত সাতগৰাকী লোক নিহত হৈছে। একেদৰে ৰাজ্যখনত ৯২ দিন প্ৰবল বৰষুণ হোৱাৰ ফলত জীৱন বিপর্যস্ত হৈ পৰে।

ডিজিটেল ডেস্ক : জলবায়ু পৰিৱৰ্তনে অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰতি বছৰে ৰাজ্যখনত বৃদ্ধি পাইছে প্রাকৃতিক দুৰ্যোগৰ সংখ্যা। যোৱা ১ জানুৱাৰীৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে মুঠ ২৭৩ দিনৰ ভিতৰত অসম ১১৩ দিনেই ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ সম্মুখীন হৈছে।


আনকি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অসমৰ পৰিস্থিতি হৈছে অত্যন্ত শোচনীয়। অসমবাসীৰ বাবে অত্যন্ত উদ্বেগজনক এই তথ্য প্রকাশ পাইছে 'ভাৰত ২০২৫' শীর্ষক নামৰ এখন প্ৰতিবেদনত। এক জানুৱাৰীৰ পৰা ত্রিশ ছেপ্টেম্বৰলৈকে বতৰৰ চৰম পৰিৱৰ্তনৰ সন্দৰ্ভত প্ৰস্তুত কৰা এই প্রতিবেদন অনুসৰি এই সময়ছোৱাত অসমবাসী ১১৩ দিনেই ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ সম্মুখীন হোৱাৰ লগতে এই দুর্যোগত ৪৭ গৰাকী লোকে প্রাণ হেৰুৱাইছে। 


আনহাতে ৪২,৬২৭ হেক্টৰ কৃষি ভূমিৰ ক্ষতি হোৱাৰ লগতে ১৪,২৬৯টা পশুৰ মৃত্যু আৰু ২৫,৮৭০টা বাসগৃহ ক্ষতি হৈছে। ইফালে এই সময়ছোৱাত ২৭ দিন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত বজ্ৰ পৰাৰ ফলত সাতগৰাকী লোক নিহত হৈছে। একেদৰে ৰাজ্যখনত ৯২ দিন প্ৰবল বৰষুণ হোৱাৰ ফলত জীৱন বিপর্যস্ত হৈ পৰে। আনহাতে বৰষুণৰ ফলত হোৱা বানত মৃত্যু হয় ৪০ গৰাকী লোকৰ। প্রণিধানযোগ্য যে অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যোৱা কেইবছৰমানৰ পৰা জলবায়ুৰ লক্ষণীয়ভাৱে পৰিৱৰ্তন হ'বলৈ লৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বৰষুণ আৰু তাপমাত্ৰাৰ ব্যাপক মাত্ৰাত তাৰতম্য হৈছে। একোটা বছৰত হোৱা বৰষুণৰ গড় পৰিমাণ প্রায় ২৫ শতাংশলৈ হ্রাস পাইছে। একেদৰে এটা দশকত ভূ-পৃষ্ঠৰ উঞ্চতা ০.১১ ডিগ্ৰী হাৰত বৃদ্ধি পাইছে। ইয়াৰ ফলত পোনপটীয়াকৈ প্ৰভাৱ পৰিছে অৰ্থনীতিত। কিয়নো অসম তথা উঃপূঃৰ অর্থনীতি কৃষিৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। কিন্তু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত কৃষি খণ্ডক জুৰুলা কৰি পেলাইছে। বর্ধিত উষ্ণতা আৰু অস্বাভাৱিক বৰষুণৰ ধৰণে শস্যৰ চক্ৰ সলনি হোৱাৰ লগতে উৎপাদন হ্রাস পাইছে। আনকি শস্যত কীট-পতংগ আৰু ৰোগ বৃদ্ধি হৈছে। জলবায়ু পৰিৱৰ্তনে সর্বাধিক চাহিদা থকা অসমৰ চাহ উদ্যোগটোকো প্ৰভাৱিত কৰিছে। ২০২৩ চনত অক্টোবৰ পৰ্যন্ত অসমত ৫৮৯.২৭ নিযুত কিল'গ্রাম চাহ উৎপাদন হোৱাৰ বিপৰীতে ২০২৪ বৰ্ষত অক্টোবৰ পৰ্যন্ত চাহৰ উৎপাদন ৫৭৭.০ নিযুত কিল'গ্রামলৈ হ্রাস হৈছে। ইফালে বনাঞ্চলৰ ধ্বংসযজ্ঞয়ো অসমৰ জলবায়ুলৈ অশনি সংকেত কঢ়িয়াই আনিছে। 


তথ্য অনুসৰি অসমত এটা দশকত গড়ে প্রায় ১৭ বর্গ কিল'মিটাৰ ডাঠ বনাঞ্চল আৰু ১৫৪ বর্গ কিল'মিটাৰ মধ্যমীয়া বনাঞ্চল হ্রাস পাই আহিছে। খোদ ৰাজ্য চৰকাৰখনে প্রকাশ কৰা মতে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলস্বৰূপে ৰাজ্যখনত গড় উষ্ণতা বৃদ্ধি হৈছে, যাৰ ফলত গৰমৰ দিন বাঢ়িছে আৰু শীতকালিৰ দীর্ঘতা হ্রাস পাইছে। তদুপৰি ৰাজ্যখনত অস্বাভাৱিক বৰষুণ আৰু উৎকট গৰমৰ প্ৰকোপ সঘনাই বৃদ্ধি পাইছে। ৰাজ্যখনৰ মুঠ ৩৫খন জিলাৰ ভিতৰত ১৫খন জিলাই জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ সন্মুখীন হৈছে। এই তালিকাৰ প্ৰথম স্থানতে আছে কৰিমগঞ্জ জিলা। ইয়াৰ পাছত স্থান লাভ কৰা জিলাকেইখন হৈছে ক্রমে কাছাৰ, হাইলাকান্দি, গোৱালপাৰা, ধুবুৰী আৰু শোণিতপুৰ, দৰং, গোলাঘাট, বৰপেটা, কোকৰাঝাৰ, তিনিচুকীয়া, বাকসা, মৰিগাঁও, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলা। সকলোতকৈ ডাঙৰ কথা যে জলবায়ু পৰিৱৰ্তনৰ ফলত অনাগত বছৰবোৰত খৰাং পৰিস্থিতি ৭৫ শতাংশ আৰু বানপানীৰ হাৰ প্ৰায় ২৫ শতাংশ বৃদ্ধি হ'ব পাৰে বুলি বিশেষজ্ঞসকলে অনুমান কৰিছে। এনে পৰিস্থিতিত আগন্তুক দিনত ৰাজ্যখনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ক্ৰমাৎ প্ৰকট হৈ পৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
এন ই' মানে এতিয়া নতুন ভাৰতৰ নতুন ইঞ্জিন, উত্তৰ-পূব তেল আৰু গেছ সন্মিলনত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱাল
ইতিহাস ৰচি প্ৰথমবাৰলৈ গুৱাহাটীত হ'ব টেষ্ট মেচ
হঠাৎ কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ’ল তেজছ যুঁজাৰু বিমান ?
জলবায়ু পৰিৱৰ্তনে বিপদ মাতিছে অসমলৈ, ২৭৩ দিনৰ ভিতৰত ১১৩ দিনেই সম্মুখীন হৈছে চৰম দুৰ্যোগৰ
তিতাবৰৰ ভগনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ; এপে'ৰ খুন্দাত মৃত্যু এজন লোকৰ
ভাৰতীয় মহিলাক জিহাদী প্ৰশিক্ষণৰ বাবে জৈছৰ অনলাইন পাঠ্যক্রম, পোহৰলৈ আহিছে পাকিস্তানী সন্ত্রাসবাদীৰ ভয়ংকৰ ষড়যন্ত্ৰ
বিহাৰ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে জানো আহক
ক্ষুদ্র চাহ খেতিয়কক কেঁচা পাতৰ ন্যায্য মূল্য দিবলৈ দাবী
২০২৬ত বিজেপিৰ লক্ষ্য পশ্চিম বংগ
কনিষ্ঠতম বিধায়িকাৰ স্বীকৃতি পালে মৈথিলী ঠাকুৰে, লোকসংগীতৰ শিল্পীৰ পৰা ৰাজনীতিক হোৱাৰ যাত্ৰা
বালাজান আৰক্ষীৰ সফলতা; বৃহৎপৰিমাণৰ গাঁজাসহ আটক সৰবৰাহকাৰী কুতুবউদ্দিন আলী
দিল্লী বিস্ফোৰণৰ প্ৰতিশোধ! ডাক্তৰ ওমৰৰ কাশ্মীৰৰ ঘৰ বোমাৰে উৰুৱালে প্রশাসনে
চোৰাং কাঠ, অপৈণত গছ ব্যৱহাৰ, লিডুৰ টিৰাপ কলিয়ৰী-বিছাগাঁও সংযোগী দলং নির্মাণত বন আইন উলংঘা
পঞ্জাবত ১০টা খালিস্তানী সন্ত্রাসবাদীক গ্ৰেপ্তাৰ, আই এছ আইৰ পৃষ্ঠপোষকতাত বিদেশৰ পৰা গ্রেনেড সৰবৰাহ কৰি দেশ ৰক্তাক্ত কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ