--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙেৰিবড়ী গাঁৱত খহনীয়াত সকলো হেৰুৱাই বিধ্বস্ত অনুৰাম ডেকাৰ দূৰ্ভগীয়া পৰিয়ালটোৱে অকণমান মাটিৰ ব্যৱস্হা কৰি আশ্ৰয় লৈছিল গৈ জাগীৰোডৰ শৰতপাৰাত।

ডিজিটেল ডেস্কঃ মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ এটি খহনীয়া বিধ্বস্ত পৰিয়াললৈ এটি মৰ্মান্তিক পথ দূৰ্ঘটনাই অন্ধকাৰ নমাই আনিলে। এবাৰ,দুবাৰ নহয় ৬-৭ বাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ ভেটি সকলো হেৰুওৱা এটি পৰিয়ালৰ কৰুণ গাঁথা। 


সোমবাৰে পুৱাই মৰিগাঁৱত সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনাটো 


ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙেৰিবড়ী গাঁৱত খহনীয়াত সকলো হেৰুৱাই বিধ্বস্ত অনুৰাম ডেকাৰ দূৰ্ভগীয়া পৰিয়ালটোৱে অকণমান মাটিৰ ব্যৱস্হা কৰি আশ্ৰয় লৈছিল গৈ জাগীৰোডৰ শৰতপাৰাত। পিতৃ মাতৃয়ে দুই সন্তানক বুকুত সাৱটি আৰম্ভ কৰিছিল নতুন যাত্ৰা। পৰিয়ালটো পোহপাল দিয়াৰ তাগিদাত ২১ বছৰীয়া বৰ পুত্ৰ মানৱ জ্যোতিয়ে এখন ট্ৰাকৰ চালক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। কিন্তু নিয়তিৰ কৰুণ পৰিহাসত আজি সেয়াও শেষ হৈ গ'ল। 


আজি পুৱা মানৱ জ্যোতিয়ে AS01P 0597 নম্বৰৰ ট্ৰাক খন লৈ মৰিগাঁও চহৰৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্হাত ট্ৰাক খনৰ যান্ত্ৰিক বিজুতি ঘটে। প্ৰাণৰ মমতাত মানৱে চালকৰ চিটৰ পৰা জপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে যদিও নিজৰ ট্ৰাকৰ চকাৰ তলতে সোমাই থিতাতে নিহত হয় ।


ট্ৰাক খনে আশে পাশে থকা কেইবাখনো দুকান ক্ষতিগ্ৰস্ত কৰি এখন ট্ৰেভেলাৰত খুন্দা মাৰে। এতিয়া খহনীয়া বিধ্বস্ত পৰিয়ালটো অন্ধকাৰৰ গৰাহত। হেৰুৱাবলৈ অনুৰাম ডেকাৰ পৰিয়ালটোৰ বাবে আৰু যেন একো নাথাকিল। মৰ্মান্তিক দূৰ্ঘটনাটোৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ