--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙেৰিবড়ী গাঁৱত খহনীয়াত সকলো হেৰুৱাই বিধ্বস্ত অনুৰাম ডেকাৰ দূৰ্ভগীয়া পৰিয়ালটোৱে অকণমান মাটিৰ ব্যৱস্হা কৰি আশ্ৰয় লৈছিল গৈ জাগীৰোডৰ শৰতপাৰাত।

ডিজিটেল ডেস্কঃ মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ এটি খহনীয়া বিধ্বস্ত পৰিয়াললৈ এটি মৰ্মান্তিক পথ দূৰ্ঘটনাই অন্ধকাৰ নমাই আনিলে। এবাৰ,দুবাৰ নহয় ৬-৭ বাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ ভেটি সকলো হেৰুওৱা এটি পৰিয়ালৰ কৰুণ গাঁথা। 


সোমবাৰে পুৱাই মৰিগাঁৱত সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনাটো 


ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙেৰিবড়ী গাঁৱত খহনীয়াত সকলো হেৰুৱাই বিধ্বস্ত অনুৰাম ডেকাৰ দূৰ্ভগীয়া পৰিয়ালটোৱে অকণমান মাটিৰ ব্যৱস্হা কৰি আশ্ৰয় লৈছিল গৈ জাগীৰোডৰ শৰতপাৰাত। পিতৃ মাতৃয়ে দুই সন্তানক বুকুত সাৱটি আৰম্ভ কৰিছিল নতুন যাত্ৰা। পৰিয়ালটো পোহপাল দিয়াৰ তাগিদাত ২১ বছৰীয়া বৰ পুত্ৰ মানৱ জ্যোতিয়ে এখন ট্ৰাকৰ চালক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। কিন্তু নিয়তিৰ কৰুণ পৰিহাসত আজি সেয়াও শেষ হৈ গ'ল। 


আজি পুৱা মানৱ জ্যোতিয়ে AS01P 0597 নম্বৰৰ ট্ৰাক খন লৈ মৰিগাঁও চহৰৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্হাত ট্ৰাক খনৰ যান্ত্ৰিক বিজুতি ঘটে। প্ৰাণৰ মমতাত মানৱে চালকৰ চিটৰ পৰা জপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে যদিও নিজৰ ট্ৰাকৰ চকাৰ তলতে সোমাই থিতাতে নিহত হয় ।


ট্ৰাক খনে আশে পাশে থকা কেইবাখনো দুকান ক্ষতিগ্ৰস্ত কৰি এখন ট্ৰেভেলাৰত খুন্দা মাৰে। এতিয়া খহনীয়া বিধ্বস্ত পৰিয়ালটো অন্ধকাৰৰ গৰাহত। হেৰুৱাবলৈ অনুৰাম ডেকাৰ পৰিয়ালটোৰ বাবে আৰু যেন একো নাথাকিল। মৰ্মান্তিক দূৰ্ঘটনাটোৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু