ডিজিটেল ডেস্ক : কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ। বনাঞ্চলৰ পৰা জলাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছে বৃহৎ বন্যহস্তীৰ জাক। প্ৰকাণ্ড হাতীৰ জাকে নিদ্ৰা কাঢ়িছে কৃষকৰ।
এতিয়া পথাৰত কৃষকে কাটিব পৰা নাই ধান। তাৰ মাজতে পথাৰত গজৰাজৰ আগমনে চিন্তিত কৰি তুলিছে কৃষক ৰাইজক। কামপুৰ কঠীয়াতলীৰ তেলিয়াআটি তেতেলীসৰা,নৈপাম, আৰু বেঙেনাআটিত বন্যহস্তীৰ উপদ্ৰৱ।
উল্লেখযোগ্য যে এই বন্যহস্তীৰ জাকে কেইবাদিন ধৰি অঞ্চলটোত এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। যোৱা কালি ৰাঙলুমুখ নৈপামত এগৰাকী মহিলা বন্যহস্তীৰ আক্ৰমণত নিহত হোৱাৰ লগতে এগৰাকী মহিলা আহত অৱস্থাত চিকিৎসাধীন হৈ আছে। গজৰাজৰ আগমনত ৰাইজে কেঁচা অৱস্থাত ধান কাটিব লগাত পৰিছে। বন বিভাগে অতি সোনকালে এক সু ব্যৱস্থা কৰি কৃষক ৰাইজক এই সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ ৰাইজৰ অনুৰোধ ।