ডিজিটেল ডেস্ক : বিশ্বনাথত অভিকেন্দ্ৰৰূপে ঘোষণা উত্তৰ মৰলগাঁও । তৎপৰ বিশ্বনাথৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ,গাহৰি পালকক সজাগ আৰু সচেতন হোৱাৰ আহ্বান।
উত্তৰ মৰলগাঁৱৰ বিশ্বজিৎ দাসৰ গাহৰি পামখনক নাভিকেন্দ্র (Epicenter) হিচাপে লৈ ১ কিলোমিটাৰ ব্যাসার্দ্ধৰ অন্তৰ্গত এলেকাসমূহক সংক্রমিত এলেকা হিচাপে আৰু নাভিকেন্দ্ৰৰ ১০ কিলোমিটাৰ ব্যাসার্দ্ধৰ অন্তৰ্গত এলেকাসমূহক পর্যবেক্ষণ এলেকা (Surveillance Zone) হিচাপে চিহ্নিত কৰিছে।
নাভিকেন্দ্ৰৰ অন্তৰ্গত এলেকা সমুহ হৈছে উত্তৰ মৰলগাঁও, বুঢ়ীগাং আৰু বালিপুখুৰী। আনহাতে চিহ্নিত পর্যবেক্ষণ এলেকা সমুহ হৈছে - বুঢ়ীগাং গাঁও পঞ্চায়ত, জৰাবাৰী গাঁও পঞ্চায়ত, মোনাবাৰী গাঁও পঞ্চায়ত, লেহুগাঁও গাঁও পঞ্চায়ত, খৰা শিমলু গাঁও পঞ্চায়ত, কুঁৱৰী গাঁও পঞ্চায়ত, মুখৰগড় গাঁও পঞ্চায়ত, গড়েহাগী-পানীভঁৰাল গাঁও পঞ্চায়ত আৰু বিশ্বনাথ চাৰিআলি পৌৰসভা অঞ্চল।
সংক্রমিত এলেকাৰ পৰা ১০ (দহ) কিলোমিটাৰ এলেকাত সকলোধৰণৰ গাহৰিৰ চলা-চল, গাহৰিৰ মাংস বিক্ৰী, দানা বিক্ৰী, গাহৰি বিক্ৰী আদিত প্রতিবন্ধকতা থাকিব। এই প্রতিবন্ধকতা অহা ৩০ দিন অথবা পুনৰ নিৰ্দেশনা জাৰি নোহোৱালৈকে বাহাল থাকিব।