--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মৃৃত লোকজন বাকাইটাৰী-সিধাবাৰী শৰণাৰ্থী শিবিৰৰ উপেন্দ্ৰ কোচ বুলি জানিব পৰা গৈছে । পুৱা প্ৰায় ১০-৩০ বজাত সংঘটিত হ'ল এই কৰুণ ঘটনা।

ডিজিটেল ডেস্ক:  অসমৰ উজনি–নামনি সর্বত্র হাতী–মানুহৰ সংঘাত প্রতিদিনেই ঘটি আছে৷ এক অর্থত অসমৰ এক জ্বলন্ত সমস্যাত পৰিণত হৈছে এই সংঘাত৷ হাতীৰ আক্রমণ ঘটা অঞ্চলসমূহত প্রতিনিয়ত শংকাত কটাব লগা হয় আবাল–বৃদ্ধ –বনিতা৷ মূৰৰ ঘাম মাটিত পেলাই কৰা শস্যপথাৰৰ বিধ্বস্ত ৰূপ দেখি কান্দোনত ভাগি পৰা কৃষক, হাতীয়ে ভাঙি পেলোৱা মৰমৰ ঘৰখনৰ ধ্বংসস্তূপত উচুপি উঠা অসহায় মানুহৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে৷


নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাইছে। ক’ৰবাত যদি ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে।


হাতীৰ গচকত কিমান মানুহে যে অকালতে হেৰুৱালে প্ৰাণ। ৰাজ্যত পুনৰ সংঘটিত হল এই কৰুণ ঘটনা। গোৱালপাৰাৰ বাকাইটাৰী গুণিয়ালগুৰীত আজি বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে মৃত্যুক সাবটি লয়।

মৃৃত লোকজন বাকাইটাৰী-সিধাবাৰী শৰণাৰ্থী শিবিৰৰ উপেন্দ্ৰ কোচ বুলি জানিব পৰা গৈছে । পুৱা প্ৰায় ১০-৩০ বজাত সংঘটিত হ'ল এই কৰুণ ঘটনা।


খাদ্যৰ সন্ধানত অঞ্চলৰ ৰবৰ বাগানত আশ্ৰয় লৈ আছিল চাৰিটা বন্যহস্তীৰ এটা দল । কিছুদূৰৰ পৰা চাই থকা উপেন্দ্ৰ কোচক অতৰ্কিতে আক্ৰমণ কৰি প্ৰাণ ল’লে বনৰীয়া হাতীয়ে।


এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন