--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মৃৃত লোকজন বাকাইটাৰী-সিধাবাৰী শৰণাৰ্থী শিবিৰৰ উপেন্দ্ৰ কোচ বুলি জানিব পৰা গৈছে । পুৱা প্ৰায় ১০-৩০ বজাত সংঘটিত হ'ল এই কৰুণ ঘটনা।

ডিজিটেল ডেস্ক:  অসমৰ উজনি–নামনি সর্বত্র হাতী–মানুহৰ সংঘাত প্রতিদিনেই ঘটি আছে৷ এক অর্থত অসমৰ এক জ্বলন্ত সমস্যাত পৰিণত হৈছে এই সংঘাত৷ হাতীৰ আক্রমণ ঘটা অঞ্চলসমূহত প্রতিনিয়ত শংকাত কটাব লগা হয় আবাল–বৃদ্ধ –বনিতা৷ মূৰৰ ঘাম মাটিত পেলাই কৰা শস্যপথাৰৰ বিধ্বস্ত ৰূপ দেখি কান্দোনত ভাগি পৰা কৃষক, হাতীয়ে ভাঙি পেলোৱা মৰমৰ ঘৰখনৰ ধ্বংসস্তূপত উচুপি উঠা অসহায় মানুহৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে৷


নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাইছে। ক’ৰবাত যদি ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে।


হাতীৰ গচকত কিমান মানুহে যে অকালতে হেৰুৱালে প্ৰাণ। ৰাজ্যত পুনৰ সংঘটিত হল এই কৰুণ ঘটনা। গোৱালপাৰাৰ বাকাইটাৰী গুণিয়ালগুৰীত আজি বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে মৃত্যুক সাবটি লয়।

মৃৃত লোকজন বাকাইটাৰী-সিধাবাৰী শৰণাৰ্থী শিবিৰৰ উপেন্দ্ৰ কোচ বুলি জানিব পৰা গৈছে । পুৱা প্ৰায় ১০-৩০ বজাত সংঘটিত হ'ল এই কৰুণ ঘটনা।


খাদ্যৰ সন্ধানত অঞ্চলৰ ৰবৰ বাগানত আশ্ৰয় লৈ আছিল চাৰিটা বন্যহস্তীৰ এটা দল । কিছুদূৰৰ পৰা চাই থকা উপেন্দ্ৰ কোচক অতৰ্কিতে আক্ৰমণ কৰি প্ৰাণ ল’লে বনৰীয়া হাতীয়ে।


এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশ ৰক্তাক্ত কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ, চীন-তুৰস্কত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ ড্ৰ'নেৰে প্ৰেৰণ কৰিছিল পাকিস্তানে
গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু; অতৰ্কিতে আক্ৰমণ কৰি ল’লে প্ৰাণ
৫ ডিচেম্বৰত বিয়া; গুৱাহাটীত যুৱতী সাংবাদিকৰ চৰমপন্থা
হৰলুকী হৈছে দান দিয়া ধন, জুবিন ক্ষেত্ৰ তদাৰক কমিটীৰ অভিযোগ
হাতে হাতে জোঁৰ লৈ লখিমপুৰত টাই-আহোমৰ গৰ্জন, জনজাতিকৰণ নকৰিলে দাবী কৰিব সুকীয়া ৰাজ্য
টেষ্ট ক্ৰিকেটৰ মানচিত্রত বর্ষাপাৰা
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
দিল্লীৰ বিস্ফোৰণত সাঙোৰ খাইছে এগৰাকী মণিপুৰী যুৱতীৰ নাম
জুবিন গাৰ্গৰ স্মৃতিত 'জুবিন' কালেকশ্যন মুকলি
মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান
এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭ লাখ শ্রমিকৰ নাম কৰ্তন
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত জঘন্য ঘটনা; দুই যুৱকৰ কামনাৰ বলি নাবালিকা