--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সংৰক্ষিত ভূমিত এতিয়া হাজাৰ-হাজাৰ মিঞাৰ আগ্ৰাসন চলিছে । বিভিন্ন সময়ত জিলা প্ৰশাসনে নাম মাত্ৰ উচ্ছেদ চলাই দায়িত্ব সামৰে যদিও উচ্ছেদিত ভূমিত বেদখলকাৰীসকলে বসতি স্হাপন কৰিবলৈ লয় ।

ডিজিটেল ডেস্কঃ তীৰ্থনগৰী হাজোৰ সংৰক্ষিত দোকনীয়া গো ৰিজাৰ্ভ এতিয়া অস্তিত্বৰ সংকটত । প্ৰয়াত মুখ্যমন্ত্ৰী তথা হাজোৰ সু-সন্তান লৌহ মানৱ বিঞ্চুৰাম মেধিয়ে গো-পালক আৰু মহ পালক সকলৰ বাবে ১,২ ,৩, ৪নং দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ প্ৰায় ২২ হাজাৰ ভূমি সংৰক্ষণ কৰিছিল । 


সংৰক্ষিত ভূমিত এতিয়া হাজাৰ-হাজাৰ মিঞাৰ আগ্ৰাসন চলিছে । বিভিন্ন সময়ত জিলা প্ৰশাসনে নাম মাত্ৰ উচ্ছেদ চলাই দায়িত্ব সামৰে যদিও উচ্ছেদিত ভূমিত বেদখলকাৰীসকলে বসতি স্হাপন কৰিবলৈ লয় । সম্প্ৰতি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ আয়ুক্তক দিয়া কঠোৰ নিৰ্দেশৰ এদিন পিছতে জিলা প্ৰশাসনৰ হৈ হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৰ্মিষ্ঠা নেওগে এটি সজাতি দল লৈ ৰিৰ্জাভ কেইখনত চৰজমিন তদন্ত চলায় । 


চৰজমিন তদন্তত ৰিৰ্জাভ কেইখনত মিঞাই ঘৰ সাজি খেতি-বাতি কৰাত উদ্বেগ প্ৰকাশ কৰাৰ লগতে অতি কমদিনৰ ভিতৰতে ৰিজাৰ্ভৰ ভূমি খালি কৰিব বুলিও জানিবলৈ দিয়ে। ইফালে মহামান্য গুৱাহাটী উচ্চন্যায়ালয়ে ২০১০ চনতে দোকনীয়া গ্ৰেজিং ৰিৰ্জাভ সংৰক্ষণ সমিতিক দিয়া শপত নামাত প্ৰায় ২০ হাজাৰ ভূমি গ্ৰেজিং ৰিজাৰ্ভৰ নামত থকাৰ কথা স্পষ্টকৈ উল্লেখ থকাৰ পিছতো শেহতীয়াকৈ চলিত বৰ্ষৰ ছেপ্টেম্বৰত হাজো চক্ৰ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা কৰা জৰীপত কিয় ৮ হাজাৰ ভূমিলৈ হ্ৰাস পালে তাকলৈ সন্দেহ প্ৰকাশ কৰিছে সংৰক্ষণ সমিতিয়ে । 


ইয়াৰ এক উচিত তদন্তৰ দাবী কৰিছে সংৰক্ষণ সমিতিখনে। হাজোৰ ৰাইজ আৰু গোপালক সংৰক্ষণ সমিতিয়ে সংৰক্ষিত ভূমি মিঞাৰ কবলৰ পৰা শীঘ্ৰে উচ্ছেদ কৰি লৌহ মানৱ বিষ্ণুৰাম মেধিৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ