--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চৰকাৰী তথা বনভূমিত হৈ থকা বেদখল উচ্ছেদৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন ।

ডিজিটেল ডেস্কঃ নগাঁৱৰ কচুৱাৰ লুটুমাৰী বনাঞ্চলৰ বেদখলকাৰীৰ কবলত থকা ভুমিত উচ্ছেদৰ বাবে সাজু প্ৰশাসন । ৰাজ্যৰ বেদখলকাৰীয়ে ৰেহাই নাপাব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰায়েই ঘোষণা কৰি অহাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান । 


চৰকাৰী তথা বনভূমিত হৈ থকা বেদখল উচ্ছেদৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন । প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছতেই বহু বেদখলকাৰীয়ে স্বেচ্ছাই চৰকাৰী ভূমি ত্যাগ কৰি এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নগাঁও জিলাত কিন্তু এইবাৰ উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন । 


আজিৰ পৰা দুই-তিনিমাহ পূৰ্বেই জিলাখনৰ হাজাৰৰো অধিক ভূমি বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে জাৰি কৰিছিল জাননী । কিন্তু প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছতো একাংশ লোকে শস্য উৎপাদনকে ধৰি বিভিন্ন কাৰণত সময় বিচৰাত জিলা প্ৰশাসনে পৰ্যাপ্ত সময় দিয়াৰ পাছতো স্বেচ্ছাই চৰকাৰী ভূমি ত্যাগ নকৰা পৰিয়ালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আগবাঢ়িছে নগাঁও জিলা প্ৰশাসনে । 


মধ‌্য অসমৰ সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু প্ৰশাসন। নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত এইবাৰ হ'ব উচ্ছেদ। ৫৯৬২ বিঘা মাটিত হ'ব এই উচ্ছেদ অভিযান। প্ৰায় ১৭০০ ঘৰ মানুহৰ হ'ব উচ্ছেদ। বৰ্তমান উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন। ৪টাকৈ শিবিৰ স্থাপন কৰিছে উচ্ছেদৰ বাবে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন