--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চৰকাৰী তথা বনভূমিত হৈ থকা বেদখল উচ্ছেদৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন ।

ডিজিটেল ডেস্কঃ নগাঁৱৰ কচুৱাৰ লুটুমাৰী বনাঞ্চলৰ বেদখলকাৰীৰ কবলত থকা ভুমিত উচ্ছেদৰ বাবে সাজু প্ৰশাসন । ৰাজ্যৰ বেদখলকাৰীয়ে ৰেহাই নাপাব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰায়েই ঘোষণা কৰি অহাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান । 


চৰকাৰী তথা বনভূমিত হৈ থকা বেদখল উচ্ছেদৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন । প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছতেই বহু বেদখলকাৰীয়ে স্বেচ্ছাই চৰকাৰী ভূমি ত্যাগ কৰি এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নগাঁও জিলাত কিন্তু এইবাৰ উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন । 


আজিৰ পৰা দুই-তিনিমাহ পূৰ্বেই জিলাখনৰ হাজাৰৰো অধিক ভূমি বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে জাৰি কৰিছিল জাননী । কিন্তু প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছতো একাংশ লোকে শস্য উৎপাদনকে ধৰি বিভিন্ন কাৰণত সময় বিচৰাত জিলা প্ৰশাসনে পৰ্যাপ্ত সময় দিয়াৰ পাছতো স্বেচ্ছাই চৰকাৰী ভূমি ত্যাগ নকৰা পৰিয়ালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আগবাঢ়িছে নগাঁও জিলা প্ৰশাসনে । 


মধ‌্য অসমৰ সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু প্ৰশাসন। নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত এইবাৰ হ'ব উচ্ছেদ। ৫৯৬২ বিঘা মাটিত হ'ব এই উচ্ছেদ অভিযান। প্ৰায় ১৭০০ ঘৰ মানুহৰ হ'ব উচ্ছেদ। বৰ্তমান উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন। ৪টাকৈ শিবিৰ স্থাপন কৰিছে উচ্ছেদৰ বাবে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভুৱা কৃষকে সৰকালে প্ৰধানমন্ত্ৰীৰ অভিলাষী আঁচনিৰ ৫৬৭ কোটি টকা
ছট্টিশগড়ত ৪১ মাওবাদী সদস্যৰ অস্ত্ৰ-সম্বৰণ
দেশৰ বৈচিত্র্যৰ মাজত সংবিধানখনে একতাৰ আদর্শ দেখুৱাই আহিছেঃ মমতা বেনাৰ্জী
শ্বেয়াৰ বজাৰৰ উত্থান, ৬ লাখ কোটি টকা লাভ বিনিয়োগকাৰীৰ
UPI পেমেণ্টত প্ৰাথমিক বেংক একাউণ্ট ব্যৱহাৰে বৃদ্ধি কৰে ডিজিটেল জালিয়াতিৰ আশংকা : গোপাল ভিট্টাল
কাৰাগাৰত ইমৰান খানক 'হত্যা'ৰ বাতৰিক লৈ উত্তাল পাকিস্তান
পানীত তিয়াই থোৱা কিচমিচৰ আছে অনেক চমৎকাৰী গুণ! আপুনি বাৰু এনেকৈ খায়নে?
বাংলাদেশত ভূমিকম্পত ৬জনৰ মৃত্যু; অসম,পশ্চিমবংগকো গ'ল জোকাৰি
হাছিনাক ভাৰতৰ পৰা প্ৰত্যর্পণৰ বাবে সহায় ল'ব ইণ্টাৰপলৰ
দিল্লী বিস্ফোৰণৰ গোচৰত বিস্ফোৰক তথ্য ; আটা প্ৰস্তুত কৰা মেচিনেৰে তৈয়াৰ কৰা হৈছিল বোমা
ভাৰতীয় মহিলাক জিহাদী প্ৰশিক্ষণৰ বাবে জৈছৰ অনলাইন পাঠ্যক্রম, পোহৰলৈ আহিছে পাকিস্তানী সন্ত্রাসবাদীৰ ভয়ংকৰ ষড়যন্ত্ৰ
তিতাবৰৰ ভগনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ; এপে'ৰ খুন্দাত মৃত্যু এজন লোকৰ
জলবায়ু পৰিৱৰ্তনে বিপদ মাতিছে অসমলৈ, ২৭৩ দিনৰ ভিতৰত ১১৩ দিনেই সম্মুখীন হৈছে চৰম দুৰ্যোগৰ
হঠাৎ কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ’ল তেজছ যুঁজাৰু বিমান ?