ডিজিটেল ডেস্কঃ মাজুলী পৃথিৱীৰ বৃহত্তৰ নদীদ্বীপ তথা সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ। পৃথিৱীৰ বৃহত্তৰ নদী দ্বীপটো খহনীয়া কবলত পাৰি সংকুচিত হৈ আহিছে ইয়াৰ মূল ভূখণ্ড ।
প্ৰতি বছৰে নদীৰ বুকুত বিলীন হৈছে ঘৰ-বাৰী কৃষি ভূমি। গৃহহীন-ভূমিহীন হৈছে বহু পৰিয়াল ।ব্ৰহ্মপুত্ৰ ব'ৰ্ডে শ শ কোটি টকাৰে সুৰক্ষাৰ কাম কৰি আছে যদিও মাজুলীৰ মূল ভূ খণ্ড এটুকুৰা ভূমি সুৰক্ষা দিব পৰা নাই ।
ভকত চাপৰিৰ গৰু খুঁটি ,শালমৰাত এতিয়াও ভয়াবহ খহনীয়া আভ্যহত আছে । খৰালি নদী তীব্র খহনীয়া অব্যাহত থকাৰ বাবে শালমৰাত দুদিনীয়া কৈ অনুষ্ঠিত কৰিছে ব্ৰহ্মপুত্ৰ নদী পূজন অনুষ্ঠান।
নদীৰ পাৰত নাম প্ৰসংগ কৰি ব্ৰহ্মপুত্ৰক সন্তুষ্ট কৰাৰ চেষ্টা শালমৰা বাসীৰ। পূজা সেৱা আগবঢ়াইছে খহনীয়া গ্ৰস্ত ৰাইজে। সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱ গোস্বামীয়ে পূজা হোম যজ্ঞ কৰি ভোগ দিয়ে ব্ৰহ্মপুত্ৰক।
লোক বিশ্বাস অনুসৰি দক্ষিণপাট সত্ৰৰ ভুৱন মোহন বিগ্ৰহ নদীৰ পাৰত ভোগ দিলে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ হয় এই বিশ্বাস অনুসৰি শালমৰা খহনীয়া প্ৰতিৰোধ বাবেই এই অনুষ্ঠান। গায়ন বায়ন আয়তীৰ ওৰুলি শংখ ধব্বনী নৈ পাৰত প্ৰতিষ্ঠা হ'ল ভুৱন মোহনৰ বিগ্ৰহ।
ৰাইজৰ ভৰসা এতিয়া নেদেখা জনৰ ওপৰত। বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা মাজুলীৰ সুৰক্ষা সম্ভৱ নোহোৱাত নেদেখা জনেই শেষ ভৰসা নৈ পৰিয়া ৰাইজৰ ।