ডিজিটেল ডেস্কঃ বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণ চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে চোৰটোক । ধৃত চোৰটো উত্তৰ বৰপেটাৰোডৰ আজাদ নগৰৰ আয়ান আলীৰ পুত্ৰ ইনামূল মিয়া ।
ধৃত ইনামূল মিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ সোন ৰূপৰ আ-অলংকাৰ, নগদ ধন, ড্ৰাগছসহ প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্রী উদ্ধাৰ কৰে ।
উদ্ধাৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছে ২০০ গ্ৰাম ৰূপ ১৫ গ্ৰাম সোন, ১৬খনকৈ কাঁহৰ কাঁহীৰ লগতে বিভিন্ন বাচন বৰ্তন, বৈদ্যুতিক তামৰ তাঁৰ আদি।
আনহাতে চোৰটোৰ পৰা ১৩গ্ৰাম ড্ৰাগছ আৰু নগদ ৪০ হাজাৰ টকাও উদ্ধাৰ কৰে আৰক্ষীয়ে । বৰপেটাৰোডত চুৰিকাণ্ডৰে আতমকৰ সৃষ্টি কৰা চোৰৰ গেংটোক সমুলি উৎখাট কৰিবলৈ ৰাইজে দাবী জনাইছে।