--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আই অ' চিৰ সভানেত্রী কিৰ্ষ্টি কভেন্ট্রীয়ে ভৱিষ্যতৰ অলিম্পিক আয়োজনৰ দাবী উত্থাপন প্রক্রিয়া বন্ধ কৰাৰ সময়তে ভাৰতীয় প্ৰতিনিধিৰ দলটো এই বৈঠকত মিলিত হয়

ডিজিটেল ডেস্ক : ভাৰতে ২০৩৬ চনৰ অলিম্পিকৰ আয়োজনৰ বাবে গুজৰাটৰ আহমেদাবাদৰ নাম আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ (আই অ'চি) ওচৰত উত্থাপন কৰে।


যোৱা মঙলবাৰে ছুইজাৰলেণ্ডৰ লুচানেত হোৱা বৈঠকত কেন্দ্রীয় ক্রীড়া মন্ত্র্যালয়, গুজৰাট চৰকাৰ আৰু ভাৰতীয় অলিম্পিক সন্থাৰ (আই অ' এ) সভানেত্রী পি টি ঊষাসহ ভাৰতীয় প্রতিনিধি দলটোরে আহমেদাবাদত ২০৩৬ চনৰ অলিম্পিকৰ আয়োজনৰ সমর্থনত নিজৰ মত দাঙি ধৰে। উল্লেখযোগ্য যে আই অ' চিৰ সভানেত্রী কিৰ্ষ্টি কভেন্ট্রীয়ে ভৱিষ্যতৰ অলিম্পিক আয়োজনৰ দাবী উত্থাপন প্রক্রিয়া বন্ধ কৰাৰ সময়তে ভাৰতীয় প্ৰতিনিধিৰ দলটো এই বৈঠকত মিলিত হয়।


অলিম্পিকৰ আয়োজক বাছনিত আই অ' চিৰ সদস্যসকলৰ ভূমিকা অধিক হোৱাটো বিচাৰিছে সদস্যসকলে। সেয়েহে, এক কাৰ্যকৰী গোট গঠন কৰি নতুন প্ৰক্ৰিয়া তৈয়াৰ কৰা হ'ব।


উল্লেখযোগ্য যে ২০৩৬ চনৰ অলিম্পিকৰ আয়োজনৰ বাবে ভাৰতৰ উপৰি ছৌডি আৰব, ইণ্ডোনেছিয়া, তুৰস্ক আৰু চিলিয়ে দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰ অক্টোবৰত ভাৰতে 'লেটাৰ অব্ ইনটেন্ট'ৰ জৰিয়তে ভাৰতত অলিম্পিক ক্রীড়া সমাৰোহ আয়োজনৰ ইচ্ছা প্রকাশ কৰে। ইয়াৰ পাছত অলিম্পিকৰ আয়োজনস্থলী হিচাপে প্ৰথমবাৰৰ বাবে আহমেদাবাদৰ নাম আই অ' চিক দাখিল কৰা হয়।


আই অ' এ-ই কয় যে আহমেদাবাদত অলিম্পিক ক্রীড়া সমাৰোহৰ আয়োজন কৰিলে দেশৰ প্রায় ৬০ কোটি যুৱক-যুৱতীয়ে প্ৰথমবাৰৰ দেশত অলিম্পিক চোৱাৰ সুযোগ লাভ কৰিব। ইয়াৰ লগতে ভাৰতে বসুধৈৱ কুটুম্বকম বাৰ্তাৰ জৰিয়তে অলিম্পিকৰ জৰিয়তে সমগ্র বিশ্বৰ লোকসকলক এটা পৰিয়ালৰ দৰে অনুভব সৃষ্টিৰ সুযোগ দিব। গুজৰাটৰ ক্রীড়া মন্ত্রী হর্ষ সংঘৱীয়ে কয় যে আই অ' চিৰ সহযোগত ভাৰতত অলিম্পিক আয়োজনৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে। ইফালে আই অ' এব সভানেত্রী পি টি উষাই কয় যে ভাৰতত অলিম্পিকৰ গাম্ভীর্যপূর্ণ তথা বিশাল আয়োজন কৰা হ'ব। ই কেইবাটাও প্রজন্মলৈকে প্রভাৱ পেলোৱা এক ঐতিহাসিক আয়োজন হ'ব বুলি তেওঁ প্রকাশ কৰে।


ইফালে, বৈঠকত হোৱা আলোচনাৰ বিষয়ে প্রকাশ কৰি নতুন দিল্লীত জি ক্রীড়া মন্ত্ৰ্যালয়ৰ সূত্রই কয়, 'এতিয়া প্রক্রিয়াটো বন্ধ হৈ আছে, কিন্তু আমি অলিম্পিকৰ আয়োজনৰ ইচ্ছা প্রকাশ কৰি যোৱা বছৰ 'লেটাৰ অব ইনটেন্ট' দাখিল কৰিছোঁ।' তেওঁ কয় যে প্রতিনিধি দলটোৱে অলিম্পিকৰ আয়োজনৰ দাবী উত্থাপনৰ প্ৰক্ৰিয়াটো বুজি পোৱাৰ বাবে লুচানেলৈ গৈছিল। ইফালে, আই অ' চিৰ সভানেত্রী কভেন্ট্রীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত কয় যে আয়োজক দেশৰ নাম ঘোষণা কৰাৰ উপযুক্ত সময় কেতিয়া হ'ব সেই সম্পর্কে সদস্য দেশসমূহৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক