--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কিস্তানী চোৰাংচোৱাৰ এটা চক্ৰই পশ্চিম এছিয়া আৰু নেপালৰ পৰা ভাৰতত এটা চোৰাংচোৱা নেটৱর্ক চলাই আছে

ডিজিটেল ডেস্ক : পাকিস্তানৰ চতুৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে ভাৰতত চোৰাংচোবাগিৰি কৰাৰ বাবে নতুন কৌশল অবলম্বন কৰিছে।


আই এছ আয়ে বহিঃৰাষ্ট্ৰৰ নাগৰিকৰ জৰিয়তে ভাৰতৰ বিভিন্ন প্ৰান্তৰত চোৰাংচোৱাগিৰি আৰম্ভ কৰিছে। আই এছ আয়ে এতিয়া বিদেশী নাগৰিকক নিযুক্ত কৰি, বিশেষকৈ নেপাল আৰু পশ্চিম এছিয়াৰ দেশসমূহৰ নাগৰিকক ভাৰতত চোৰাংচোৱাগিৰি কৰিবলৈ মেলি দিছে। চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতীয় নিৰাপত্তা সংস্থাই এজন নেপালৰ নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই তথ্য পোহৰলৈ আহিছে।


পাকিস্তানী চোৰাংচোৱাৰ এটা চক্ৰই পশ্চিম এছিয়া আৰু নেপালৰ পৰা ভাৰতত এটা চোৰাংচোৱা নেটৱর্ক চলাই আছে। এই নেটবর্কটো পাকিস্তানৰ ইণ্টাৰ ছার্ভিছেজ ইন্টেলিজেন্সে (আই এছ আই) পৰিচালনা কৰি আছে আৰু ভাৰতৰ ভিতৰৰ পৰা ভাৰতীয় সামৰিক বাহিনীৰ স্পর্শকাতৰ তথ্যসমূহ সংগ্ৰহ কৰি আছে।


যোৱা ১৪ ফেব্ৰুৱাৰীত দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৰৌতাহাট জিলাৰ পৰা আনছাৰুল মিঞা আনচাৰী নামৰ এজন নেপালী নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল। এই নেপালৰ নাগৰিকজনক গ্ৰেপ্তাৰৰ পাছতেই আই এছ আয়ে ভাৰতৰ বিভিন্ন অঞ্চলত অপৰম্পৰাগতভাৱে চলাই থকা এই চোৰাংচোৱা অভিযান পোহৰলৈ আহে। ১৪ ফেব্ৰুৱাৰীৰ নিশা ১০ বজাত দিল্লী আৰক্ষীয়ে ইষ্ট দিল্লীৰ বিশ্বাস নগৰত জাল পেলাইছিল আৰু আনছাৰীক এটা পেকেট ডেলিভাৰী দিয়া ধৰা পেলাই ছিল। আনছাৰীক গ্ৰেপ্তাৰৰ সময়ত দিল্লী আৰক্ষীয়ে তেওঁৰ পৰা এটা লেপটপ আৰু প্রিণ্টাৰ জব্দ কৰিছিল। লেপটপটোত ভাৰতীয় সেনাৰ বহুতো গোপনীয় তথ্য আছিল।


আনহাতে, আনছাৰীয়ে অনা পেকেটটোত 'গোপনীয়' বুলি চিহ্নিত কৰা আছিল। তদুপৰি, ভাৰতীয় সামৰিক বাহিনীৰ বহুতো গোপনীয় তথ্য থকা এখন চি ডিও জব্দ কৰিছিল আনছাৰীৰ পৰা। প্ৰাৰম্ভিক জেৰাত আনছাৰীয়ে প্ৰকাশ কৰা মতে, ২০০৮ চনৰ পৰা আই এছ আইৰ হৈ তেওঁ কাম কৰি আছিল। আনছাৰীয়ে দিয়া স্বীকাৰোক্তিত কয় যে তেওঁ হোৱাটছ এপ মেছেজ আৰু ভইচ কলৰ জৰিয়তে পাকিস্তানী হেণ্ডলাৰৰ সৈতে সঘনে যোগাযোগ কৰিছিল। আনছাৰীয়ে কয় যে নেপাল হৈ তেওঁ ভাৰতত নিয়মিতভাৱে প্ৰৱেশ কৰিছিল আৰ নিৰীক্ষণ চকীত ভুৱা অথবা নকল নথি-পত্র প্রদান কৰিছিল।


ভাৰতত প্ৰৱেশৰ পাছতেই আনছাৰীয়ে তেওঁৰ মধ্যস্থতাকাৰীৰ জৰিয়তে হার্ড কপি অথবা ডিজিটেল মিডিয়াৰ মাধ্যমেৰে ভাৰতীয় সেনাৰ তথ্য আহৰণ কৰিছিল। আনহাতে, আনছাৰীৰ লগত এই 'স্পাই চেইন'ত পিন্টু নামৰ কুৰিয়াৰ ডেলিভাৰী বয়ো জড়িত আছে। তদুপৰি, ঝাৰখণ্ডৰ ৰাঁচীৰ আখলাক আজম নামৰ এজন যুৱকে আনছাৰীক সক্রিয়ভাৱে সহযোগ কৰি আছিল। আনছাৰীৰ ফ'ন কলত পাকিস্তানী নম্বৰ আৰু বহুতো বিদেশী লোকৰ সন্দেহজনক নম্বৰ ধৰা পৰিছে। ভাৰতৰ সেনা চোৰাংচোৱা সঞ্চালকালয়ে আনছাৰীৰ সামগ্ৰীসমূহ মূল্যায়নৰ পাছতেই শেহতীয়াকৈ এই চোৰাংচোৱা নেটৱৰ্কৰ বিষয়ে পোহৰলৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ