--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কিস্তানী চোৰাংচোৱাৰ এটা চক্ৰই পশ্চিম এছিয়া আৰু নেপালৰ পৰা ভাৰতত এটা চোৰাংচোৱা নেটৱর্ক চলাই আছে

ডিজিটেল ডেস্ক : পাকিস্তানৰ চতুৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে ভাৰতত চোৰাংচোবাগিৰি কৰাৰ বাবে নতুন কৌশল অবলম্বন কৰিছে।


আই এছ আয়ে বহিঃৰাষ্ট্ৰৰ নাগৰিকৰ জৰিয়তে ভাৰতৰ বিভিন্ন প্ৰান্তৰত চোৰাংচোৱাগিৰি আৰম্ভ কৰিছে। আই এছ আয়ে এতিয়া বিদেশী নাগৰিকক নিযুক্ত কৰি, বিশেষকৈ নেপাল আৰু পশ্চিম এছিয়াৰ দেশসমূহৰ নাগৰিকক ভাৰতত চোৰাংচোৱাগিৰি কৰিবলৈ মেলি দিছে। চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতীয় নিৰাপত্তা সংস্থাই এজন নেপালৰ নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই তথ্য পোহৰলৈ আহিছে।


পাকিস্তানী চোৰাংচোৱাৰ এটা চক্ৰই পশ্চিম এছিয়া আৰু নেপালৰ পৰা ভাৰতত এটা চোৰাংচোৱা নেটৱর্ক চলাই আছে। এই নেটবর্কটো পাকিস্তানৰ ইণ্টাৰ ছার্ভিছেজ ইন্টেলিজেন্সে (আই এছ আই) পৰিচালনা কৰি আছে আৰু ভাৰতৰ ভিতৰৰ পৰা ভাৰতীয় সামৰিক বাহিনীৰ স্পর্শকাতৰ তথ্যসমূহ সংগ্ৰহ কৰি আছে।


যোৱা ১৪ ফেব্ৰুৱাৰীত দিল্লী আৰক্ষীৰ বিশেষ শাখাই ৰৌতাহাট জিলাৰ পৰা আনছাৰুল মিঞা আনচাৰী নামৰ এজন নেপালী নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল। এই নেপালৰ নাগৰিকজনক গ্ৰেপ্তাৰৰ পাছতেই আই এছ আয়ে ভাৰতৰ বিভিন্ন অঞ্চলত অপৰম্পৰাগতভাৱে চলাই থকা এই চোৰাংচোৱা অভিযান পোহৰলৈ আহে। ১৪ ফেব্ৰুৱাৰীৰ নিশা ১০ বজাত দিল্লী আৰক্ষীয়ে ইষ্ট দিল্লীৰ বিশ্বাস নগৰত জাল পেলাইছিল আৰু আনছাৰীক এটা পেকেট ডেলিভাৰী দিয়া ধৰা পেলাই ছিল। আনছাৰীক গ্ৰেপ্তাৰৰ সময়ত দিল্লী আৰক্ষীয়ে তেওঁৰ পৰা এটা লেপটপ আৰু প্রিণ্টাৰ জব্দ কৰিছিল। লেপটপটোত ভাৰতীয় সেনাৰ বহুতো গোপনীয় তথ্য আছিল।


আনহাতে, আনছাৰীয়ে অনা পেকেটটোত 'গোপনীয়' বুলি চিহ্নিত কৰা আছিল। তদুপৰি, ভাৰতীয় সামৰিক বাহিনীৰ বহুতো গোপনীয় তথ্য থকা এখন চি ডিও জব্দ কৰিছিল আনছাৰীৰ পৰা। প্ৰাৰম্ভিক জেৰাত আনছাৰীয়ে প্ৰকাশ কৰা মতে, ২০০৮ চনৰ পৰা আই এছ আইৰ হৈ তেওঁ কাম কৰি আছিল। আনছাৰীয়ে দিয়া স্বীকাৰোক্তিত কয় যে তেওঁ হোৱাটছ এপ মেছেজ আৰু ভইচ কলৰ জৰিয়তে পাকিস্তানী হেণ্ডলাৰৰ সৈতে সঘনে যোগাযোগ কৰিছিল। আনছাৰীয়ে কয় যে নেপাল হৈ তেওঁ ভাৰতত নিয়মিতভাৱে প্ৰৱেশ কৰিছিল আৰ নিৰীক্ষণ চকীত ভুৱা অথবা নকল নথি-পত্র প্রদান কৰিছিল।


ভাৰতত প্ৰৱেশৰ পাছতেই আনছাৰীয়ে তেওঁৰ মধ্যস্থতাকাৰীৰ জৰিয়তে হার্ড কপি অথবা ডিজিটেল মিডিয়াৰ মাধ্যমেৰে ভাৰতীয় সেনাৰ তথ্য আহৰণ কৰিছিল। আনহাতে, আনছাৰীৰ লগত এই 'স্পাই চেইন'ত পিন্টু নামৰ কুৰিয়াৰ ডেলিভাৰী বয়ো জড়িত আছে। তদুপৰি, ঝাৰখণ্ডৰ ৰাঁচীৰ আখলাক আজম নামৰ এজন যুৱকে আনছাৰীক সক্রিয়ভাৱে সহযোগ কৰি আছিল। আনছাৰীৰ ফ'ন কলত পাকিস্তানী নম্বৰ আৰু বহুতো বিদেশী লোকৰ সন্দেহজনক নম্বৰ ধৰা পৰিছে। ভাৰতৰ সেনা চোৰাংচোৱা সঞ্চালকালয়ে আনছাৰীৰ সামগ্ৰীসমূহ মূল্যায়নৰ পাছতেই শেহতীয়াকৈ এই চোৰাংচোৱা নেটৱৰ্কৰ বিষয়ে পোহৰলৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক