--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুম্বাইত ভাৰতৰ ৪×১০০ মিটাৰ ৰীলে দলটোৰ প্ৰস্তুতি শিবিৰত আছে ভাৰতৰ দ্রুত মানৱ খ্যাত অসম সন্তান অম্লান বৰগোহাঁইসহ দেশৰ আগশাৰীৰ আঠগৰাকী স্প্রিন্টাৰ।

ডিজিটেল ডেস্ক : চলিত বর্ষত গ্লাছগোত অনুস্থিতব্য কমনৱেল্‌থ গেমছ আৰু জাপানৰ নাগোয়াত হ'বলগীয়া এছিয়ান গেমছলৈ ভাৰতীয় এথলেটিক্‌ছ দলৰ প্রস্তুতি পূর্ণগতিত চলি আছে। 


মুম্বাইত ভাৰতৰ ৪×১০০ মিটাৰ ৰীলে দলটোৰ প্ৰস্তুতি শিবিৰত আছে ভাৰতৰ দ্রুত মানৱ খ্যাত অসম সন্তান অম্লান বৰগোহাঁইসহ দেশৰ আগশাৰীৰ আঠগৰাকী স্প্রিন্টাৰ। 


১০০ আৰু ২০০ মিটাৰ দৌৰত দেশৰ পূৰ্বৰ ৰেক'ৰ্ডধাৰী তথা ৰাষ্ট্ৰীয় চেম্পিয়ন অম্লান বৰগোহাঁয়ে বিশ্বৰ অন্যতম আগশাৰীৰ প্ৰতিযোগিতা দুখনৰ পূর্বে অহা ২৮ মার্চত চণ্ডীগড়ত হ'বলগীয়া ৰীলে কার্নিভেললৈ কঠোৰ অনুশীলনত ব্ৰতী হৈছে। 


ব্রিটিছ প্রশিক্ষক জেমছ হিলাৰৰ অধীনত আগন্তুক বিশ্ব ৰীলেৰ বাবে মুম্বাইত প্রস্তুতি চলাই থকা ভাৰতীয় দলটোত অম্লানৰ সৈতে আছে মণিকান্ত হোবলিধৰ, গুৰিন্দৰবীৰ সিং আৰু অনিমেষ কুজুৰ। উল্লেখযোগ্য যে যোৱাবছৰ ৪×১০০ মিটাৰ ৰীলেত ৩৮.৬৯ ছেকেণ্ড সময়লৈ ১৫ বছৰৰ পুৰণি ৰাষ্ট্ৰীয় ৰেক'ৰ্ড ভংগ কৰিছিল তেওঁলোকে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ