--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুম্বাইত ভাৰতৰ ৪×১০০ মিটাৰ ৰীলে দলটোৰ প্ৰস্তুতি শিবিৰত আছে ভাৰতৰ দ্রুত মানৱ খ্যাত অসম সন্তান অম্লান বৰগোহাঁইসহ দেশৰ আগশাৰীৰ আঠগৰাকী স্প্রিন্টাৰ।

ডিজিটেল ডেস্ক : চলিত বর্ষত গ্লাছগোত অনুস্থিতব্য কমনৱেল্‌থ গেমছ আৰু জাপানৰ নাগোয়াত হ'বলগীয়া এছিয়ান গেমছলৈ ভাৰতীয় এথলেটিক্‌ছ দলৰ প্রস্তুতি পূর্ণগতিত চলি আছে। 


মুম্বাইত ভাৰতৰ ৪×১০০ মিটাৰ ৰীলে দলটোৰ প্ৰস্তুতি শিবিৰত আছে ভাৰতৰ দ্রুত মানৱ খ্যাত অসম সন্তান অম্লান বৰগোহাঁইসহ দেশৰ আগশাৰীৰ আঠগৰাকী স্প্রিন্টাৰ। 


১০০ আৰু ২০০ মিটাৰ দৌৰত দেশৰ পূৰ্বৰ ৰেক'ৰ্ডধাৰী তথা ৰাষ্ট্ৰীয় চেম্পিয়ন অম্লান বৰগোহাঁয়ে বিশ্বৰ অন্যতম আগশাৰীৰ প্ৰতিযোগিতা দুখনৰ পূর্বে অহা ২৮ মার্চত চণ্ডীগড়ত হ'বলগীয়া ৰীলে কার্নিভেললৈ কঠোৰ অনুশীলনত ব্ৰতী হৈছে। 


ব্রিটিছ প্রশিক্ষক জেমছ হিলাৰৰ অধীনত আগন্তুক বিশ্ব ৰীলেৰ বাবে মুম্বাইত প্রস্তুতি চলাই থকা ভাৰতীয় দলটোত অম্লানৰ সৈতে আছে মণিকান্ত হোবলিধৰ, গুৰিন্দৰবীৰ সিং আৰু অনিমেষ কুজুৰ। উল্লেখযোগ্য যে যোৱাবছৰ ৪×১০০ মিটাৰ ৰীলেত ৩৮.৬৯ ছেকেণ্ড সময়লৈ ১৫ বছৰৰ পুৰণি ৰাষ্ট্ৰীয় ৰেক'ৰ্ড ভংগ কৰিছিল তেওঁলোকে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু