--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইয়াৰ পাছতো মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ ওপৰত ভাৰতীয় ক্রিকেট ব'র্ডে আস্থা হেৰুওৱা নাই। তিৰস্কাৰ নহয়, এইবাৰ পুৰস্কাৰ পুৰস্কৃত হোৱাৰ দিশে আগবাঢ়িছে গম্ভীৰ।

ডিজিটেল ডেস্ক : টেষ্ট ইতিহাসত ঘৰৰ মাটিত সবাতোকৈ বৃহৎ ব্যৱধানত পৰাজয়। ঘৰুৱা দুটা শৃংখলাত পৰাজয়। ৬৬ বছৰৰ পাছত পঞ্চমবাৰৰ বাবে ৭খন খেলৰ ভিতৰত ৫খনতে পৰাজয়বৰণ। 


ইয়াৰ পাছতো মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ ওপৰত ভাৰতীয় ক্রিকেট ব'র্ডে আস্থা হেৰুওৱা নাই। তিৰস্কাৰ নহয়, এইবাৰ পুৰস্কাৰ পুৰস্কৃত হোৱাৰ দিশে আগবাঢ়িছে গম্ভীৰ। অৱশ্যে তাৰ বাবে এটা চৰ্ত আছে। সেয়া হ'ল টি-২০ বিশ্ব কাপ জয় কৰা। 


সংবাদ মাধ্যমৰ এটা সূত্ৰৰ মতে, বি চি চি আয়ে মোটামুটিভাৱে সিদ্ধান্ত লৈছে যে যদি টি-২০ বিশ্ব কাপত টীম ইণ্ডিয়াই জয়ী হয়, তেন্তে পুৰস্কাৰ হিচাপে মুখ্য প্রশিক্ষক গম্ভীৰৰ কাৰ্যকাল আৰু ১ বছৰ বৃদ্ধি কৰা হ'ব। তেনে স্থলত গম্ভীৰ ২০২৮ চনৰ অলিম্পিকলৈকে ভাৰতীয় দলৰ দায়িত্বত থাকিব। 


আচলতে টেষ্ট অথবা এদিনীয়াত ইমান সফল নহ'লেও ক্ৰিকেটৰ চুটি সংস্কৰণবিধত গম্ভীৰ যথেষ্ট সফল। ইয়াৰ পাছত ভাৰতীয় ব'ৰ্ডে অনুভৱ কৰে যে টি-২০ বিশ্ব কাপৰ খিতাপ জয় কৰিলে তেওঁ পুৰস্কাৰ পাব লাগে। সেয়া হ'ব চুক্তিৰ ম্যাদ বৃদ্ধি। সূত্ৰটোৱে লগতে দাবী কৰিছে বি চি চি আয়ে মুখ্য প্রশিক্ষক গম্ভীৰ ওপৰত আস্থা হেৰুওৱা নাই। ব'ৰ্ডৰ সৈতে ২০২৭ বিশ্ব কাপ পর্যন্ত গম্ভীৰৰ চুক্তি আছে, ফলত এতিয়াই গম্ভীৰক প্রশিক্ষক পদৰ পৰা আঁতৰাব খোজা নাই ব'ৰ্ডে। বৰং ব'ৰ্ডে তেওঁক অধিক সময় দিয়াৰ পক্ষপাতী।


ব'ৰ্ডৰ এক সূত্রই কয়, আগন্তুক দিনৰ বাবে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষকে নতুনকৈ দল গঠনৰ চেষ্টা কৰিছে। সেয়ে তেওঁক সময় দিয়া হ'ব। আনহাতে, ২০২৬ চনৰ টি-২০ বিশ্ব কাপ জিকিব পাৰিলেই তেওঁক অতিৰিক্ত ১ বছৰৰ প্রশিক্ষকৰ দায়িত্বত ৰখা হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ