--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি জ্যেষ্ঠ অধিবক্তা ৰিন্টু গোস্বামীয়ে কয় যে কোনো কাৰণতে শ্যামকানু এণ্ড হত্যাকাৰী কোম্পানীয়ে অধিবক্তা পোৱা নাই বুলি আদালতত আৱেদন কৰিব নোৱাৰে।

ডিজিটেল ডেস্ক : জুবিনৰ হত্যাৰ লগত প্রত্যক্ষভাৱে জড়িত হত্যাকাৰীকেইটাই অধিবক্তা পোৱা নাই বুলি বিচাৰ প্ৰক্ৰিয়াত কিছু সুবিধা লাভ কৰিব পাৰে, সেই কথা কালি সৰ্বত্ৰ আলোচনাৰ প্ৰধান বিষয় হৈ পৰিছে। কাৰণ জুবিন হত্যাৰ লগত জড়িত কোনো অপৰাধীকে আইনী সাহায্য প্রদান নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্যৰ অধিবক্তাসকলে। সেয়েহে বহুতৰ মনত এই শংকা হৈছে যে এই অপৰাধীকেইটাই অধিবক্তা নাই বুলি আদালতত আৱেদন কৰিব পাৰে। 


এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি জ্যেষ্ঠ অধিবক্তা ৰিন্টু গোস্বামীয়ে কয় যে কোনো কাৰণতে শ্যামকানু এণ্ড হত্যাকাৰী কোম্পানীয়ে অধিবক্তা পোৱা নাই বুলি আদালতত আৱেদন কৰিব নোৱাৰে। কাৰণ যি অপৰাধী বা আচামীৰ কোনো ব্যক্তিগত অধিবক্তা নাথাকে তেনে অপৰাধীক আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগেই আইনী সেৱা প্ৰাধিকাৰীয়ে অধিবক্তা দিয়ে। 


এই প্রসংগতে উল্লেখযোগ্য যে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই জুবিনৰ হত্যাকাৰীক আইনী সাহায্য প্ৰদান নকৰাৰ সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ গুৱাহাটী উকীল সন্থাক এক লিখিত আৱেদন দাখিল কৰিছে। হত্যাকাৰী শ্যামকানুৰ পত্নীয়ে দাখিল কৰা এই আৱেদনৰ পাছতে শ্যামকানুৱে অধিবক্তা নোপোৱাৰ অজুহাতত ৰেহাই পোৱাৰ শংকা হৈছে সাধাৰণ মানুহৰ মনত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন