--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱনিৰ্মিত বিমান বন্দৰ টার্মিনেলটো বিমান যাত্ৰাৰ সুন্দৰ অভিজ্ঞতা প্ৰদানৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ উন্নত বিমান পৰিবহণ কেন্দ্ৰ হিচাপে সাজু হৈছে।

ডিজিটেল ডেস্ক : দেশ-বিদেশৰ শীর্ষস্থানীয় মহানগৰসমূহৰ শেহতীয়াভাৱে দৰেই গুৱাহাটী মহানগৰতো প্রশস্ত হৈছে ভাৰতীয় বিমান পৰিবহণৰ স্বর্ণিল যাত্রা। 


লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱনিৰ্মিত বিমান বন্দৰ টার্মিনেলটো বিমান যাত্ৰাৰ সুন্দৰ অভিজ্ঞতা প্ৰদানৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ উন্নত বিমান পৰিবহণ কেন্দ্ৰ হিচাপে সাজু হৈছে। অহা ২০ ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব লগীয়া আৰু আদানি এয়াৰপ'ৰ্ট হোল্ডিংছ লিমিটেডে নিৰ্মাণ কৰি উলিওৱা এই অত্যাধুনিক বিমান পৰিবহণ সুবিধাটোত সংযোজন ঘটিছে ডিজাইন, ডিজিটেল চোৰাংচোৱা আৰু অটোমেশ্যনৰ মিশ্রণ, য'ত ভাৰতৰ প্ৰথমটো ৰিম 'ট চেক-ইন ব্যৱস্থাৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ বেগেজ হেণ্ডলিঙলৈকে নিৰৱচ্ছিন্ন, বহনক্ষম আৰু স্মার্ট বিমান ভ্ৰমণৰ সফলতাৰ নতুন মাপকাঠী নিৰ্ধাৰণ হৈছে। 


লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নতুন টার্মিনেলৰ উদ্বোধনৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ব্যস্ত বিমান বন্দৰটোৰ ৰূপান্তৰ ঘটিব এক স্মার্ট বিমান ভ্রমণ কেন্দ্রলৈ। নতুন টার্মিনেলটোৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল দেশৰ আন বহুকেইটা আগশাৰীৰ বিমান বন্দৰত এতিয়াও সংযোজন হ'বলৈ বাকী থকা অত্যাধুনিক প্ৰযুক্তিৰ। বিমান বন্দৰটোত সদায়েই দেশৰ বিভিন্ন প্ৰান্তত পিছপৰা অঞ্চল বুলি প্রকাশ্যে শুনি অহা উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্রীসকলক কেনেকৈ বিমান যাত্ৰাৰ নতুন সোৱাদ দিব পৰা যায় বা দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা উত্তৰ-পূর্বাঞ্চললৈ অহা যাত্রীক কেনেকৈ এক সুকীয়া অভিজ্ঞতা প্রদান কৰিব পৰা যায় তাত গুৰুত্ব প্রদান কৰা হৈছে। 


বছৰি ৯ লাখতকৈ অধিক যাত্রীক চম্ভালিব পৰাকৈ প্ৰস্তুত কৰা এই টার্মিনেলত এনে ভালেমান উন্নত ব্যৱস্থা আৰু সুবিধাৰ সংমিশ্রণ ঘটোৱা হৈছে, যিয়ে বিমান যাত্রাক আগৰ তুলনাত দ্রুত, নিৰাপদ আৰু অধিক আনন্দিত কৰি তুলিবলৈ সক্ষম হ'ব। টার্মিনেলৰ ভিতৰত এনেধৰণৰ সুবিধা প্রদান কৰা হৈছে যাৰ জৰিয়তে যাত্ৰীয়ে কোনো অসুবিধা নোহোৱাকৈ বিমান বন্দৰত উপস্থিত হৈ নিজ বিমান অভিমুখে আগবাঢ়ি যাবলৈ সক্ষম হয়। ইয়াৰ বিশেষ সেৱাসমূহৰ ভিতৰত অন্যতম হ'ল ১২টা স্বয়ংক্রিয় ট্রে উদ্ধাৰ ব্যৱস্থা (এ টি আৰ এছ) আৰু ইয়াক উত্তৰ-পূৰ্বাঞ্চলত প্রথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হৈছে, য'ত স্বয়ংক্রিয়ভাৱে ট্ৰেখন ঘূৰাই দি সুৰক্ষা পৰীক্ষণ ক্ষিপ্ৰভাৱে সম্পন্ন কৰিব পাৰি। ইয়াৰ উপৰি আঠটা ছেল্‌ল্ফ বেগ ড্রপ (এছ বি ডি) কাউণ্টাৰৰ ব্যৱস্থা ৰখা হৈছে যদিও সম্প্রতি ইয়াৰে ছটাহে প্রথম পর্যায়ত কার্যক্ষম হ'ব। ইয়াৰ জৰিয়তে বিমান যাত্ৰীসকলে নিজাববীয়াকৈ চেক-ইন বা বিমানত প্ৰৱেশৰ প্ৰাৰম্ভিক কামসমূহ সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হয়। এই প্রক্ৰিয়াৰে পূৰ্বৰ তুলনাত সুশৃংখলিতভাৱে আৰু কম সময়ত বিমান যাত্ৰাৰ এই কাম সম্পন্ন হয়। 


নৱনির্মিত টার্মিনেলৰ আন এক উল্লেখনীয় ব্যৱস্থা হ'ল ইন্টিগ্রেটেড লেভেল হোল্ড বেগেজ স্ক্রীনিং (আই এল এইচ বি এছ) ব্যৱস্থা, য'ত বিমান যাত্ৰাত ব্যৱহাৰৰ বাবে পূর্বে পঞ্জীয়ন কৰি ৰখা বেগসমূহৰ বাবে পাঁচটা স্তৰৰ স্ক্রীনিং ব্যৱহাৰ কৰা হয়, যিয়ে সুৰক্ষা আৰু নিখুঁত ব্যৱস্থাৰ বিশ্ব মানৰ নিশ্চিতি প্ৰদান কৰে। এই সমগ্ৰ ব্যৱস্থাটোক নিয়ন্ত্ৰণ কৰে সম্পূৰ্ণ সংহত বেগেজ নিয়ন্ত্রণ ব্যৱস্থাই, যিয়ে দুটা শাৰীত প্রতি ঘণ্টাত প্রায় ২,৪০০টা বেগ চালন কৰিবলৈ সক্ষম হয়। 


তৃতীয় শাৰীৰ সহায়ত এই বেগ চালনৰ ক্ষমতা প্রতি ঘণ্টাত আকর্ষণীয়ভাৱে ৩৬০০টালৈ বৃদ্ধি কৰিব পাৰিব বুলি জানিব পৰা গৈছে। যাক পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ বাবে এনেধৰণৰ প্ৰথম আৰু অনন্য সেৱা বুলি ক'ব পৰা যায়। বিমান বন্দৰত প্ৰৱেশৰ পৰা প্ৰস্থানলৈকে প্রতিটো পদক্ষেপ ডিজিটেল, স্বচ্ছ আৰু কাৰ্যক্ষম। টার্মিনেলটোৰ আন এক সুকীয়া বৈশিষ্ট্য হ'ল প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা উৰাজাহাজেৰে যাত্ৰা কৰা যাত্ৰীসকলে মূল টার্মিনেল বিল্ডিঙত প্ৰৱেশ কৰাৰ পূৰ্বেই লটাৰী চেক ইন কৰি ব'র্ডিং পাছ সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ ৰিম'ট চেক-ইন সুবিধা সম্পূর্ণরূপে স্বয়ংক্রিয় আৰু টার্মিনেলৰ বেগেজ হেণ্ডলিং ছিষ্টেম (বি এইচ এছ)ৰ সৈতে নিখুঁতভাৱে সংযুক্ত কৰি ৰখা হৈছে। এই উদ্ভাবনে যান-জট হ্রাস কৰাৰ লগতে সময় ৰাহি কৰে আৰু কাৰ্যকৰী দক্ষতা বৃদ্ধি কৰে। ফলত ভ্রমণকাৰীসকলে উৰণৰ পূৰ্বেই বিশ্বমানৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?