--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কালি এক বিবৃতিযোগে সভাপতিগৰাকীয়ে কয় যে ১৯৬০ চনৰ প্রশাসনীয় ভাষা আইনখন অৱশেষত চৰকাৰৰ কৃপাধন্য হ'ল।

ডিজিটেল ডেস্ক: অসম চৰকাৰী ভাষা আইন ১৯৬০ৰ সঠিক ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰাৰ পাছতো সঠিক ৰূপায়ণ নোহোৱাত প্রতিক্রিয়া প্রকাশ কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। 


কালি এক বিবৃতিযোগে সভাপতিগৰাকীয়ে কয় যে ১৯৬০ চনৰ প্রশাসনীয় ভাষা আইনখন অৱশেষত চৰকাৰৰ কৃপাধন্য হ'ল। সেয়ে যোৱা ১৪ এপ্ৰিলৰ পৰা চৰকাৰে অধিসূচনা ইংৰাজীৰ লগতে অসমীয়া ভাষাতো প্ৰকাশ কৰাৰ নিৰ্দেশ দিছিল। 


সাহিত্য সভাৰ সভাপতি ড° গোস্বামীয়ে কয় যে চৰকাৰে অধিসূচনাখনত অসমীয়াৰ লগতে ইংৰাজী ভাষাত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিব লাগিছিল। তাকে নকৰি অধিসূচনাখনত ইংৰাজীৰ লগতে অসমীয়া ভাষাতো প্রকাশ কৰাৰ নির্দেশনা দিয়াত অসমীয়া ভাষাটোৰ মৰ্যাদা ক'ত থাকিব। ইংৰাজী অসমীয়াৰ মাতৃভাষা নেকি বুলি প্রশ্ন কৰে সভাপতিগৰাকীয়ে। 


চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত ভৰি মচা কাপোৰ হ'ল বুলি উল্লেখ কৰি ড° গোস্বামীয়ে কয় যে যিখন পত্র গৃহ ৰাজনৈতিক বিভাগৰ সচিবগৰাকীয়ে প্রশাসনীয় জ্যেষ্ঠসকললৈ দিছিল সেইখন দেখি আমি হতভম্ব হৈছোঁ। প্ৰশাসনীয় জ্যেষ্ঠ সচিবগৰাকীয়ে দিয়া চিঠিখন মই পঢ়ি বুজি নাপাই এগৰাকী সম্পাদকক বুজাই দিবলৈ ক'বলগীয়া হ'ল। অসমৰ ৰাইজৰ মৰ্মবেদনা স্বকুল গৌৰৱৰ জীয়া অনুভূতি এইসকলৰ কেতিয়া জাগ্ৰত হ'ব? ওখ মন উদাৰ হৃদয়, ভাগৱত ঐশ্বৰ্য এইসকলৰ হৃদয়ত কেতিয়া স্থাপিত হ'ব বুলি উল্লেখ কৰি বিবৃতিযোগে কয় যে ৰাজ্যিক কেবিনেটৰ কুকুহা কৰা ৰাজনৈতিক বিভাগৰ ওপৰত চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিব?




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অভিযানত কাম কৰি আছে দেশৰ উদ্যোগপতিয়ে, দেশত ১২ লাখ কোটি বিনিয়োগ কৰিব আদানিয়ে
তিৰুপতি মন্দিৰত ৫৪ কোটিৰ শ্বল কেলেংকাৰি, ছিল্কৰ পৰিৱৰ্তে যোগান ধৰিছিল পলিয়েষ্টাৰ সামগ্ৰী
পুনৰ জনমত অসমক জন্ম ঠাই হিচাপে বাছি ল'ব ছনু নিগমে
চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰৰ বিষয়ত ড° বসন্ত কুমাৰ গোস্বামী, অসমীয়াৰ লগতহে ইংৰাজী ব্যৱহাৰ কৰিব লাগে
শ্বহীদৰ প্ৰতি সন্মান জনাই উন্মোচিত হ’ল লেখক মলয় বৰুৱাৰ পঞ্চমখন গ্ৰন্থ ‘শ্বহীদ প্ৰণামো তোমাক’
দীপাৱলীক মানৱ জাতিৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য ঘোষণা
জেমছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে আৱিষ্কাৰ 'অলকানন্দা' তাৰকাৰাজ্য
আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস ; এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি
প্ৰসংগঃ গোৱা চিলিণ্ডাৰ বিস্ফোৰণ ; ক্লাবৰ মালিকক গ্ৰেপ্তাৰ, এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু
ছিপাঝাৰত ভাৰতীয় যুৱ মৰ্চাৰ শ্বহীদ প্ৰণামো অনুষ্ঠান ; শ্ৰদ্ধা নিবেদন অসম আন্দোলনৰ অমৰ শ্বহীদক
ইমৰান খানক 'মানসিকভাৱে অসুস্থ' আখ্যা পাকিস্তানী সেনাৰ
বিশ্ব জয় কৰি নিজ গৃহত উপস্থিত ভাৰতীয় দলৰ খেলুৱৈ চিমু দাস
বাংলাদেশ দখল কৰিব জামাত-এ-ইছলামীয়ে!
পাহৰণি গৰ্ভত Greetings Card ! যান্ত্ৰিকতাই যেন কাঢ়ি নিছে মানুহৰ মাজৰ ঐক্যতা