--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কালি এক বিবৃতিযোগে সভাপতিগৰাকীয়ে কয় যে ১৯৬০ চনৰ প্রশাসনীয় ভাষা আইনখন অৱশেষত চৰকাৰৰ কৃপাধন্য হ'ল।

ডিজিটেল ডেস্ক: অসম চৰকাৰী ভাষা আইন ১৯৬০ৰ সঠিক ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰাৰ পাছতো সঠিক ৰূপায়ণ নোহোৱাত প্রতিক্রিয়া প্রকাশ কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। 


কালি এক বিবৃতিযোগে সভাপতিগৰাকীয়ে কয় যে ১৯৬০ চনৰ প্রশাসনীয় ভাষা আইনখন অৱশেষত চৰকাৰৰ কৃপাধন্য হ'ল। সেয়ে যোৱা ১৪ এপ্ৰিলৰ পৰা চৰকাৰে অধিসূচনা ইংৰাজীৰ লগতে অসমীয়া ভাষাতো প্ৰকাশ কৰাৰ নিৰ্দেশ দিছিল। 


সাহিত্য সভাৰ সভাপতি ড° গোস্বামীয়ে কয় যে চৰকাৰে অধিসূচনাখনত অসমীয়াৰ লগতে ইংৰাজী ভাষাত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিব লাগিছিল। তাকে নকৰি অধিসূচনাখনত ইংৰাজীৰ লগতে অসমীয়া ভাষাতো প্রকাশ কৰাৰ নির্দেশনা দিয়াত অসমীয়া ভাষাটোৰ মৰ্যাদা ক'ত থাকিব। ইংৰাজী অসমীয়াৰ মাতৃভাষা নেকি বুলি প্রশ্ন কৰে সভাপতিগৰাকীয়ে। 


চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত ভৰি মচা কাপোৰ হ'ল বুলি উল্লেখ কৰি ড° গোস্বামীয়ে কয় যে যিখন পত্র গৃহ ৰাজনৈতিক বিভাগৰ সচিবগৰাকীয়ে প্রশাসনীয় জ্যেষ্ঠসকললৈ দিছিল সেইখন দেখি আমি হতভম্ব হৈছোঁ। প্ৰশাসনীয় জ্যেষ্ঠ সচিবগৰাকীয়ে দিয়া চিঠিখন মই পঢ়ি বুজি নাপাই এগৰাকী সম্পাদকক বুজাই দিবলৈ ক'বলগীয়া হ'ল। অসমৰ ৰাইজৰ মৰ্মবেদনা স্বকুল গৌৰৱৰ জীয়া অনুভূতি এইসকলৰ কেতিয়া জাগ্ৰত হ'ব? ওখ মন উদাৰ হৃদয়, ভাগৱত ঐশ্বৰ্য এইসকলৰ হৃদয়ত কেতিয়া স্থাপিত হ'ব বুলি উল্লেখ কৰি বিবৃতিযোগে কয় যে ৰাজ্যিক কেবিনেটৰ কুকুহা কৰা ৰাজনৈতিক বিভাগৰ ওপৰত চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিব?




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?