--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যকৃত সুস্থ কৰি ৰাখিবলৈ আমি প্ৰয়োজনীয় খাদ্য খোৱাতো অত্যন্ত জৰুৰী। নহ'লে দেহত ভিন্ন বেমাৰে দেখা দিব।

ডিজিটেল ডেস্ক : যকৃত আমাৰ শৰীৰৰ এনে এক বিশেষ অংগ যিয়ে বিষাক্ত পদাৰ্থ আঁতৰোৱা, হজম শক্তি উন্নত কৰাত আৰু দিনে নিশাই শক্তি বজাই ৰখাত সহায় কৰে। কিন্তু আমি প্ৰায়ে ইয়াৰ স্বাস্থ্যক আওকাণ কৰোঁ।


সত্যটো হ’ল বয়স বৃদ্ধিৰ লগে লগে যদি আপোনাৰ যকৃতটো সুস্থ হৈ থকাটো বিচাৰে তেন্তে আজিৰ পৰাই সঠিক খাদ্যৰ বাবে প্ৰস্তুত কৰাটো অত্যন্ত জৰুৰী কাম ।


যকৃত সুস্ত কৰি ৰাখিবলৈ আমি প্ৰয়োজনীয় খাদ্য খোৱাতো অত্যন্ত জৰুৰী। নহলে দেহত ভিন্ন বেমাৰে দেখা দিব। কিছুমান খাদ্যৰ সেৱনৰ ফলত আমি আমাৰ যকৃত সুস্থ কৰি ৰাখিব পাৰো-


নহৰু: নহৰুত থকা চালফাৰ যৌগবোৰে যকৃতৰ বিষমুক্ত কৰাত সহায় কৰে। ই এনজাইম সক্ৰিয় কৰে, যিয়ে শৰীৰৰ পৰা বিষাক্ত উপাদান আঁতৰাই পেলায়। প্ৰতিদিনে নহৰুৰ এটা কলি ৰাতিপুৱা খালে বৃহৎ লাভ বুলি কব পাৰি ।


হালধি : হালধিক প্ৰাকৃতিক ডিটক্স এজেণ্ট বুলি গণ্য কৰা হয়। ইয়াত থকা কাৰকুমিনে যকৃতৰ কোষক প্ৰদাহ আৰু অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰে। দৈনিক কুহুমিয়া পানী বা গাখীৰত হালধি সেৱন কৰাটো যকৃতৰ বাবে উপকাৰী ।


আমলখি: ভিটামিন চি সমৃদ্ধ আমলাই যকৃত পৰিষ্কাৰ কৰি ৰখাত আৰু ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত অতি ফলপ্ৰসূ। ইয়াৰ উপৰিও লিভাৰ মেৰামতি প্ৰক্ৰিয়াও ক্ষিপ্ৰ কৰে। কেঁচাকৈ, ৰস বা গুড়িৰ ৰূপত খাব পাৰে।


সেউজীয়া শাক -পাচলি: পালেং শাক,মিঠি শাক, সৰিয়হ শাক আদি লিভাৰ ৰ বাবে পুষ্টি যোগোৱা খাদ্য । এইবোৰে পিত্তৰ প্ৰবাহ বৃদ্ধি কৰে, যাৰ ফলত শৰীৰৰ পৰা অশুদ্ধি আঁতৰাই যকৃতৰ ওপৰত বোজা কমি যায়।


আখৰোটঃ আখৰোটত থকা ওমেগা-৩ ফেটি এচিড আৰু গ্লুটাথাইয়নে যকৃতৰ বিষমুক্ত কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই ফেটি লিভাৰৰ সমস্যাৰ পৰাও ৰক্ষা কৰে। প্ৰতিদিনে এমুঠি আখৰোট খালে লিভাৰৰ বাবে ই উপকাৰি হয়।


গ্ৰীণ টিঃ গ্ৰীণ টিত থকা কেটেচিনে যকৃতৰ চৰ্বিৰ বিপাকীয় প্ৰক্ৰিয়া উন্নত কৰে। ই যকৃতক বেয়া হোৱাৰ পৰা ৰক্ষা কৰি দীৰ্ঘদিনলৈ সুস্থ কৰি ৰাখে। দিনটোত ১-২ কাপ গ্ৰীণ টি খালেই যথেষ্ট।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ